ETV Bharat / bharat

CM Mamata to meet PM Modi : অহা সপ্তাহত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে

author img

By

Published : Nov 16, 2021, 2:09 PM IST

অহা সপ্তাহৰ মাজভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Chief Minister Mamata Banerjee)য়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এক বিশেষ সূত্ৰই জনোৱা মতে, ২২ নৱেম্বৰত দিল্লী(Delhi)লৈ যাব পাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ২৫ নৱেম্বৰত তেওঁ দিল্লীৰ পৰা উভতি আহিব বুলিও জানিবলৈ দিছে সূত্ৰটোৱে ।

CM Mamata likely to meet Modi next week
অহা সপ্তাহত প্ৰধানমন্ত্ৰী মোডীক মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Chief Minister Mamata Banerjee)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ সৈতে এক বৈঠক মিলিত হোৱাৰ সম্ভাৱনা আছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অহা সপ্তাহৰ মাজভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে আৰু এই উদ্দেশ্যেৰে তেওঁ ২২ নৱেম্বৰত দিল্লী(Delhi)লৈ যাব । সূত্ৰটোৰ মতে, ২৫ নৱেম্বৰত তেওঁ দিল্লীৰ পৰা উভতি অহাৰ সম্ভাৱনা আছে । দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজধানী চহৰখনত উপস্থিত হৈ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অমীমাংসিত বিষয়বোৰ আলোচনা কৰাৰ সম্ভাৱনা আছে ।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়(Chief Minister's Office)ৰ এক সূত্ৰই জনোৱা মতে, ৰাজ্যখনৰ অমীমাংসিত বিত্তীয় বকেয়া আদিৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বেনাৰ্জীয়ে আলোচনা কৰিব । সীমান্ত সুৰক্ষা বাহিনী(BSF)ৰ কাৰ্যক্ষেত্ৰ ১৫ কিলোমিটাৰৰ পৰা ৫০ কিলোমিটাৰলৈ শেহতীয়াকৈ সম্প্ৰসাৰিত হোৱাৰ বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী(Sonia Gandhi)কে ধৰি বিৰোধী দলসমূহৰ নেতাসকলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । বৰ্তমান সীমান্ত সুৰক্ষা বাহিনীৰ কাৰ্যক্ষেত্ৰৰ সম্প্ৰসাৰণক লৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে আৰু তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ কেইবাজনো নেতাই কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে । আনকি, মঙলবাৰে তৃণমূল কংগ্ৰেছে বিধানসভাত ইয়াৰ বিৰুদ্ধে এটা প্ৰস্তাৱ অনাৰ সিদ্ধান্ত লৈছে ।

জ্যেষ্ঠ তৃণমূল নেতা সৌগত ৰয়ে কয় যে, দলটোৱে শীতকালীন অধিৱেশনত কেন্দ্ৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিব । সেয়েহে, বেনাৰ্জীয়ে এইবোৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে । আনহাতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ৰাজ্যখনৰ অমীমাংসিত বিত্তীয় বকেয়া সন্দৰ্ভত সোচ্চাৰ হৈ থকা পৰিলক্ষিত হৈছে । তেওঁ প্ৰধানমন্ত্ৰীক বকেয়াৰ বিষয়েও অৱগত কৰিব বুলি আশা কৰা হৈছে ।

বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য(Chandrima Bhattacharya)ই সোমবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ(Union Finance Minister Nirmala Sitharaman)ৰ সৈতে এক বৈঠকত মিলিত হৈ এই বিষয়টো উত্থাপন কৰিছিল । পশ্চিমবংগ চৰকাৰৰ মতে, কেন্দ্ৰই উপ-কৰ আৰোপ কৰি উপাৰ্জন বৃদ্ধি কৰি আছে । কিন্তু ৰাজ্যবোৰে তেওঁলোকৰ অংশ লাভ কৰা নাই । পশ্চিমবংগ চৰকাৰে মতে, কেন্দ্ৰৰ দ্বাৰা জিডিপিৰ ৫ শতাংশ ঋণ লোৱাৰ কৰ্তৃত্ব মাত্ৰ ৩.৫ শতাংশত স্বীকাৰ কৰা হৈছে ।

কেৱল সেয়াই নহয়, ৰাজ্যখনে অভিযোগ কৰি আহিছে যে, ৰাজ্যখনত কেন্দ্ৰ-ৰাজ্য চৰকাৰে মিলি পৰিচালনা কৰা প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় পুঁজিৰ অংশ ৰাজ্য চৰকাৰে লাভ কৰা নাই । কেন্দ্ৰই দুৰ্যোগপীড়িত লোকসকলৰ বাবে পুঁজিও মুকলি কৰা নাই বুলি অভিযোগ তোলা হৈছে । মমতা বেনাৰ্জীয়ে এই বিষয়বোৰে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে । তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছত যোৱা জুলাই মাহত বেনাৰ্জীয়ে দিল্লীলৈ গৈছিল আৰু ছোনিয়া গান্ধীকে ধৰি কেইবাজনো নেতাক সাক্ষাৎ কৰে ।

কিন্তু তাৰ পাচৰ কেইমাহমানত পৰিস্থিতি সলনি হৈছে । বিজেপিৰ বিৰুদ্ধে বিৰোধী দলক সবলভাৱে নেতৃত্ব দিবলৈ অক্ষম হোৱাৰ বাবে কংগ্ৰেছক বাৰে বাৰে আক্ৰমণ কৰি আহিছে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে । তৃণমূলে গোৱা আৰু ত্ৰিপুৰাৰ দৰে সৰু ৰাজ্যলৈ নিজৰ সংগঠন বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে ।

যোৱা পাঁচ মাহত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ দৃষ্টিভংগী কিছু সলনি হোৱা পৰিলক্ষিত হৈছে । দলটোক এসময়ত এটা আঞ্চলিক দল হিচাপে গণ্য কৰা হৈছিল যদিও এতিয়া দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিবলৈ চেষ্টা কৰি আছে । গতিকে বিৰোধী নেতাসকলৰ সৈতে মমতা বেনাৰ্জীৰ এই বৈঠকৰ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব ।

লগতে পঢ়ক:Tribal Pride Day : বিৰচা মুণ্ডাৰ অৱদানৰ বিষয়ে স্মৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.