ETV Bharat / state

মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাঁওখন...

author img

By

Published : Aug 12, 2021, 2:07 PM IST

Updated : Aug 12, 2021, 4:38 PM IST

এখন বিশেষ গাঁও, য’ত প্ৰতিজন ব্যক্তিৰ মৃত্যু পাচত সেই ব্যক্তিজনৰ স্মৃতি জীয়াই ৰখাৰ অৰ্থে তেওঁৰ নামত গছপুলি ৰোপণ কৰে গাঁৱৰ ৰাইজে ৷ এই গছসমূহে প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষা কৰি আহিছে গাঁওখনৰ ৷ কিন্তু ক’ত আছে আছে এই বিশেষ গাঁওখন ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

a-special-village
এখন বিশেষ গাঁও

নলবাৰী, 12 আগষ্ট : এখন বিশেষ গাঁও, য’ত প্ৰতিজন মৃত ব্যক্তিৰ নামত গছপুলি ৰোপণ কৰা হয় ৷ গাঁৱখনত বৰ্তমানেও প্ৰচলিত হৈ আছে 60 বছৰীয়া নীতি-নিয়ম আৰু পৰম্পৰা ৷ নলবাৰী জিলাৰ অন্তৰ্গত কৈঠালকুছিৰ নাকেৰবাৰী(Nakerbari Gaon) নামৰ গাঁওখনত বিগত 60 বছৰ ধৰি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে গাঁৱখনৰ ৰাইজে ৷

গাঁওখনৰ যিজন ব্যক্তিৰ মৃত্যু হয়, সেই ব্যক্তিজনৰ স্মৃতি জীয়াই ৰাখিবলৈ তেওঁৰ নামত গছপুলি ৰোপণ কৰে গাঁওবাসীয়ে ৷ নাকেৰবাৰী গাঁৱৰ মাজেৰে বৈ যোৱা পাগলাদিয়া নৈৰ পাৰৰ মথাউৰিত ৰোপণ কৰা হয় এই বিশেষ গছপুলিসমূহ ৷ বিনা অনুমতিত কোনেও কাটিব নোৱাৰে গছসমূহৰ ডাল ৷ গছপুলি ৰোপণ কৰি মৃত ব্যক্তিৰ স্মৃতি জীয়াই ৰখাৰ লগতে পৰিৱেশকো উপকৃত কৰি আহিছে গাঁৱবাসীয়ে ।

ৰোপণ কৰা গছপুলিসমূহে সময়ৰ লগে লগে একো-একোডাল বৃহৎ আকাৰৰ বৃক্ষৰ ৰূপ লৈ পথচাৰীক ছাঁ প্ৰদান কৰি আহিছে ৷ প্ৰতিবছৰে চৰকাৰে কোটি কোটি টকা ধন খৰচ কৰি গছপুলি ৰোপণ কৰি মাত্ৰ এটা বিশেষ দিনহে পালন কৰা দেখা যায় ৷ কিন্তু নাকেৰবাৰী অঞ্চলৰ ৰাইজে মৃত ব্যক্তিৰ স্মৃতি জীয়াই ৰখাৰ লগতে অঞ্চলটো সেউজীয়া কৰি ৰখাৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাঁওখন...

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিলে এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে

গছ থাকিলেহে মানুহ থাকিব ৷ প্ৰকৃতিৰ সুৰক্ষাৰ নামত এয়া এক সুন্দৰ নিদৰ্শন । সমগ্ৰ বিশ্বতে 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস(World Environment Day) হিচাপে পালন কৰা হয় । এই দিনটোত বিশ্ববাসীয়ে গছপুলি ৰোপণ কৰি বিশেষ দিনটো পালন কৰে । কিন্তু আমাৰ এই পৰিৱেশ আৰু জীৱন-নিৰ্বাহ উপকূল কৰি ৰখাৰ বাবে কেৱল মাত্ৰ এটা বিশেষ দিনৰহে প্ৰয়োজন নেকি ?

যিটো সময়ত বন ধ্বংস যজ্ঞই প্ৰকৃতিক বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে, তেনে সময়তে সকলোৰে বাবে এই গাঁওখনৰ পৰম্পৰা এক আদৰ্শ হৈ পৰিছে ৷ প্ৰকৃতিৰ নামত এটা বিশেষ দিন পালন কৰাৰ বিপৰীতে প্ৰতিদিনে প্ৰকৃতিক সেউজীয়া কৰি ৰখাৰ পন্থা হাতত লোৱা নাকেৰবাৰী গাঁৱৰ ৰাইজৰ কৰণীয় সঁচাকৈয়ে প্ৰশংসনীয় ৷ নাকেৰবাৰীৰ এই পৰম্পৰা সকলোৰে বাবে হওক এক ইতিবাচক আদৰ্শ ৷

লগতে পঢ়ক : কাঠৰ চাইকেল সাজি চৰ্চাত যুৱক

Last Updated :Aug 12, 2021, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.