ETV Bharat / state

মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এক পৰিকল্পনা কৰা হৈছে : কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ গকুল বৰ্মন - allegations against Gakul Barman

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:38 AM IST

Kamatapur Autonomous Council : নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ খুলিলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনে ৷ কোনে কি কাৰণে এই চক্ৰান্ত কৰিলে সেই সন্দৰ্ভতো প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়াৰ ৷

Kamatapur autonomous council CEC Gakul Barman has responded to the allegations against him
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মৰাণ, 18 মে’: "মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এক পৰিকল্পনা কৰি এনেকৈ মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে । মই কাকো প্ৰহাৰ কৰা নাই ।এয়া গকুল বৰ্মনক লৈ কৰা চক্ৰান্ত নহয় এয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদবীৰ বাবে কিছুমানে চক্ৰান্ত কৰিছে ।’’ ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনে ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিতৰ্কত নাম সাঙোৰ খাইছিল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ ৷ ইয়াকে লৈ উত্তাল হৈ পৰিছিল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ । ডিব্ৰুগড়ৰ এগৰাকী যুৱতীক মাৰ-পিট কৰা বুলি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছিল ৷

সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰাৰ পাচতে শুকুৰবাৰৰ বিয়লি ডিব্ৰুগড়ত উপস্থিত হয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন ৷ প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ খুলিলে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

গকুল বৰ্মনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "উজনি অসমলৈ মই প্ৰায়েই আহো, উক্ত দিনাও মই উজনি অসমলৈ আহিছিলো । সেই সময়তে মোৰ চিনাকি আমাৰ অঞ্চলৰ এগৰাকী ভন্টি দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ মোলৈ আহিছিল । যাৰ বাবে মই ভন্টিগৰাকীক ডিব্ৰুগড়ৰ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসালয়ত ভৰ্তি কৰাই দিছিলো । শ্ৰীমন্ত শংকৰদেৱ চিকিৎসালয়ত ভৰ্তি কৰোৱাই ছোৱালীগৰাকীৰ দেউতাক আহি উপস্থিত হোৱাত মই নিজৰ কৰ্মৰ বাবে ডিব্ৰুগড়ৰ পৰা গুচি গৈছিলো । পাচত দেখিছো কিছু সংবাদ মাধ্যমে মোক ব্যক্তিগতভাৱে হত্যা কৰাৰ পৰিকল্পনা কৰি প্ৰচাৰ চলাই আছে যে গকুল বৰ্মনে এগৰাকী যুৱতীক প্ৰহাৰ কৰি শংকৰদেৱ হাস্পতালৰ ICU ভৰ্তি কৰোৱা বুলি । সেই সম্পৰ্কত মই ফেচবুকত নিজৰ স্পষ্টীকৰণ দিছিলো ।"

বৰ্মনে লগতে কয়, "প্ৰকৃততে যুৱতীগৰাকী ICU ত ভৰ্তি হোৱা নাই । ICU ৰ কাষত থকা বিশেষ চিকিৎসা কক্ষতহে ভৰ্তি হৈ আছিল । কেৱল ঘৰৰ মানুহ আহি পোৱালৈকেহে মই হাস্পতালত আছিলো ।’’

‘‘যুৱতীগৰাকীৰ পৰিয়ালে কোনো অভিযোগ নকৰাৰ পাচতো একাংশই মিছা প্ৰচাৰ কৰিছে । মই এই দিশত আইনৰ কাষ চাপিম । ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অতি সোনকালে প্রতিজনৰে মই মুখা খুলিম । মই সদায় নিজৰ জাতিৰ উন্নয়নৰ কাৰণে মাত মাতি আহিছো ।" তেওঁ কয় ৷

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচনত তেওঁ নিজে নিৰ্বাচিত হোৱাটো বিচাৰে বুলিও সংবাদ মাধ্যমৰ আগত কয় কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনে ৷

লগতে পঢ়ক: মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ অভিযোগ পত্র তৃণমূল কংগ্ৰেছ অসমৰ - Complaint against Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.