ETV Bharat / state

Corruption in Majuli IWT : যাত্ৰীৰ জিৰণি গৃহৰ নামত কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Oct 30, 2022, 12:21 PM IST

প্ৰকৃততে কি চলি আছে মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগত ? অভিযোগ অনুসৰি, কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰে মিলি লুণ্ঠন অব্যাহত ৰাখিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগত (Allegation of Corruption against IWT) ৷ সাংবাদিকে দুৰ্নীতিৰ কথা সুধিলেই পলাব খোজে অভিযন্তা ৷

Allegation of Corruption against IWT
যাত্ৰী জিৰণি গৃহৰ নামত কেলেংকাৰীৰ অভিযোগ

মাজুলী, 30 অক্টোবৰ : আকৌ চৰ্চাত মাজুলী ৷ অভিযোগ অনুসৰি, মাজুলীৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী (Allegation against Corruption in IWT) । ঠিকাদৰৰ লগত মিলি কাৰ্যবাহী অভিযন্তাই লাখে লাখে টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, অফলামুখ ফেৰী ঘাটত নিমাতি আৰু মাজুলী দুয়োপাৰে 1 টাকৈ জিৰণি ঘৰৰ লগতে মাজুলী কমলাবাৰী ফেৰী ঘাটত যাত্ৰী বাবে 1 টা জিৰণি গৃহ নিৰ্মাণৰ নামত আৱণ্টন হৈছিল পুঁজি । সেই আৱণ্টিত জিৰণি ঘৰ কমলাবাৰী ফেৰী ঘাটত নিৰ্মাণ কৰিলে যদিও অফলামুখত দিয়া দুটা জিৰণি ঘৰৰ নিৰ্মাণ কাৰ্য বৰ্তমানলৈকেও হোৱা নাই ৷

কিন্তু নিমাতি আৰু মাজুলী পাৰে নিৰ্মাণ হ’ব লগা জিৰণিৰ নামত বিভাগে পুঁজি ইতিমধ্যে যোৱা মাৰ্চ মাহতে ঠিকাদাৰক মুকলি কৰি দিলে । কিন্তু পুঁজি মুকলি কৰি দিয়াৰ পাচতো বৰ্তমান পৰ্যন্ত এটা ইটাৰ টুকুৰাও পৰা নাই নিমাতি আৰু মাজুলীৰ দুটা পাৰে ৷ এই অভিযোগ তৰিছে মাজুলীৰ একাংশ সচেতন ৰাইজে ৷

আনকি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী কাৰ্যবাহী অভিযন্তা মনো দত্তই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যতেই স্পষ্ট হৈছে ঠিকাদৰ আৰু তেওঁ মিলি আভ্যন্তৰীণ জল পৰিবহন বিভাগত চলোৱা লুণ্ঠনৰাজৰ কথা ৷ ইফালে অফলামুখ ফেৰী ঘাটত কোন জিৰণি ঘৰৰ নিৰ্মাণ কাৰ্য চলোৱা নাই বুলি মন্তব্য কৰে কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীয়ে ।

যাত্ৰী জিৰণি গৃহৰ নামত কেলেংকাৰীৰ অভিযোগ

অন্যহাতে, ফেৰী ঘাটত যাত্ৰীৰ বাবে জিৰণি ঘৰ নথকাৰ হেতুকে ফেৰী যাত্ৰীয়ে আশ্ৰয় ল’ব লগা হয় ফেৰী ঘাটত থকা সৰু সৰু চাহৰ হোটেল কিম্বা গছৰ তলত ৷ ইফালে দক্ষিণপাট পঞ্চায়তৰ আবণ্টিত পুঁজিৰে অফলামুখ ফেৰী ঘাটত যাত্ৰীৰ সুবিধা হোৱাকৈ এটা জিৰণি গৃহ বনাই দিছিল ৷ কিন্তু সেইটো বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগে টিকট ঘৰ হিচাবে ব্যৱহাৰ কৰি আহিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ফেৰী ঘাটত দীৰ্ঘদিনৰ পৰা ব্যৱসায় কৰি অহা এগৰাকী হোটেলৰ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক : Privatization of River Transport: ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল নদী পথ যাতায়াতৰ

কেৱল ফেৰী ঘাটত জিৰণি গৃহ নিৰ্মাণৰ দুৰ্নীতিয়েই নহয়, পোহৰলৈ আহিছে আন এক তথ্যও ৷ এক প্ৰকাৰে ক’ব পাৰি যে, মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগত কেঁচু খান্দোতেই এতিয়া সাপ ওলোৱাৰ উপক্ৰম হৈছে ৷ কিয়নো কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰে এতিয়া বিভাগটোত কেৱল লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

এইবাৰৰ তথ্য অনুসৰি, 2021 চনত 8 ছেপ্টেম্বৰৰ দিনা নিমাতি নাও দুৰ্ঘটনাত পতিত হোৱা টিপকাই নামৰ জাহাজখনৰ মেৰামতি নামত আৱণ্টিত হৈছিল 8 লাখ টকা ৷ সেই টকা যোৱা মাৰ্চ মাহতে মেৰামতি সম্পূৰ্ণ হ’ল বুলি কৈ টকা মুকলি কৰি নিছে বিভাগীয় ঠিকাদাৰে ৷

কিন্তু বিচাৰ্যৰ বিষয় এই যে, নাওখনৰ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাচতো টিপকাই জাহাজখন এবাৰো কিয় চলা নাই নিমাতি আৰু মাজুলীৰ মাজত ! 8 ছেপ্টেম্বৰৰ নিমাতিৰ নৌকা দুৰ্ঘটনাৰ পাচতেই বৰ্তমান পৰ্যন্ত টিপকাই জাহাজখন অন্তৰ্ধান হৈ পৰিছে ৷

আনহাতে, এই মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগত সংঘটিত হৈ থকা সমগ্ৰ অভিযোগ সন্দৰ্ভত সংবাদিকে প্ৰশ্ন কৰিছিল বিভাগৰ অধ্যক্ষ পাৰ্থ পেগুক ৷ কিন্তু এই বিষয়ে জ্ঞাত নহয় বুলিহে মন্তব্য কৰে বিভাগৰ অধ্যক্ষগৰাকীয়ে ৷ সেয়ে উত্থাপিত হোৱা সকলো অভিযোগৰ উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধ্যক্ষ পাৰ্থ পেগুৱে ৷

এতিয়া মাথো অপেক্ষাত সকলো ৷ মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগত দীৰ্ঘদিনে সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত বিভাগে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : Govt employee sent to 5 days custody: কে কে শৰ্মাক পাঁচদিনৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.