ETV Bharat / bharat

দাওদাওকৈ জ্বলিল চলন্ত বাছ; জীৱন্তে অগ্নিদগ্ধ ৮ ব্যক্তি - Haryana bus tragedy

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 9:42 AM IST

Updated : May 18, 2024, 10:15 AM IST

Fire in Bus in Haryana : তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছত হঠাতে নিশা কুণ্ডলী-মানেছাৰ পালৱাল এক্সপ্ৰেছৱেত অগ্নিকাণ্ড সংঘটিত হয় । এই দুৰ্ঘটনাটোত বাছখনত থকা আঠজন লোক জীৱন্তে অগ্নিদগ্ধ হয় । আনহাতে 24 জনৰো অধিক যাত্ৰী বেয়াকৈ জ্বলি যায় । তেওঁলোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Fire in Bus in Haryana
হাৰিয়ানাত চলন্ত বাছত সংঘটিত অগ্নিকাণ্ডত নিহত ৮ (ETV Bharat)

নিউজ ডেস্ক, ১৮ মে' : হাৰিয়ানাৰ নুহ জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । খবৰ অনুসৰি, ভক্তৰে ভৰ্তি এখন বাছত শুকুৰবাৰে নিশা কুণ্ডলী মানেচাৰ পালৱাল এক্সপ্ৰেছৱেত হঠাতে জুই লাগে । এই জুই ইমানেই ভয়ংকৰ আছিল যে গোটেই বাছখন জ্বলি ছাই হৈ যায় । দুৰ্ঘটনাটোত বাছখনত থকা আঠজন লোক জীৱন্তে অগ্নিদগ্ধ হয় । আনহাতে, ২৪ জনৰো অধিক যাত্ৰী বেয়াকৈ জ্বলি যায় । তেওঁলোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ হৈছে ।

দুৰ্ঘটনাত নিহতসকল চণ্ডীগড় আৰু পঞ্জাবৰ বাসিন্দা বুলি জানিব পৰা গৈছে । তেওঁলোকে মথুৰা আৰু বৃন্দাবন ভ্ৰমণ কৰি উভতি আহিছিল । বাছখনত প্ৰায় ৬০ জন লোক আছিল । তাৰে ভিতৰত শিশু আৰু মহিলাও আছিল । বাছখন নুহ জিলাৰ তাওডু চহৰৰ ওচৰৰ কুণ্ডলী-মানেচাৰ-পালৱাল এক্সপ্ৰেছৱেত উপস্থিত হোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত আঠজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাটো সন্দৰ্ভত বাছখনৰ এগৰাকী যাত্ৰী সৰোজে কয়, "আমি পৰ্যটক বাছখন ভাৰালৈ লৈছিলো । বাছখন লৈ আমি বেনাৰস, মথুৰা আৰু বৃন্দাবন দৰ্শনৰ বাবে ওলাই গৈছিলো । বাছখনত মহিলা আৰু শিশুসহ ৬০ জন লোক আছিল । আমি সকলো নিকট আত্মীয় । সকলোবোৰ পঞ্জাবৰ লুধিয়ানা, হোচিয়াৰপুৰ আৰু চণ্ডীগড়ৰ বাসিন্দা । আমি দৰ্শনৰ পিচত উভতি অহাৰ সময়ত নিশা বাছখনৰ পিছফালে জুই লাগে । চালকজনে সেয়া লক্ষ্য কৰা নাছিল ।"

আনহাতে, ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় লোকসকলে জনোৱা মতে, তেওঁলোকে পথাৰত কাম কৰি আছিল । নিশা প্ৰায় 1.30 বজাত তেওঁলোকে প্ৰত্যক্ষ কৰে যে চলন্ত বাছখনত জুই লাগিছে । বাছখনৰ পিছফালৰ পৰা অগ্নিকুণ্ড ওলাই আহিছিল । গাঁওবাসীয়ে চিঞৰি চালকজনক বাছখন ৰখাবলৈ কয় । কিন্তু বাছ চালকজনে তাৰ প্ৰতি মনোযোগ দিয়া নাছিল । ইয়াৰ পিচত এজন যুৱকে বাইক এখনেৰে বাছখনৰ পিচে পিচে গৈ বাছখনৰ সন্মুখত বাইকখন ৰাখি বাছখন ৰখায় ।

ইয়াৰ পিচত গাঁওবাসীয়ে নিজাববীয়াকৈ জুই নুমুৱাবলৈ যথাসাধ্য চেষ্টা কৰে আৰু বাছখনত আবদ্ধ লোকসকলক উদ্ধাৰ কৰে । লগতে গাঁওবাসীয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক এই বিষয়ে অৱগত কৰে । তথ্য পোৱাৰ পিচতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱায় যদিও তেতিয়ালৈকে কিন্তু বহুত পলম হৈ গৈছিল ।

আনহাতে, এম্বুলেন্স আৰু অন্যান্য বাহনৰ সহায়ত বাছখনৰ লোকসকলক লোকসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । ইফালে দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিচত আৰক্ষী অধীক্ষক নৰেন্দ্ৰ বিজাৰ্নিয়াই সদলবলে ঘটনাস্থলীত উপস্থিত হয় । এছ পি নৰেন্দ্ৰ বিজাৰ্নিয়াই জনায় যে দুৰ্ঘটনাটোত আঠজন লোকৰ মৃত্যু হৈছে ।

ইয়াৰ উপৰি প্ৰায় দুই ডজন লোক আহত হৈছে । সকলোকে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে নিহতসকলক বাতৰি যুগুতোৱাৰ পৰলৈকে চিনাক্ত কৰা হোৱা নাই ।

লগতে পঢ়ক :দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড; জৰুৰী অৱতৰণ - Fire In Air India Flight
Last Updated : May 18, 2024, 10:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.