Pijush Hazarika warns Sherman Ali: পুনৰ জেললৈ যাব লাগিব শ্বেৰমান আলী !

author img

By

Published : Oct 30, 2022, 9:49 AM IST

Pijush Hazarika slams Sherman Ali

শ্বেৰমান আলীক কঠোৰ সকিয়ণি মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika warns Sherman Ali) । বেছি ওলট-পালট কৰিলে পুনৰ জেললৈ যাবলগীয়া হ'ব পাৰে শ্বেৰমান আলী । তেজপুৰত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।

তেজপুৰ,৩০ অক্টোবৰ: ‘‘বেছি ওলট-পালট কৰিলে পুনৰ জেললৈ যাবলগীয়া হ'ব পাৰে শ্বেৰমান আলী’’ । তেজপুৰত এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ । শ্বেৰমান আলীৰ শেহতীয়া মন্তব্যৰ ওপৰত ভিত্তি কৰি মন্ত্ৰী হাজৰিকাই সাংবাদিকৰ আগত আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য (Pijush Hazarika warns Sherman Ali) ।

মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, শ্বেৰমান আলীক কংগ্ৰেছে বহিস্কাৰ কৰা নাই, অযোগ্য বিবেচিতহে কৰিছে । কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত পুনৰ কংগ্ৰেছৰ ভিতৰত ৰাখি ভোট দখল কৰিছে, গতিকে ইয়াত বিজেপিয়ে খাৰিজ কৰাটো বিচৰা নাই বুলি উঠা অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে (Pijush Hazarika slams Sherman Ali) ।

পুনৰ জেললৈ যাব লাগিব শ্বেৰমান আলী

আনহাতে, মিঞা মিউজিয়ামৰ স্থাপন কৰা লোকসকল আনছাৰুলা বাংলা টীমৰ (ABT terrorist in Assam) লগতে আল কায়দাৰ লগত সম্পৰ্ক গভীৰ আৰু এই তথ্য প্ৰমাণ হৈছে । এই সংগঠনৰ পৰা তেওঁলোকে ধন সংগ্ৰহৰ প্ৰমাণ স্পষ্ট হোৱাৰ পিছত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে । গতিকে তেঁওলোকৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ হৈছে ।

চৰকাৰী প্রধানমন্ত্ৰী আবাস গৃহত মিউজিয়াম খোলা লোকে পইচা লোৱাৰ প্ৰমাণ পোৱা গৈছে । লগতে তেওঁলোক জেহাদীৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িতৰ প্ৰমাণ পোৱা গৈছে আৰু তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই বুলি উল্লেখ কৰে ।

লগতে তেওঁ কয় যে, ভূপেন বৰাই এই বিষয়ে অভিযোগ কৰিবই কাৰণ তেওঁলোকে অসমীয়া মানুহৰ সন্মান লাঘৱ হোৱাটো ভাল পায় (Pijush Hazarika slams Bhupen Hazarika) । বিপৰীতে বৰ্তমানৰ চৰকাৰে অসমীয়া সংস্কৃতি ৰক্ষা কৰিবলৈ যত্ন কৰে বুলিও মন্তব্য কৰে । ভূপেন বৰা ৰিপুন বৰা একেই কাৰণ তেওঁলোক একে গহপুৰৰ লোক গতিকে আদৰ্শ একেই বুলি মন্তব্য কৰে অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।

উল্লেখ্য যে, এটা দিন পূৰ্বে শ্বেৰমান আলীয়ে প্ৰকাশ কৰিছিল যে মিঞাক সন্দেহযুক্ত বাংলাদেশী বুলি কোৱাৰ প্ৰেক্ষাপটত যিসকলে মনত দুখ পায় তেওঁলোকেই মিঞা । তেওঁ মিঞা মিউজিয়ামক লৈ (Miyan Museum in Assam) চিন্তিত নহয় বুলি সদৰী কৰি কয় যে তেওঁ এক কোটি মিঞা মানুহৰ স্বীকৃতিক লৈহে বেছি চিন্তিত । তেওঁ লগতে কয় যে কংগ্ৰেছে নিজৰ সংবিধান পাহৰি টকা-পইচা আৰু গাদীৰ পাছত দৌৰি আছে ।

লগতে পঢ়ক: Carrom training camp: নগাঁৱত আৰম্ভ কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.