ETV Bharat / state

বাবুৰহাটত জব্দ 40 টা গৰু

author img

By

Published : Aug 12, 2021, 4:00 PM IST

য'তে বাঘৰ ভয় তাতে ৰাতি হয় । এই আপ্ত বাক্যশাৰী খাপ খাই পৰিছে বিলাসীপাৰাৰ চোৰাং গৰু ব্যৱসায়ীৰ সৈতে । উদ্দেশ্য আছিল গৌৰাং নৈৰে বাংলাদেশলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰা । কিন্তু আদবাটতে লাগিল অথন্তৰ ।

Cattle seized at Bilashipara
বিলাসীপাৰাৰ বাবুৰহাটত আৰক্ষীৰ অভিযানত জব্দ ৪০ টা গৰু

পশ্চিম বিলাসীপাৰা, ১২ আগষ্ট : ৰাজ্যত গৰুৰ চোৰাং বেহা অথবা চিণ্ডিকেট নচলিব ৷ মুখ্যমন্ত্ৰীয়ে এইদৰে কোৱাৰ পাচতেই তৎপৰ হৈ পৰিল আৰক্ষী প্ৰশাসন ৷ জিলাই জিলাই চলিল অভিযান ৷ জব্দ হ’ল গৰু, আটক হ’ল বহু সৰবৰাহকাৰী তথা মাফিয়া ৷ কিন্তু কথাটো তাতেই শেষ নহ’ল ৷

গৰুৰ চোৰাং বেহা(Cattle Smuggling)ৰ বাবে ন ন উপায় অৱলম্বন কৰে সৰবৰাহকাৰীয়ে । সমানে ক্ষীপ্ৰ হৈছে আৰক্ষীও ৷ বৃহস্পতিবাৰে বিলাসীপাৰাৰ বাবুৰহাটত আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ৰখা ৪০টা গৰু জব্দ কৰে । কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে গৰু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ'ল ।

আৰক্ষী-প্ৰশাসনৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ একাংশ চোৰাং ব্যৱসায়ীয়ে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাত চলাই আছে গৰুৰ চোৰাং বেহা । বৃহস্পতিবাৰে পুৱা গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিলাসীপাৰাৰ বাবুৰহাটত অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে ৪০টা গৰু জব্দ কৰে ।

এই ঘটনাই প্ৰমাণ কৰিছে যে, জিলাখনত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং বেহা । বাবুৰহাটৰ বিভিন্ন প্ৰান্তত মজুত কৰি ৰখা হৈছিল গৰুবোৰ । গৌৰাং নৈৰে বাংলাদেশলৈ ৪০টা গৰু সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল ।

বিলাসীপাৰাৰ বাবুৰহাটত আৰক্ষীৰ অভিযানত জব্দ ৪০ টা গৰু

ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুৰে নাৱেৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ চৰাঞ্চলৰ পৰা গৰুবোৰ সৰবৰাহ কৰা হয় বুলি মহকুমা আৰক্ষীৰ বিষয়াগৰাকীয়ে জানিবলৈ দিছে । কিন্তু এই অভিযানত গৰুৰ চোৰাং বেহাৰে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰিব নোৱাৰাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ।

আৰক্ষীয়ে জনোৱা মতে, গৰুবোৰ ৰখা স্থানৰ সমীপত বাস কৰা কোনো লোকেই গৰুবোৰ প্ৰকৃততে কাৰ সেয়া প্ৰকাশ কৰা নাই । গ্ৰেপ্তাৰ হোৱাৰ শংকাতে তেওঁলোকে মুখ খোলা নাই বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । গৰু ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণকৈ চোৰাং বেহা বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: গুপ্তঘাতকৰ বলি ডাঃ ধৰণীধৰ দাসক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.