ETV Bharat / state

গোলাঘাটত বক্সিং ষ্টেডিয়াম বিচাৰি ক্ৰীড়া মন্ত্ৰীলৈ চিঠি অজিত ভূঞাৰ

author img

By

Published : Aug 11, 2021, 10:54 PM IST

গোলাঘাটত এখন অত্যাধুনিক বক্সিং ষ্টেডিয়াম নিৰ্মাণৰ বাবে ক্ৰীড়া মন্ত্ৰী গৰাকীক অনুৰোধ জনাই এখন চিঠি প্ৰেৰণ কৰিছে ৰাজ্যৰ সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷

ajit kumar bhuyan letter to sports minister
ক্ৰীড়া মন্ত্ৰীলৈ চিঠি ৰাজ্যৰ সভাৰ সাংসদ অজিত ভূঞাৰ

গুৱাহাটী, ১১ আগষ্ট : অসমকন্যা লাভলীনাক লৈ এতিয়া অসমবাসীৰ উছাহৰ অন্ত নাই । বৃহস্পতিবাৰে মাতৃ ভূমি অসমত আহি উপস্থিত হ'বলগীয়া লাভলীনা বৰগোহাঁইক আদৰিবলৈ ৰাজ্যত চলিছে অবিৰাম প্ৰস্তুতি । ইয়াৰ মাজতেই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ ঠাকুৰলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ।

পত্ৰখনত সাংসদ গৰাকীয়ে লাভলীনাৰ গৃহ জিলা গোলাঘাটত এখন অত্যাধুনিক বক্সিং ষ্টেডিয়াম নিৰ্মাণৰ বাবে ক্ৰীড়ামন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে । লাভলীনাই ভাৰতৰ লগতে অসমলৈও যি সুনাম আৰু গৌৰৱ কঢ়িয়াই আনিলে তাৰ প্ৰতি সন্মান জনাই এই ষ্টেডিয়ামখন এক উপহাৰ স্বৰূপ হ'ব পাৰে বুলিও সাংসদ গৰাকীয়ে পত্ৰখনত উল্লেখ কৰে ।

ajit kumar bhuyan letter to sports minister
ক্ৰীড়া মন্ত্ৰীলৈ চিঠি ৰাজ্যৰ সভাৰ সাংসদ অজিত ভূঞাৰ

লগতে পঢ়ক: বিনেশ ফোগাটক নিলম্বন ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ

এনে এখন ষ্টেডিয়ামে সমগ্ৰ উজনি অসমৰ উদীয়মান বক্সিং খেলুৱৈ সকলৰ এক দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিব বুলিও আশা প্ৰকাশ কৰে সংসদ গৰাকীয়ে ।

উল্লেখ্য যে, অসমৰ দুৰ্বল ক্ৰীড়া আন্তঃগাঁঠনিক লৈ বিভিন্ন সময়ত সচতেন মহলে প্ৰশ্ন উত্থাপন কৰে ৷ ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত একাংশ সচেতন লোকে অভিযোগ কৰা মতে ৰাজ্যত এতিয়াও আশা কৰিব পৰাকৈ ক্ৰীড়াৰ আন্তঃগাঁঠনি গঢ়লৈ উঠা নাই ৷ যাৰ বাবে বিভিন্ন সময়ত খেলাৰ স্পৃহা থাকিও পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধাৰ অভাৱত এটা স্থানত ৰৈ যাবলগীয়া হয় ৰাজ্যৰ যুৱক-যুৱতী সকল ৷

লগতে পঢ়ক: নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.