সুৰাপায়ী যুৱতীয়ে কঁপালে গড়চুক থানাৰ চৌহদ

By

Published : Nov 16, 2021, 3:36 PM IST

thumbnail

পুনৰ মহানগৰীৰ ৰাজপথত মাতাল যুৱতীৰ তাণ্ডৱ ৷ সোমবাৰে নিশা এগৰাকী সুৰাপায়ী যুৱতীক লৈ বিপাঙত পৰে এগৰাকী Uber চালক ৷ চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে নিশা পামহীৰ পৰা গণেশপাৰালৈ সুৰাপায়ী যুৱতীগৰাকীক uber ৰ এখন বাহন বুক কৰি দিছিল এজন যুৱকে ৷ সেই অনুসৰি, চালকগৰাকীয়ে যুৱতীগৰাকীক নিৰ্দিষ্ট ঠিকনালৈ নিয়ে যদিও সুৰাৰ ৰাগীত মতলীয়া হৈ থকা যুৱতীগৰাকীয়ে পাহৰি যায় নিজৰ ঠিকনা ৷ ফলত বিপাঙত পৰে Uber ৰ চালকগৰাকী ৷ পৰৱৰ্তী সময়ত অভিভাৱকবিহীন যুৱতীগৰাকীক Uber চালকগৰাকীয়ে লৈ যায় গড়চুক থানালৈ ৷ পিছে থানা চৌহদতো যুৱতীগৰাকীয়ে হাতত সুৰাৰ বটল লৈয়ে আৰক্ষীক উদ্দেশ্যি অশ্লীল বাক্যবাণ প্ৰয়োগ কৰে ৷ সুৰাপায়ী যুৱতীগৰাকীয়ে একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰে গড়চুক থানা চৌহদত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.