ETV Bharat / state

Private security with MLA Rekibuddin Ahmed: বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী কিয় ?

author img

By

Published : Nov 9, 2022, 12:45 PM IST

বিধায়ক হিচাপে নির্বাচিত জনপ্রতিনিধিক অসম আৰক্ষীয়ে নিৰাপত্তা দিয়াত যদি ব্যৰ্থ হোৱা নাই তেন্তে কিয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সুৰক্ষাৰ দায়িত্বত বহিঃৰাজ্যৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে (Security forces from outside with Rekibuddin Ahmed)। এই প্রশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পত্র ।

Rekibuddin
ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ নিৰাপত্তাৰক্ষী

গুৱাহাটী,৯ নৱেম্বৰ : চৰকাৰৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী কেনেকৈ প্ৰৱেশ কৰিব পাৰে । এই প্ৰশ্ন অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদৰ ।

ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ নিৰাপত্তাৰক্ষী

তেওঁ লগতে প্ৰশ্ন কৰে যে জনপ্রতিনিধিক অসম চৰকাৰে সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে নেকি । যদি বিধায়ক হিচাপে নির্বাচিত জনপ্রতিনিধিক অসম আৰক্ষীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা নাই তেন্তে কিয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সুৰক্ষাৰ দায়িত্বত বহিঃৰাজ্যৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে (Dulu Ahmed questions on Rekibuddin Ahmeds security)।

Rekibuddin
আৰক্ষী সঞ্চালক প্ৰধানলৈ দুলু আহমেদৰ পত্ৰ

এই প্রশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ প্ৰেৰণ কৰিছে পত্র (Dulu Ahmed letter to DGP)। ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে বহিঃৰাজ্যৰ ব্যক্তিগত দেহৰক্ষী লৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰা সন্দৰ্ভত প্রশ্ন কৰি আৰক্ষী সঞ্চালক প্ৰধানক দিছে এখন পত্ৰ । পত্ৰখনত দুলু আহমেদে উল্লেখ কৰিছে যে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আমেদক কেইবাদিনো ধৰি বহিঃৰাজ্যৰ ৪-৫ জনীয়া ব্যক্তিগত বন্দুকধাৰী নিৰাপত্তাৰক্ষীয়ে সুৰক্ষা দিয়া দৃষ্টিগোচৰ হৈছে (Security forces from outside with Rekibuddin Ahmed)।

Rekibuddin
ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী

জনপ্রতিনিধিৰ নিৰাপত্তাৰ দায়িত্ব লোৱাটো চৰকাৰৰ কর্তব্য যদিও ৰেকিবুদ্দিন আহমেদে বহিঃৰাজ্যৰ ব্যক্তিগত দেহৰক্ষী নিয়োগ কৰাৰ কাৰণ কি বুলি তেওঁ প্ৰশ্ন কৰিছে । ব্যক্তিগত দেহৰক্ষীৰ লগতে বিধায়কজনে সুৰক্ষাত ব্যক্তিগত এছক'ৰ্ট বাহন ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰা হৈছে পত্ৰখনত । সেয়েহে নির্বাচিত এজন জনপ্রতিনিধিক চৰকাৰৰ প্ৰশাসন যন্ত্ৰই সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে নেকি বুলিও প্রশ্ন কৰি সমগ্ৰ বিষয়টো তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ তেওঁ আৰক্ষী সঞ্চালক প্রধানক আহ্বান জনাইছে ।

Rekibuddin
ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ভিতৰত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত থকা অন্য ৰাজ্যৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে অত্যাধুনিক মৰাণাস্ত্ৰ সহ প্ৰৱেশ কৰি নিচেই কাষত কেনেকৈ স্থান পালে । চৰকাৰ তথা প্ৰশাসনে অতি সোনকালে তদন্ত কৰি এইক্ষেত্রত বিহীত ব্যৱস্থা ল'ব লাগে বুলিও তেওঁ সদৰি কৰে । লগতে তেওঁ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনায় ।

লগতে পঢ়ক :Asrani in Nalbari Raas Festival: নলবাৰী ৰাসলৈ আহিব কমেডী কিং আছৰানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.