ETV Bharat / state

বিশ্ব হস্তী দিৱস : মানাহত হাতীৰ বাবে আয়োজন প্ৰীতি ভোজ

author img

By

Published : Aug 12, 2021, 6:15 PM IST

প্ৰতিবছৰে 12 আগষ্ট দিনটো বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ 12 আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে মানহ ৰাষ্ট্ৰীয় উদ্যানতো উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস ৷ য’ত প্ৰথমবাৰৰ বাবে হাতীৰ বাবে ৰখা হয় এক প্ৰীতি ভোজৰ অনুষ্ঠান ৷

world elephant day
মানাহত হাতীৰ বাবে ৰখা হয় প্ৰীতি ভোজৰ অনুষ্ঠান

বাক্সা, 12 আগষ্ট : 2012 চনৰ পৰা সমগ্ৰ বিশ্বতে প্ৰতিবছৰে 12 আগষ্টৰ দিনটো বিশ্ব হস্তী দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বৃহস্পতিবাৰে উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস ।

উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পত উদযাপন কৰা হয় এই দিৱসৰ কাৰ্যসূচী ৷ বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানতে হাতীৰ বাবে আয়োজন কৰা হয় এক বিশাল ভোজৰ অনুষ্ঠান ৷ য’ত উদৰ পোৰাই হাতীক খাবলৈ দিয়া হয় ফল-মূল ৷ লগতে মাউত সকলৰ বাবেও ৰখা হয় এক তৃপ্তিৰ ভোজ ৷ আনকি এই অনুষ্ঠানতে মাউত সকলক দিয়া হয় একোটাকৈ চোলা ৷

উক্ত কাৰ্যসূচীত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মাই উল্লেখ কৰা অনুসৰি, মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ৪৯ টা হাতী আছে ৷

মানাহত হাতীৰ বাবে ৰখা হয় প্ৰীতি ভোজৰ অনুষ্ঠান

লগতে পঢ়ক : বিশ্ব হস্তী দিৱস উপলক্ষে ফটোৰ সৈতে কিছু তথ্য

উল্লেখ্য যে, বৰ্তমান হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী মানুহৰ মাজত আছিল এক নিবিড় সম্পৰ্ক ৷ 2017 চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল । সেই গণনা অনুসৰি ভাৰতত মুঠ 30 হাজাৰ হাতী আছিল ৷ কিন্তু ক্ৰমশঃ এই সংখ্যা কিছু হ্ৰাস পাইছে ।

ভাৰতত হাতীৰ মৃত্যুৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে কেৰালাত । আনহাতে, হাতী-মানুহৰ সংঘাতৰ ফলতো বহু সংখ্যক মানুহৰো মৃত্যু হৈছে ৷

লগতে পঢ়ক: আজি বিশ্ব হস্তী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.