ETV Bharat / international

Cursed Halloween for South Korea : হেলোইন উদযাপনৰ মাজতে ছিউলত ১৫১ গৰাকী লোকৰ মৃত্যু

author img

By

Published : Oct 30, 2022, 12:05 PM IST

হেলোইন উদযাপনৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত মৰ্মান্তিক ঘটনা (Accident during Halloween celebration)। দুৰ্ঘটনাত মৃত্যু প্ৰায় ১৫১ গৰাকী লোকৰ । প্ৰায় ৮২ গৰাকী লোক গুৰুতৰভাৱে আহত । মৃতকৰ ভিতৰত ১৯ গৰাকী বিদেশী নাগৰিক । সমগ্ৰ বিশ্বৰ শোক প্ৰকাশ ।

South Korea
হেলোইন উদযাপনৰ মাজতে ছিউলত ১৫১ গৰাকী লোকৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ অক্টোবৰ : বিশ্বৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে হেলোইন উৎসৱ (Halloween 2022)। হেলোইন উদযাপনৰ মাজতে দক্ষিণ কোৰিয়াত ভয়ংকৰ ঘটনা । দক্ষিণ কোৰিয়াৰ ছিউলত সংঘটিত এক দুৰ্ঘটনাত প্ৰায় ১৫১ গৰাকী লোকৰ মৃত্যু হয় (151 killed in Seoul amid Halloween celebrations)। প্ৰায় ৮২ গৰাকী লোক গুৰুতৰভাৱে আহত এই ঘটনাত । এই মৰ্মান্তিক ঘটনাই বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে ।

উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তত লগতে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত হেলোইন উৎসৱক লৈ বিশেষ আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছিল । এই উৎসৱ উদযাপনৰ বাবে নাইট লাইফ চহৰ খ্যাত ইটাৱনত নিশা হাজাৰ হাজাৰ লোক একত্ৰিত হৈছিল । বাৰ, ক্লাৱ আদিত যুৱক-যুৱতীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছিল । ইটাৱনৰ পথত হাজাৰ হাজাৰ লোকে একেলগে হেঁচা-ঠেলা কৰা দেখা গৈছিল ।

তেনে সময়তে হঠাৎ একাংশ লোক সৰু আৰু ঠেক পথটোত বাগৰি পৰিছিল । ইজনৰ ওপৰত সিজন বাগৰি পৰিছিল । যাৰ বাবে বহু লোক আৱদ্ধ হৈ পৰে । শ্বাসৰুদ্ধকৰ এই পৰিৱেশত প্ৰায় ১৫১ গৰাকী লোকৰ মৃত্যু হয় (Halloween accident in Seoul)। লগতে ৮০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয় ।

লগে লগে ঘটনাস্থলীত শ শ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান উপস্থিত হৈ লোকসকলক উদ্ধাৰত ব্যস্ত হৈ পৰে । অগ্নি নিৰ্বাপক বিভাগৰ বিষয়াৰ মতে নিহত বা আঘাতপ্ৰাপ্ত লোকসকলৰ বেছিভাগে কিশোৰ আৰু ২০ বছৰ বয়সৰ আছিল । আনহাতে মৃত লোকসকলৰ ভিতৰত ১৯ গৰাকী বিদেশী নাগৰিকো আছে । ইফালে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে কিয়নো প্ৰায় ১৯ গৰাকী লোকৰ অৱস্থা এতিয়া সংকটজনক হৈ আছে ।

ক'ভিড মহামাৰীৰ পাছত এই হেলোইন উৎসৱ আটাইতকৈ ডাঙৰ উৎসৱ হিচাপে পৰিগণিত হৈছে । সমাৱেশৰ ওপৰত কঠোৰ নিয়ম বলবৎ কৰা হৈছিল যদিও ক'ভিডৰ নিষেধাজ্ঞা শিথিল কৰাৰ বাবে যুৱক-যুৱতীসকলৰ বাবে বাহিৰলৈ গৈ পাৰ্টি কৰাৰ এইটো প্ৰথম আৰু ডাঙৰ সুযোগ আছিল । ইফালে হেলোইন দক্ষিণ কোৰিয়াৰ পৰম্পৰাগত উৎসৱ নহয় যদিও শেহতীয়াকৈ এই উৎসৱ জনপ্ৰিয় হৈ পৰিছে ।

মৰ্মান্তিক ঘটনাটোক লৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োলে শোক প্ৰকাশ কৰিছে । ইফালে দেওবাৰৰ দিনটো দেশখনত ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰপতিয়ে । লগতে চৰকাৰী ভৱন আৰু ৰাজহুৱা কাৰ্যালয়সমূহত পতাকা অৰ্ধনমিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ৰাষ্ট্ৰপতি য়ুনে নিহতৰ পৰিয়াল লগতে আহত লোকসকলক সহযোগিতাৰ প্ৰতিশ্ৰুতিও দিছে ।

দক্ষিণ কোৰিয়াৰ এই দুৰ্ঘটনাটোকলৈ সমগ্ৰ বিশ্ব মৰ্মাহত । বিভিন্ন দেশৰ চৰকাৰ তথা প্ৰতিনিধিসকলে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে নিহতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক :Putin on Modi : প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা পুটিনৰ, ‘‘তেওঁ এজন ডাঙৰ দেশপ্ৰেমিক’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.