ETV Bharat / state

এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে HSLC পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ

author img

By

Published : Aug 12, 2021, 11:34 AM IST

admission problem
নামভৰ্তিত সমস্য়া

মৰিয়নীৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়(Nakachari Sr Secondary School)ত উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ নামভৰ্তিক লৈ হাহাকাৰ ৷ এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হোৱাৰ বাবে নামভৰ্তিৰ আসনৰ অভাৱ হৈছে ৷ যাৰ ফলস্বৰূপে নামভৰ্তি নকৰাকৈ ঘৰলৈ উভতিবলগা হৈছে বহু শিক্ষাৰ্থী ৷

যোৰহাট, 12 আগষ্ট : চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) অনুষ্ঠিত নকৰাকৈ মূল্যাংকনৰ জৰিয়তে শিক্ষাৰ্থীসকল উত্তীৰ্ণ হৈছে যদিও সম্প্ৰতি অন্য এক সমস্যাই দেখা দিছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৷ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হোৱাৰ ফলত মহাবিদ্যালয়সমূহত নামভৰ্তিৰ ক্ষেত্ৰত দেখা দিছে সমস্যাই ।

ইয়াৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱন সমাপ্তিৰ দিশে আগবঢ়াৰ আশংকাই দেখা দিছে ৷ মৰিয়নীৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়(Nakachari Sr Secondary School)ত উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি কৰিবলৈ গৈ মনোপথেৰে উভতিব লগা হয় 300ৰো অধিক ছাত্ৰ- ছাত্ৰী ।

নামভৰ্তিত সমস্য়া

দৰিদ্ৰ সীমাৰেখাৰ তলৰ তথা অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ ওচৰতে থকা মাধ্যমিক বিদ্যালয়খনত নামভৰ্তিৰ বাবে গৈছিল যদিও সেয়া সম্ভৱ হৈ হৈ নুঠিল ৷ ৰাজ্যৰ শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰিছে যদিও সেই অনুপাতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি অভাৱৰ ফলত নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাত ভুগিছে ছাত্ৰ-ছাত্ৰীসকল ৷

লগতে পঢ়ক : অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্বত নৱ শৰণীয়া !

ছাত্ৰ-ছাত্ৰীসকলক লৈ অভিভাৱক চিন্তিত হোৱাৰ বিপৰীতে শিক্ষা বিভাগৰ এনে স্বৈৰচাৰিতাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আদিবাসী ছাত্ৰ সন্থা(ASU) । বুধবাৰে নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক এক স্মাৰক পত্ৰ প্ৰদান কৰি ৰৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলক মাধ্যমিক বিদ্যালয়খনত নামভৰ্তি কৰিবৰ বাবে অনুৰোধ জনায় ASU ই ।

লগতে শীঘ্ৰেই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিবৰ বাবে শিক্ষা বিভাগক দাবী জনায় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধান নহ’লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ শিক্ষা বিভাগে সময়ৰ শৰ সময়ত মাৰিব নোৱাৰাৰ বাবেই আজি সমস্যাত ভূগিছে ৰাজ্যৰ শিক্ষাৰ্থীসকল ৷

লগতে পঢ়ক : গোলাঘাটত বক্সিং ষ্টেডিয়াম বিচাৰি ক্ৰীড়া মন্ত্ৰীলৈ চিঠি অজিত ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.