ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 16, 2021, 5:03 PM IST

top10 news
শীৰ্ষ সংবাদ

বিয়লি 5 বজাৰ দহটা শীৰ্ষ সংবাদ...

5 বজাৰ দহটা শীৰ্ষ সংবাদ-

সুৰাপায়ী যুৱতীয়ে কঁপালে গড়চুক থানাৰ চৌহদ

পুনৰ মহানগৰীৰ ৰাজপথত মাতাল যুৱতীৰ তাণ্ডৱ ৷ সোমবাৰে নিশা এগৰাকী সুৰাপায়ী যুৱতীক লৈ বিপাঙত পৰে এগৰাকী Uber চালক ৷ চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে নিশা পামহীৰ পৰা গণেশপাৰালৈ সুৰাপায়ী যুৱতীগৰাকীক uber ৰ এখন বাহন বুক কৰি দিছিল এজন যুৱকে ৷

নগাঁৱৰ বিৰহ বেবেজীয়াত জব্দ Cannabis সহ নগদ ধন : এজনক আটক

সোমবাৰে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁৱৰ বিৰহ বেবেজীয়াৰ দিলিপ বৰাৰ বাসগৃহত এক অভিযান চলাই আৰক্ষীৰ দলটোৱে জব্দ কৰে 1 কেজি ভাং সহ নগদ 45 হাজাৰৰো অধিক টকা ৷

Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

মহানগৰীত আয়কৰ বিভাগ(Income Tax)ৰ অভিযান ৷ লোহিয়া গ্ৰুপ(Lohia Group)ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আয়কৰ বিভাগে চলায় তালাচী ৷ প্ৰতিষ্ঠিত ব্যৱসায়ী কৈলাশ লোহিয়া(Kailash Lohia)ৰ বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ত মঙলবাৰে আয়কৰ বিভাগে চলালে এই অভিযান ৷

বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণলৈ টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা

বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন জয় কিষাণক সন্মানীয় টেনজিং নৰগে দু:সাহসিক পৰ্বতাৰোহন বঁটা প্ৰদান ৷ এজন সশস্ত্ৰ বাহিনীৰ বিষয়াই প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছে ।

CM Mamata to meet PM Modi : অহা সপ্তাহত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে

অহা সপ্তাহৰ মাজভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Chief Minister Mamata Banerjee)য়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এক বিশেষ সূত্ৰই জনোৱা মতে, ২২ নৱেম্বৰত দিল্লী(Delhi)লৈ যাব পাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ২৫ নৱেম্বৰত তেওঁ দিল্লীৰ পৰা উভতি আহিব বুলিও জানিবলৈ দিছে সূত্ৰটোৱে ।

Rajkummar-Patralekhaa Wedding: কইনাৰ আকৰ্ষণীয় পোছাকত দৰাৰ বাবে বিশেষ বাৰ্তা

বলীউড অভিনেতা ৰাজকুমাৰ ৰাও(Rajkummar Rao) আৰু পত্ৰলেখা(Patralekaa) 11 বছৰীয়া প্ৰেমে লাভ কৰিলে পূৰ্ণতা ৷ সোমবাৰে এক অন্তৰংগ বিবাহ অনুষ্ঠানেৰে যুগ্ম জীৱনৰ পাতনি মেলে ৰাজকুমাৰ-পত্ৰলেখাই ৷

Punjab National Bank Initiative : শিক্ষাৰ্থীৰ বাবে আত্মসংস্থাপনৰ পথ মুকলি

গোলাঘাট জিলাৰ বোকাখাতত পাঞ্জাৱ নেশ্যনেল বেংক(Punjab National Bank)ৰ উদ্যোগত 130 গৰাকী প্ৰশিক্ষাৰ্থীক গ্ৰাম্য আত্মসংস্থাপন প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা মান-পত্ৰ প্ৰদান ৷ নিৱনুৱা যুৱক-যুৱতীৰ বাবে মুকলি কৰা হৈছে আত্মসংস্থাপনৰ পথ ৷ বিশেষকৈ গাহৰি পালন, গো পালন, মুৰ্গী পালন, কেঁচুসাৰ প্ৰস্তুত কৰা আদি কৌশলৰ লগতে বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় প্ৰশিক্ষাৰ্থীসকলক ।

ৰাঘৱ জুয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

কালাৰ্চ টিভি(Colours TV)ত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি শ্ব’ "Dance Diwane"ৰ এংকৰ ৰাঘৱে অসম তথা অসমীয়াক অপমান কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অসমৰ প্ৰতিযোগীক চাইনীজ বুলি কোৱাৰ অভিযোগ উঠিছে এংকৰগৰাকীৰ বিৰুদ্ধে ৷ ঘটনা সংক্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma)ৰ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ ৷

Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট

1 ডিচেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হ’ব নতুন যান-বাহন নীতি ৷ এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট ৷ চাৰিচকীয়া বাহনত চিটবেল্ট লগোৱা বাধ্যতামূলক ৷ নহ’লে ভৰিবলাগিব জৰিমণা ৷

Goalpara Murder : আকৌ ওলাইছে পৰশুৰাম ! মাতৃহন্তাক কৰায়ত্ত আৰক্ষীৰ

গোৱালপাৰাত সংঘটিত হৈছে এক হত্যাকাণ্ড(Goalpara Murder) ৷ সতীয়া মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই ৷ জিলাখনৰ মৰনৈৰ হীৰাপাৰা অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড(Murder) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.