ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 9, 2022, 2:58 PM IST

top-10-at-3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam CM on Tejaswita death: কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

মাজুলীৰ চিকিৎসা সেৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM remarks on Majuli Heath service)। তেজস্বিতাৰ মৃত্যু সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে । মাজুলীৰ স্থানীয় সাংবাদিকক নীতি শিক্ষা প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে । মাজুলীলৈ চিকিৎসক কিয় আহিবলৈ ভয় কৰে তাৰো যুক্তি দিলে মুখ্যমন্ত্ৰীয়ে ।

Private security with MLA Rekibuddin Ahmed: বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী কিয় ?

বিধায়ক হিচাপে নির্বাচিত জনপ্রতিনিধিক অসম আৰক্ষীয়ে নিৰাপত্তা দিয়াত যদি ব্যৰ্থ হোৱা নাই তেন্তে কিয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সুৰক্ষাৰ দায়িত্বত বহিঃৰাজ্যৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে (Security forces from outside with Rekibuddin Ahmed)। এই প্রশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পত্র ।

Amit Shah meet with IB officials: দিল্লীত চোৰাংচোৱা ব্যুৰ'ৰ সৈতে বৈঠকত অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক বৈঠকত দেশৰ শক্তিশালী আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ সামগ্ৰিক আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি,চোৰাংচোৱা সংগ্ৰহ, নেটৱৰ্ক আৰু অন্যান্য দিশৰ বুজ ল'ব । বৈঠকখনত সন্ত্ৰাসবাদী ভাবুকি আৰু গোলকীয় সন্ত্ৰাসবাদী সংগঠন (global terrorist organisations),সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আদি সন্দৰ্ভত আলোচনা কৰা হ'ব ।

Raas Leela in Amguri: আমগুৰিত পাটৰ পোছাকেৰে কৃষ্ণকেন্দ্ৰিক ৰাসৰ নাট

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আমগুৰি নগৰতো পূৱেৰুণ শিল্পী সমাজৰ উদ্যোগত পালন কৰা হৈছে ৰাস মহোৎসৱ (Raas celebrated in Assam) । সচৰাচৰ প্ৰদৰ্শিত 'কংসকেন্দ্ৰিক' নাটৰ বিপৰীতে ইয়াত পৰিলক্ষিত হ’ল ব্যতিক্ৰমী ৰূপত 'কৃষ্ণকেন্দ্ৰিক' এখন নাট (Raas at Amguri Sivasagar) । লগতে নাটৰ সমূহ কুশী-লৱই পৰিধান কৰা পোছাক আছিল অসমীয়া পাট কাপোৰৰ ।

Annual Conference of Nagaon AASU: নগাঁও জিলা ছাত্ৰ সন্থাৰ অধিৱেশন আৰম্ভ

কলিয়াবৰত নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৪ সংখ‍্যক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে (Annual Conference of Nagaon AASU in Kaliabor)। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা ( Kaliabor Central Students Union) আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আৰম্ভ হোৱা এই অধিৱেশনৰ আজি পুৱা কুঁৱৰীটোলৰ গান্ধী খেল পথাৰত মূল সভাগৃহৰ তোৰণ আৰু প্ৰতিনিধি শিবিৰ মুকলি কৰা হয় (Gandhi Playground in Kuwaritol)।

Nitin Gadkari appreciated Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা নীতিন গাডকাৰীৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী ড৹ মনমোহন সিঙে আৰম্ভ কৰা অৰ্থনৈতিক সংস্কাৰে ভাৰতক এক নতুন দিশ দেখুৱাবলৈ কাম কৰিছিল বুলি উল্লেখ নীতিন গাডকাৰীৰ(Road Transport and Highways Minister Nitin Gadkari) ৷ মহাৰাষ্ট্ৰৰ পথ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰাত ড৹ মনমোহন সিঙে সহায় কৰাৰ কথাও উল্লেখ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

Overseas education loans: বিদেশী শিক্ষা ঋণৰ দ্বাৰা প্ৰলোভিত হোৱাৰ পূৰ্বে জানি লওক কিছু কথা

অধিক সংখ্যক ভাৰতীয় শিক্ষাৰ্থীয়ে অতিমাত্ৰা ব্যয় সত্ত্বেও বিদেশত শিক্ষা গ্ৰহণৰ (overseas education) বাবে আকাংক্ষা কৰে । ভাৰতীয় শিক্ষাৰ্থীসকলে বৰ্তমান বিদেশী শিক্ষাৰ বাবে 28 বিলিয়ন ডলাৰ ব্যয় কৰে । এক সমীক্ষা অনুসৰি 2024 চনৰ ভিতৰত এই ব্যয় 80 বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । কিন্তু বিদেশী শিক্ষা ঋণ (overseas education loan) লোৱাৰ পূৰ্বে কি কৰা উচিত তাৰ এক আভাস ইয়াত দিয়া হৈছে ।

World Women Boxing Championship: ভাৰতে তৃতীয়বাৰলৈ আয়োজন কৰিব মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ

ভাৰতে তৃতীয়বাৰলৈ আয়োজন কৰিব মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ(India to host World Women Boxing Championship ) ৷ ইয়াৰ পূৰ্বে ২০০৬ আৰু ২০১৮ চনত ভাৰতে নতুন দিল্লীত দুবাৰকৈ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আয়োজন কৰিছিল ৷ অৱশ্যে ভাৰতে এতিয়ালৈ পুৰুষৰ বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজন কৰা নাই ৷

Sankardev Than at Palghat: পুৰণিগুদামৰ পাৰঘাটস্থিত শ্ৰীমন্ত শংকৰদেৱ থানৰ পুনৰ নিৰ্মাণ

পুৰণিগুদামৰ পাৰঘাটত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ থানখন পুনৰ নিৰ্মাণ কৰিছে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে(Sankardev Thana at Palghat) ৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হ'ব থানখনৰ মহাৰজত জয়ন্তী । থানখনৰ মহাৰজত জয়ন্তী উপলক্ষ্যে ভক্তপ্ৰাণ ৰাইজে আৰম্ভ কৰিছে পুনঃনিৰ্মাণ প্ৰক্ৰিয়া ।

Keshab Mahanta on Dengue: স্বাস্থ্যমন্ত্ৰীয়ে ক'লে এই পৰ্যন্ত ডেংগুত মৃত্যু 3 জনৰ

ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা (Dengue cases on rise in Assam) ৷ ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ডেংগু প্ৰতিৰোধৰ বাবে জনসজাগতা আৰু ডেংগু মহৰ উৎস ধ্বংস কৰাৰ কাম আৰম্ভ কৰিছে (Anti Dengue Operation) ৷ সম্প্ৰতি ৰাজ্যত মুঠ 637 জন লোক ডেংগুত আক্ৰান্ত হৈছে (Dengue cases in Assam) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.