ETV Bharat / state

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজে পাতিলে ভেকুলীৰ বিয়া

author img

By

Published : Aug 12, 2021, 3:03 PM IST

আয়তিৰ উৰুলিৰে উদুলি মুদুলি বিয়া ঘৰৰ পদুলি ৷ দৰা ঘৰীয়া সাজু হৈছে ন কইনাক আদৰিবলৈ ৷ ইফালে কইনা ঘৰীয়াৰ গাত নাই তত ৷ আইহঁতৰ মুখত বিয়া নাম ৷ কোনোৱে যদি পানী তুলিবলৈ গৈছে, আনফালে আকৌ পৰম্পৰাগত ৰীতি-নীতিৰে দৰা-কইনাক গা ধুৱাবলৈ সাজু হৈছে আনসকল মহিলা ৷

Frog weeding in dibrugarh
বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ডিব্ৰুগড়ৰ ৰাইজে পাতিলে ভেকুলীৰ বিয়া

মৰাণ, 8 আগষ্ট : বৰষুণৰ অভাৱত এতিয়া কৃষক ৰাইজে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । বৰষুণ নোহোৱাৰ ফলতে শাওনৰ বতৰতো পথাৰত মেলিছে ছিৰাল ফাঁট । বৰষুণৰ অভাৱত পথাৰত চন পৰি ৰৈছে বহু হাজাৰ কৃষিভূমি । যাৰ ফলত এই ভৰ শাওনৰ সময়ত কৃষকসকলে পথাৰত ব্যস্ত হোৱাৰ পৰিৱৰ্তে ছিৰাল ফাঁট মেলা পথাৰলৈ চাই মূৰে কপালে হাত দিবলগীয়া হৈছে ।

আনকি হাল বাব নোৱাৰাৰ বাবে পাৰি থোৱা কঠিয়া কেইডালো নষ্ট হৈ পৰাত উপায়ন্তৰ কৃষকে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ পাতিলে ভেকুলীৰ বিয়া ৷ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ডিব্ৰুগড় মদাৰখাট হাটখোলা গাঁৱৰ ৰাইজে সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি পাতিছে ভেকুলীৰ বিয়া ৷ লোকবিশ্বাস অনুসৰি ভেকুলী বিয়া পাতিলে ধৰিত্ৰীৰ বুকুলৈ বৰষুণ নামে ৷

লোকবিশ্বাস অনুসৰিয়ে কৃষক ৰাইজে পালন কৰি আহিছে ভেকুলী বিয়া ৷ হাটখোলা গাঁৱৰ মহিলাসকলে ঢোলে-দগৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে তিনিদিনীয়াকৈ আয়োজন কৰিছে ভেকুলীৰ বিয়া । উল্লেখ্য যে, অনাবৃষ্টিৰ সময়ত মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে । তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলীৰ বিয়া অন্যতম ।

লগতে পঢ়ক: অৱশেষত মুখ খুলিলে বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে

অসমীয়া বিবাহ উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণৰ বাবে প্ৰাৰ্থনা কৰে ৷ ভেকুলীৰ বিয়া পাতিবলৈ জ্যোতিষীৰ দ্বাৰা নিদিৰ্ষ্ট দিন ধাৰ্য কৰা দেখা যায় । বিয়ালৈ ২/৩ দিন থাকোতে দুটা খহুৱা ভেকুলী ধৰি এজনী কইনা আৰু এটাক দৰা পাতি বিয়াৰ আয়োজন কৰা হয় ৷ নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মেৰে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল, তাল আদি বজাই গাঁও ফুৰায় । শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে।

উল্লেখ্য যে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, এইবাৰ ৰাজ্যৰ বিভিন্ন জিলাত ৫৫ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে বৃষ্টিপাত । আনহাতে ৰাজ্যত এইবাৰ সামগ্ৰিকভাৱে বৰষুণৰ পৰিমাণ ১৯ শতাংশ হ্ৰাস পাইছে । তথ্য অনুসৰি মৌচুমীৰ সময়ত অসমত স্বাভাৱিক অৱস্থাত ৭৪২.৩ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যত ৫৯৭.৭ মিলিমিটাৰ হে বৰষুণ হৈছে ।

লগতে পঢ়ক: লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.