Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

By

Published : Nov 16, 2021, 2:45 PM IST

thumbnail

মহানগৰীত আয়কৰ বিভাগ(Income Tax)ৰ অভিযান ৷ লোহিয়া গ্ৰুপ(Lohia Group)ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আয়কৰ বিভাগে চলায় তালাচী ৷ প্ৰতিষ্ঠিত ব্যৱসায়ী কৈলাশ লোহিয়া(Kailash Lohia)ৰ বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ত মঙলবাৰে আয়কৰ বিভাগে চলালে এই অভিযান ৷ পূৰ্বে লোহিয়াৰ বিৰুদ্ধে বৃহৎ কৰ ফাঁকি(Tax Fraud) ৰ অভিযোগ উত্থাপিত হৈছিল ৷ যাৰ বাবে এই অভিযান চলায় আয়কৰ বিভাগে ৷ বিভাগে মহানগৰীৰ ফাঁচীবজাৰ, খৃষ্টানবস্তি, ৰিহাবাৰী, আঠগাঁৱত সমান্তৰালভাৱে চলায় অভিযান ৷ ইয়াৰোপৰি শ্বিলঙতো একে সময়তে চলিল অভিযান ৷ উল্লেখ্য যে, কলকাতাৰ পৰা অহা আয়কৰ বিভাগৰ এটা শীৰ্ষ বিষয়াৰ দলে চলাই গৈছে এই অভিযান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.