ETV Bharat / bharat

Amit Shah meet with IB officials: দিল্লীত চোৰাংচোৱা ব্যুৰ'ৰ সৈতে বৈঠকত অমিত শ্বাহ

author img

By

Published : Nov 9, 2022, 12:48 PM IST

Updated : Nov 9, 2022, 1:07 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক বৈঠকত দেশৰ শক্তিশালী আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ সামগ্ৰিক আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি,চোৰাংচোৱা সংগ্ৰহ, নেটৱৰ্ক আৰু অন্যান্য দিশৰ বুজ ল'ব । বৈঠকখনত সন্ত্ৰাসবাদী ভাবুকি আৰু গোলকীয় সন্ত্ৰাসবাদী সংগঠন (global terrorist organisations),সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আদি সন্দৰ্ভত আলোচনা কৰা হ'ব ।

Amit Shah on IB meeting
দিল্লীত চোৰাংচোৱা ব্যুৰ'ৰ বৈঠকত অমিত শ্বাহ

নেশ্য়নেল ডেস্ক, ৯নৱেম্বৰ: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) বুধবাৰে নতুন দিল্লীত দেশৰ চোৰাংচোৱা ব্যুৰ'ৰ (Intelligence Bureau) বিষয়াসকলৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰিব । উল্লেখ্য় যে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ স্থিতি,সন্ত্ৰাসবাদৰ ভাবুকি (discussion on threats of terrorism) আৰু ফেডাৰেল আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিবলৈ বৈঠকখন অনুষ্ঠিত কৰা হৈছে ।

এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই কয়,"গৃহ মন্ত্ৰী অমিত শ্বাহে সামগ্ৰিক আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি, চোৰাংচোৱা সংগ্ৰহ নেটৱৰ্ক আৰু দেশত শক্তিশালী আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় অন্যান্য দিশসমূহৰ বুজ ল'ব (Discussion on internal security)।"

ইপিনে,গৃহ মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে লগতে কয় যে বৈঠকখনত সন্ত্ৰাসবাদী ভাবুকি আৰু গোলকীয় সন্ত্ৰাসবাদী সংগঠন (global terrorist organisations),সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আদি সন্দৰ্ভত আলোচনা কৰা হ'ব (financing of terrorism)। তদুপৰি উক্ত বৈঠকত নাৰ্কো-সন্ত্ৰাসবাদ,সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদৰ মাজৰ সম্পৰ্ক (organized crime and terrorism), চাইবাৰস্পেচৰ অবৈধ ব্যৱহাৰ সম্পৰ্কেও আলোচন কৰাৰ সম্ভাৱনা আছে । বিষয়াগৰাকীয়ে পুনৰ কয় যে বিদেশী সন্ত্ৰাসবাদীৰ চলাচলৰ দৰে বিষয়সমূহো সামৰি লোৱা হ'ব বুলি আশা কৰা হৈছে ।

এই বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা (Union Home Secretary Ajay Kumar Bhalla) আৰু আইবিৰ মুৰব্বী তপন ডেকা উপস্থিত থাকিব (Chief of Intelligence Bureau)। তদুপৰি সমগ্ৰ দেশৰ চোৰাংচোৱা সম্পৰ্কীয় বিষয়ৰ সৈতে জড়িত শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:Nitin Gadkari appreciated Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা নীতিন গাডকাৰীৰ

Last Updated :Nov 9, 2022, 1:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.