ETV Bharat / state

Miyan Museum Controversy; অসমীয়া জাতিটোক দুৰ্বল কৰাৰ প্ৰয়াস চলিছে: সঞ্জয় কিষাণ

author img

By

Published : Oct 30, 2022, 11:55 AM IST

minister-sanjoy-kishan-rolls-out-micro-finance-relief-scheme-in-majuli
মিঞা মিউজিয়াম নিৰ্মাণৰ জৰিয়তে অসমীয়া জাতিটোক দুৰ্বল কৰাৰ প্ৰয়াস চলিছে: সঞ্জয় কিশান

অসম চৰকাৰৰ অভিলাষী আঁচনি 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ অধীনত মাজুলীত দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কাৰ্যসূচী (Assam Micro Finance Incentive and Relief Scheme) ৷ ৬৯৫ গৰাকী হিতাধীকাৰীৰ মাজত মন্ত্ৰী সঞ্জয় কিষাণে বিতৰণ কৰিলে মাইক্ৰ'ফাইনেঞ্চৰ চেক ।

মাজুলী, 30 অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ'ফাইনেঞ্চৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল । 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি' (AMFIRS) অধীনত মাইক্ৰ’ফাইনেঞ্চ পৰা ঋণ লোৱা হিতাধিকাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্য ৰাজ্য চৰকাৰে 38 টা মাইক্ৰ’ফাইনেঞ্চৰ প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল ৷

1.25 লাখ ঋণ লোৱা হিতাধিকাৰীসকল এই লাভালাভ আৰু উদগনিৰ বাবে যোগ্য ৷ ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত মুকলি কৰাৰ বাবে 2000 কোটি টকা অনুমোদন জনাইছিল ৷ মাইক্ৰ’ফাইনেঞ্চৰ হিতাধিকাৰীসকলক 25,000 টকাৰ উদগনি ৰাজ্য চৰকাৰ (Cheques Distribution in Assam) ৷

উল্লেখ্য যে, মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । ঋণ ৰেহাই প্ৰক্ৰিয়াৰ প্ৰথমটো পৰ্যায় সফলভাৱে সামৰণি পৰাৰ পিছত এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ অসমতে চৰকাৰে আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ ঋণ ৰেহাই প্ৰক্ৰিয়া ।

মিঞা মিউজিয়াম নিৰ্মাণৰ জৰিয়তে অসমীয়া জাতিটোক দুৰ্বল কৰাৰ প্ৰয়াস চলিছে: সঞ্জয় কিশান

শেহতীয়াকৈ শনিবাৰে দ্বীপ জিলা মাজুলী ম‍াধৱদেৱ কৃষ্টি কেন্দ্ৰ খোনাচুক ৰংগমঞ্চত 'অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি' দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ । চেক বিতৰণ কাৰ্যসূচীত ৬৯৫ গৰাকী হিতাধীকাৰীৰ মাজত মন্ত্ৰী সঞ্জয় কিষাণে বিতৰণ কৰে মাইক্ৰ’ফাইনেঞ্চৰ চেক (Minister Sanjoy Kishan distributed Cheques) ।

চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মিঞা মিউজিয়াম নিৰ্মাণৰ জৰিয়তে অসমীয়া জাতিটোক দুৰ্বল কৰাৰ প্ৰয়াস চলিছে ৷ এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকি বৃহৎ অসমীয়া সমাজখনক শক্তিশালী কৰাৰ বাবে একগোট হৈ কাম কৰিব লাগে (Sanjoy Kishan react on Miya Museum) ৷"

মন্ত্ৰীগৰাকীয়ে লগতে বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা আৰু বিশিষ্ট অভিনেতা নিপন গোস্বামী মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাও পৰিলক্ষিত হয় ৷ চেক বিতৰণ কাৰ্যসূচীত মাজুলীৰ স্থানীয় বিধায়ক ভুৱন গাম আৰু মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত উপস্থিত থাকে (Micro Finance cheque distribute) ।

লগতে পঢ়ক: Micro Finance cheque distribute: আনুষ্ঠানিকভাৱে গোলাঘাটত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.