ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 30, 2022, 12:57 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Arms recovered at Mazbat : মাজবাটৰ লালপানীত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

অসম আৰক্ষীৰ আন এক সফলতা ৷ এইবাৰ মাজবাটৰ লালপানীত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Arms recovered at Mazbat) ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটা AK47, 6 টা খালী মেগজিন, 620 জাই সজিব গুলী ৷

Cursed Halloween for South Korea : হেলোইন উদযাপনৰ মাজতে ছিউলত ১৫১ গৰাকী লোকৰ মৃত্যু

হেলোইন উদযাপনৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত মৰ্মান্তিক ঘটনা (Accident during Halloween celebration)। দুৰ্ঘটনাত মৃত্যু প্ৰায় ১৫১ গৰাকী লোকৰ । প্ৰায় ৮২ গৰাকী লোক গুৰুতৰভাৱে আহত । মৃতকৰ ভিতৰত ১৯ গৰাকী বিদেশী নাগৰিক । সমগ্ৰ বিশ্বৰ শোক প্ৰকাশ ।

2008 Assam serial blasts : অসমবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত 30 অক্টোবৰৰ ১৪ বছৰ অতিক্ৰম

১৪ বছৰ অতিক্ৰম কৰিলে অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই (Assam serial blasts)। উক্ত দিনটোতে এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল । ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী এতিয়া কাৰাগাৰত ।

Corruption in Majuli IWT : যাত্ৰীৰ জিৰণি গৃহৰ নামত কেলেংকাৰীৰ অভিযোগ

প্ৰকৃততে কি চলি আছে মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগত ? অভিযোগ অনুসৰি, কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰে মিলি লুণ্ঠন অব্যাহত ৰাখিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগত (Allegation of Corruption against IWT) ৷ সাংবাদিকে দুৰ্নীতিৰ কথা সুধিলেই পলাব খোজে অভিযন্তা ৷

G P Singh acquitted: ছেম ষ্টেফৰ্ডৰ হত্যাৰ গোচৰত দোষমুক্ত ঘোষণা Special DGP জি পি সিঙক

তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত হ'ল জি পি সিং (GP Singh acquitted for lack of evidence) । ‘কা’ আন্দোলনত গুলীচালনাত নিহত ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ । ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আছুৰ আহ্বানত চানমাৰিত অনুষ্ঠিত প্রতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া আৰক্ষীৰ গুলীত হাতীগাঁও থানাৰ সমীপত মৃত্যুক সাৱটিছিল ছেম ষ্টেফৰ্ডে (Sam Stafford death)।

Miyan Museum Controversy; অসমীয়া জাতিটোক দুৰ্বল কৰাৰ প্ৰয়াস চলিছে: সঞ্জয় কিষাণ

অসম চৰকাৰৰ অভিলাষী আঁচনি 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ অধীনত মাজুলীত দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কাৰ্যসূচী (Assam Micro Finance Incentive and Relief Scheme) ৷ ৬৯৫ গৰাকী হিতাধীকাৰীৰ মাজত মন্ত্ৰী সঞ্জয় কিষাণে বিতৰণ কৰিলে মাইক্ৰ'ফাইনেঞ্চৰ চেক ।

Pijush Hazarika warns Sherman Ali: পুনৰ জেললৈ যাব লাগিব শ্বেৰমান আলী !

শ্বেৰমান আলীক কঠোৰ সকিয়ণি মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika warns Sherman Ali) । বেছি ওলট-পালট কৰিলে পুনৰ জেললৈ যাবলগীয়া হ'ব পাৰে শ্বেৰমান আলী । তেজপুৰত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।

Conspiracy over Assamese language : বন্ধন বেংকে অগ্ৰাহ্য কৰিলে অসমীয়া ভাষাৰ নথি-পত্ৰ

মেৰাপানীৰ গমাৰিগুৰীত বন্ধন বেংকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক (Locals angry with Bandhan Bank in Gomariguri)। অসমীয়া ভাষাৰ নথি-পত্ৰ গ্ৰহণ নকৰাৰ বাবে বেংকৰ শাখাটোক তীব্ৰ সমালোচনা । এয়া অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰে ৰাইজে ।

Road accident at Samaguri : পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক তপন কুমাৰ বৰা

নগাঁৱত অঘটন ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Samaguri) ৷ এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰা ৷

Micro Finance Relief Scheme: নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

অসম চৰকাৰৰ অভিলাষী আঁচনি 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ অধীনত নগাঁৱত ঋণগ্ৰস্ত হিতাধিকাৰীক সাহায্যৰ চেক বিতৰণ (Assam Micro Finance Incentive and Relief Scheme) ৷ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য চেক বিতৰণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.