ETV Bharat / state

গুপ্ত ঘাতকৰ বলি ডাঃ ধৰণীধৰ দাসক স্মৰণ

author img

By

Published : Aug 12, 2021, 2:11 PM IST

Updated : Aug 12, 2021, 3:02 PM IST

১৯৯৮ চনৰ ১১ আগষ্ট, এটা অভিশপ্ত দিন । একেটা পৰিয়ালৰে ৪ জনকৈ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল গুপ্তঘাতকে । আলোচনাপন্থী আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ জ্যেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাসৰ লগতে পৰিয়ালটোৰ আন তিনিজন সদস্যই প্ৰাণ হেৰুৱাইছিল গুপ্তঘাতকৰ গুলীত । ডাঃ ধৰণীধৰ দাসৰ স্মৃতিত তেওঁৰ ২৩ সংখ্যক মৃত্যু বাৰ্ষিকীত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত বাক্সা প্ৰেছ ক্লাবত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Nalbari Sahitya Sabha remembers dr Dharanidhar Das
বাক্সাৰ বৰমাত ডা০ ধৰণীধৰ দাসৰ স্মৃতি দিৱস পালন

বাক্সা, ১২ আগষ্ট: বুধবাৰে বাক্সা প্ৰেছ ক্লাবত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত ডাঃ ধৰণীধৰ দাসৰ স্মৃতি দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত উপস্থিত থাকি বহুজনে ২৩ সংখ্যক মৃত্যু দিৱস উপলক্ষে সাহিত্যক তথা কবি ডাঃ ধৰণীধৰ দাসলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ ১৯৯৮ চনৰ ১১ আগষ্টত গুপ্তঘাতকে গুলীয়াই হত্যা কৰিছিল আলোচনাপন্থী আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ জ্যেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাসৰ লগতে তেওঁ পৰিয়ালৰ আন ৪ গৰাকী সদস্যক । বাক্সা জিলাৰ নিজজুলুকীস্থিত ধৰণীধৰ দাসৰ সেই ঘৰখনত এতিয়া মৰিশালী সদৃশ পৰিৱেশ ।

সেই অভিশপ্ত নিশাৰ সাক্ষ্য বহন কৰি আছে বাসগৃহৰ বেৰত লাগি থকা তেজৰ চেকুৰাবোৰে । এ কে ৪৭ ৰাইফলৰ গুলীৰে ৪ গৰাকী লোকৰ বুকু ভেদিছিল উক্ত নিশা । বন্দুকৰ গুলীয়ে কৰা বিন্ধাবোৰ এতিয়াও স্পষ্ট হৈ আছে বাসগৃহৰ দেৱালত । আনহাতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সোঁহাতস্বৰূপ মিথিংগা দৈমাৰী সংগঠনটোৰ প্ৰচাৰ সচিব আছিল ।

সেয়াই অপৰাধ আছিল সাহিত্যক, চিকিৎসক, সমাজকৰ্মী ডাঃ ধৰণীধৰ দাসৰ পৰিয়ালৰ ৷ ১৯৯৮ চনৰ ১১ আগষ্টৰ নিশা আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে গুপ্তঘাতকে নিজৰ ঘৰতে গুলীয়াই হত্যা কৰিলে পৰিয়ালটোৰ ৪ গৰাকী সদস্যক । গুপ্তঘাতকৰ গুলীত প্ৰাণ হেৰুৱাইছিল আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ মাতৃ ফুলেশ্বৰী দাস, জ্যেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাস, পত্নী ৰূপজ্যোতি শইকীয়া আৰু ভগ্নী লতিকা কছাৰীয়ে ৷

বছৰৰ পিছত বছৰ পাৰ হৈ যোৱাৰ পাচতো উচিত শাস্তি নাপালে ডাঃ ধৰণীধৰ দাসৰ লগতে আন সদস্যসকলৰ হত্যাকাৰীয়ে ৷ চৰকাৰে অনুসন্ধানৰ নামত কেইবাখনো আয়োগ গঠন কৰিছিল যদিও এখনো আয়োগৰ প্ৰতিবেদন আজিলৈ দাখিল কৰা হোৱা নাই ৷ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদকৰ পদ অলংকৃত কৰা প্ৰয়াত ধৰণীধৰ দাসৰ স্মৃতিত প্ৰতি বছৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত স্মৃতি দিৱস পালন কৰা হয় । এইবাৰো অনুষ্টুপীয়াকৈ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ধৰণীধৰ দাসৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । বৰমাত ধৰণীধৰ দাসৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এটা প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে কাম আগবঢ়াব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা সভাখনত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তুলসী মানস ৰাভা, অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত কুমাৰ বৰ্মন, জ্যেষ্ঠ নাগৰিক নৰেন ডেকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ডাঃ ধৰণীধৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ।

লগতে পঢ়ক:এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে HSLC পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ

Last Updated : Aug 12, 2021, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.