ETV Bharat / state

2008 Assam serial blasts : অসমবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত 30 অক্টোবৰৰ ১৪ বছৰ অতিক্ৰম

author img

By

Published : Oct 30, 2022, 11:21 AM IST

Assam serial blasts
অভিশপ্ত ৩০ অক্টোবৰৰ ১৪ বছৰ

১৪ বছৰ অতিক্ৰম কৰিলে অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই (Assam serial blasts)। উক্ত দিনটোতে এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল । ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী এতিয়া কাৰাগাৰত ।

গুৱাহাটী,৩০ অক্টোবৰ : ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা (Serial bomb blast in Assam)। সেই দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । এই দিনটোতে একালৰ বড়াে উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল (30 oct blasts)।

সেই দিনটো আছিল অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় (30 oct black day for Assam)। গুৱাহাটীৰ লগতে পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । সেই বিস্ফোৰণে কঁপাই তুলিছিল গুৱাহাটী মহানগৰীৰ গনেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও (Serial blasts in Guwahati)। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক ।

আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৪ টাকৈ বছৰ (14 years of Assam serial blasts) । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আঁকোৱালি লৈছিল পংগুত্ব, বহুজনে হেৰুৱাইছিল আত্মীয়ক । এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী (NDFB leader Ranjan Daimary)। এই ঘটনাৰ বাবে এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল (Assam serial blasts accused)।

শেহতীয়াকৈ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী উগ্ৰপন্থী সংগঠন এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Assam serial blasts accused Ranjan Daimary)।

উল্লেখ্য যে, প্ৰতিবছৰে ৩০ অক্টোবৰৰ দিনটোত বিস্ফোৰণত নিহত হোৱা নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি অসমৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই আহিছে । আজিও গুৱাহাটীকে ধৰি অসমৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ।

লগতে পঢ়ক :Burmese supari seized: বোকাজানৰ খটখটিত জব্দ বাৰ্মিজ চুপাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.