ETV Bharat / state

টিংখাঙৰ শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ জাতীয় পতাকা

author img

By

Published : Aug 12, 2021, 6:47 PM IST

ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱ প্ৰজন্মৰ শিল্পী । বাঁহ-বেতৰ শিল্পকৰ্মত জড়িত শিল্পীগৰাকীয়ে সাজি উলিয়াইছে বিশেষ ধৰণৰ জাতীয় পতাকা । আনকি তেওঁৰ হাতত প্ৰাণ পাই উঠা বিশেষ জাতীয় পতাকা বিক্ৰী হৈছে ৰাজ্যৰ বিভিন্ন বজাৰত ।

Artist
টিংখাঙৰ শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বাঁহ বেতৰ জাতীয় পতাকা

টিংখাং,১২ আগষ্ট : স্বাধীনতা দিৱসলৈ (Independence day) মাজত মাত্ৰ দুটা দিন বাকী ৷ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনক কেন্দ্ৰ কৰি চৌদিশে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি । ঠায়ে ঠায়ে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলিছে । ৰাজ্যৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে ।

বজাৰতো দেখা গৈছে স্বাধীনতা দিৱসৰ প্ৰভাৱ । জাতীয় পতাকা (National flag) আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰে বজাৰ ভৰিছে । পিছে ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এগৰাকী শিল্পীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

টিংখাঙৰ শালমাৰি দীঘলীয়াৰ দেৱজিৎ চেতিয়াই বাঁহেৰে নিৰ্মাণ কৰি আহিছে বিভিন্ন সামগ্ৰী । কিন্তু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেৱজিৎ চেতিয়াই বাঁহ, বেত আৰু কাঠেৰে প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় পতাকা । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ইতিমধ্যে বাঁহ শিল্পৰে (Bamboo industry) জড়িত শিল্পীগৰাকীয়ে বিক্ৰী কৰিছে এনেধৰণৰ বহু পতাকা ।

টিংখাঙৰ শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বাঁহ বেতৰ জাতীয় পতাকা

বাঁহ, বেতৰ শিল্পকৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰা দেৱজিৎ বিগত ১০ বছৰে বাঁহ বেতৰ শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে । পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন আটকধুনীয়া সামগ্রীও প্ৰস্তুত কৰে শিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ যাদুকৰী হাতত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠৰ বিভিন্ন জীৱ জন্তু ।

ইতিমধ্যে বাঁহ,কাঠ আৰু বেতেৰে সাজি উলিয়াইছে চকী, টেবুল, বিচনা, কাপ, ট্ৰে ,শৰাই ইত্যাদি । দেৱজিতে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ প্ৰদৰ্শনী (Exhibition) সমূহতো অংশগ্ৰহণ কৰি যথেষ্ট সমাদৰ লাভ কৰিছে । অৱশ্যে তেওঁ নিৰ্মাণ কৰা সেই সকলোবোৰ সামগ্ৰীৰ ভিতৰত এতিয়া ব্যতিক্ৰম হৈছে এই ৰাষ্ট্ৰীয় পতাকা ।

লগতে পঢ়ক : গাঁঁওবুঢ়াৰ নিযুক্তিক লৈ তিনিচুকীয়াত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.