G P Singh acquitted: ছেম ষ্টেফৰ্ডৰ হত্যাৰ গোচৰত দোষমুক্ত ঘোষণা Special DGP জি পি সিঙক

author img

By

Published : Oct 30, 2022, 10:09 AM IST

gp singh acquitted of sam stafford case

তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত হ'ল জি পি সিং (GP Singh acquitted for lack of evidence) । ‘কা’ আন্দোলনত গুলীচালনাত নিহত ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ । ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আছুৰ আহ্বানত চানমাৰিত অনুষ্ঠিত প্রতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া আৰক্ষীৰ গুলীত হাতীগাঁও থানাৰ সমীপত মৃত্যুক সাৱটিছিল ছেম ষ্টেফৰ্ডে (Sam Stafford death)।

গুৱাহাটী,৩০ অক্টোবৰ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা ছেম ষ্টেফৰ্ডৰ হত্যাকাৰী চিনাক্ত নহ’ল (Sam Stafford killer not identified) । ছেম ষ্টেফৰ্ডৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বৰ্তমানৰ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি সিঙক অৱশেষত তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰা হ'ল (GP Singh acquitted for lack of evidence) । অৱশ্যে শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ।

‘কা’ বিৰোধী আন্দোলনত নিহত হোৱা ১৭ বছৰীয়া ছেম ষ্টেফৰ্ডৰ মৃত্যুৰ বাবে পলমকৈ হ'লেও আদালতে ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে (CAA protest in Assam) । কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে লগতে হাতীগাঁও থানাত ৰুজু হোৱা ৯৪৮/২০১৯ নম্বৰৰ গোচৰৰ প্রতিবেদন দাখিল কৰিবলৈও তদন্তকাৰী আৰক্ষীক নির্দেশ দিছে ।

উল্লেখ্য যে, ‘কা’বিৰোধী আন্দোলনৰ সময়ত আছুৰ আহ্বানত চানমাৰিত অনুষ্ঠিত প্রতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া আৰক্ষীৰ গুলীত হাতীগাঁও থানাৰ সমীপত মৃত্যুক সাৱটিছিল ছেম ষ্টেফৰ্ডে (Martyr Sam Stafford in the CAA movement) । এই ঘটনাৰ সন্দৰ্ভত ছেমৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ লগতে প্রবীণ মহন্ত নামৰ এজন অধিবক্তাই হত্যাকাণ্ডত সেই সময়ত অসম আৰক্ষীৰ আইন শৃংখলাৰ দায়িত্বত থকা এডিজিপি জি পি সিং জড়িত বুলিও গোচৰ ৰুজু কৰিছিল ।

কিন্তু তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা চূড়ান্ত প্রতিবেদনত আই পি এছ বিষয়া জি পি সিং ছেমৰ গুলীচালনাত জড়িত থকাৰ কোনো তথ্য-প্রমাণ পোৱা নগ’ল বুলিহে উল্লেখ কৰে । অৰ্থাৎ ছেম হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি সিঙক দোষমুক্ত ঘোষণা কৰা হয় । আনকি আদালতে ছেমৰ হত্যাকাৰী চিনাক্ত নহ'ল বুলিও উল্লেখ কৰিছে ।

ইফালে ছেম হত্যাকাণ্ডৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰুজু কৰা চি আৰ ৪৩৩৯/২২ নম্বৰৰ গোচৰটোৰ শুনানিত মুখ্য ন্যায়িক দণ্ডাধীশ এ কে বৰুৱাৰ আদালতে বর্তমানলৈ হত্যাকাৰী চিনাক্ত নোহোৱাত ভুক্তভোগীজনৰ পৰিয়ালৰ আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখি জিলা আইন সেৱা প্ৰাধিকাৰীক অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত দণ্ডবিধিৰ ধাৰা ৩৫৭(এ) মৰ্মে ছেমৰ পৰিয়ালক ক্ষতিপূৰ্ণ দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে (Sam Stafford death)।

আদালতে লগতে একেধৰণৰ অপৰাধত হাতীগাঁও থানাত ৰুজু হোৱা ৯৪৮/২০১৯ নম্বৰৰ গোচৰটোৰ সন্দৰ্ভত তদন্তকাৰী আৰক্ষীক ৩ নৱেম্বৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Cheque distribution programme: ঋণগ্ৰস্ত মহিলালৈ দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সকাহ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.