ETV Bharat / bharat

আজি বিশ্ব হস্তী দিৱস

author img

By

Published : Aug 12, 2021, 11:30 AM IST

2017 চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল । সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ 30 হাজাৰ হাতী আছিল ৷

World Elephant Day
আজি বিশ্ব হস্তী দিৱস

নিউজ ডেস্ক, 12 আগষ্ট : আজি বিশ্ব হস্তী দিৱস । বিশ্বত হাতীৰ সুৰক্ষা, সংবৰ্ধন আৰু হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে 2012 ৰ পৰা প্ৰতি বছৰে 12 আগষ্টৰ দিনটোত আয়োজন কৰি অহা হৈছে বিশ্ব হস্তী দিৱস । বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আয়োজন কৰা হয় দিনটো ।

বৰ্তমান হাতী আৰু মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী মানুহৰ মাজত আছিল এক নিবিড় সম্পৰ্ক ৷ 2017 চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল । সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ 30 হাজাৰ হাতী আছিল ৷ কিন্তু ক্ৰমশঃ এই সংখ্যা হ্ৰাস পাই আহিছে । ভাৰতত হাতীৰ মৃত্যুৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে কেৰালাত । আনহাতে হাতী-মানুহৰ সংঘাতৰ ফলতো কেইবা হাজাৰ মানুহৰ মৃত্যু হৈছে।

উল্লেখ্য যে, ভাৰতত বন্যপ্ৰাণী হত্যা কৰাটো এক অপৰাধ । কিন্তু এই বন্যপ্ৰাণী সুৰক্ষা আইনখন এতিয়াও ভাৰতত কঠোৰভাৱে ৰূপায়ণ কৰা হোৱা নাই । তদুপৰি বনাঞ্চল ধ্বংসযজ্ঞ হাতীৰ সংখ্যা হ্ৰাস পোৱাৰ অন্যতম কাৰণ ৷ বনাঞ্চল হ্ৰাস পাই অহাৰ বাবে বহু সময়ত খাদ্যৰ অভাৱত হাতীৰ মৃত্যু হোৱাৰ লগতে জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলত মানুহৰ লগত সংঘাতৰ সৃষ্টি হৈও মৃত্যুমুখত পৰে বহু হাতী ৷

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.