ETV Bharat / state

অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্বত নৱ শৰণীয়া !

author img

By

Published : Aug 11, 2021, 10:41 PM IST

অখিলৱ গগৈ নপতিল ! বংগৰ ৰাণীৰ বৈঠক এইবাৰ নৱ শৰণীয়াৰ সৈতে ৷ অসমত তৃণমূল কংগ্ৰেছৰ ধ্বজা উৰুৱাৰ দায়িত্ব ল'ব পাৰে নৱ শৰণীয়াই ৷

charge of Trinamool Congress in Assam
অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্বত নৱ শৰণীয়া !

গুৱাহাটী, ১১ আগষ্ট : মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ ধ্বজা অসমত উৰুৱাব কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই ! ৰাজনীতিত অসম্ভৱ বুলি কোনো কথা নাই । মাত্ৰ কেইদিনমান পূৰ্বে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক কলকাতালৈ আমন্ত্ৰণ কৰি নিছিল মমতা বেনাৰ্জীয়ে ।

বিধায়কগৰাকীক প্ৰস্তাৱ দিয়া হৈছিল যে ৰাইজৰ দল তৃণমূল কংগ্ৰেছৰ সৈতে চামিল হ'ব লাগে আৰু তেওঁ তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ল'ব লাগে । কলকাতাৰ পৰা ঘূৰি আহিয়েই অখিল গগৈয়ে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে এই বুলিও জানিবলৈ দিছিল যে, মমতা বেনাৰ্জীৰ সেই প্ৰস্তাৱ তেওঁ বিনয়ৰে প্ৰত্যাখান কৰিছে ।

লগত পঢ়ক : বিধানসভাতেই কথাৰ কটাকটি মুখ্যমন্ত্ৰী-অখিল গগৈৰ

সেই ঘটনাৰ পিছতে শেহতীয়াকৈ পোহৰলৈ আহিছে তৃণমূলৰ ৰাজনীতি কেন্দ্ৰিক আন এক নতুন সমীকৰণ । সেই অনুসৰি সকলো যদি ঠিকে ঠাকে থাকে তেন্তে খুব সোনকালেই অসমত তৃণমূল কংগ্ৰেছৰ মূল কাণ্ডাৰী হ'ব পাৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া । কিয়নো অখিল গগৈৰ দৰে অনুৰূপ প্ৰস্তাৱ আগবঢ়োৱা হৈছে সাংসদ গৰাকীক ।

ইতিমধ্যে নৱ শৰণীয়া আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ মাজত কেইবা লানিও আলোচনা অনুষ্ঠিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি সাংসদ গৰাকীয়েও এই ক্ষেত্ৰত তেওঁৰ ফালৰ পৰা সেউজ সংকেত দিছে । গতিকে সমীকৰণ যদি শুদ্ধ হয় তেন্তে খুব সোনকালেই অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্বত দেখা যাব নৱ শৰণীয়াক ।

লগতে পঢ়ক: শান্তিৰ অসমত ১৯,১৪৫ গৰাকী লোকৰ হাতত আছে মাৰণাস্ত্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.