ETV Bharat / bharat

Nitin Gadkari appreciated Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা নীতিন গাডকাৰীৰ

author img

By

Published : Nov 9, 2022, 11:48 AM IST

প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী ড৹ মনমোহন সিঙে আৰম্ভ কৰা অৰ্থনৈতিক সংস্কাৰে ভাৰতক এক নতুন দিশ দেখুৱাবলৈ কাম কৰিছিল বুলি উল্লেখ নীতিন গাডকাৰীৰ(Road Transport and Highways Minister Nitin Gadkari) ৷ মহাৰাষ্ট্ৰৰ পথ নিৰ্মাণৰ বাবে ধন সংগ্ৰহ কৰাত ড৹ মনমোহন সিঙে সহায় কৰাৰ কথাও উল্লেখ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

Road Transport and Highways Minister Nitin Gadkari
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা নীতিন গাডকাৰীৰ

নিউজ ডেস্ক, ৯ অক্টোবৰ: দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ড৹ মনমোহন সিঙক(Former PM Manmohan Singh) মঙলবাৰে উচ্চ প্ৰশংসা কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নীতিন গাডকাৰীয়ে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে দেশক এক নতুন দিশ প্ৰদান কৰিলে বুলি প্ৰশংসা কৰি তেওঁৰ এই সংস্কাৰৰ বাবে দেশ তেওঁৰ ওচৰত ঋণী বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে(Indebted to Manmohan Singh) ।

'টেক্স ইণ্ডিয়া অনলাইন' পৰ্টেলৰ দ্বাৰা আয়োজিত টিআইঅ'এল বঁটা ২০২২' অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এনেদৰে প্ৰশংসা কৰে ৷ তেওঁ কয় যে, ১৯৯১ চনত তদানীন্তন বিত্তমন্ত্ৰী ড৹ মনমোহন সিঙে আৰম্ভ কৰা অৰ্থনৈতিক সংস্কাৰে ভাৰতক এক নতুন দিশ দেখুৱাবলৈ কাম কৰিছিল(Liberal economic policy) । ড৹ সিঙৰ উদাৰ অৰ্থনীতিৰ বাবে দেশখনে এক নতুন দিশ লাভ কৰিছে । তাৰ বাবে, দেশখন মনমোহন সিঙৰ ওচৰত ঋণী ।

গাডকাৰীয়ে ১৯৯০ ৰ দশকত মহাৰাষ্ট্ৰৰ পথৰ বাবে ধন সংগ্ৰহ কৰাত ড৹ মনমোহন সিঙে সহায় কৰাৰ কথাও গাডকাৰীয়ে অনুষ্ঠানটোত উল্লেখ কৰে । তেওঁ কয় যে ড৹ মনমোহন সিঙে আৰম্ভ কৰা অৰ্থনৈতিক সংস্কাৰৰ বাবেই তেওঁ মহাৰাষ্ট্ৰৰ মন্ত্ৰী হৈ থাকোতে এই পথ প্ৰকল্পসমূহৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

গাডকাৰীয়ে আৰু কয় যে, ভাৰতক এক উদাৰ অৰ্থনৈতিক নীতিৰ প্ৰয়োজন যাৰ উদ্দেশ্য হৈছে দৰিদ্ৰ লোকসকলকো লাভান্বিত কৰা । উদাৰ অৰ্থনৈতিক নীতি কৃষক আৰু দৰিদ্ৰসকলৰ বাবে । তেওঁ উদাৰ অৰ্থনৈতিক নীতিৰ জৰিয়তে দেশখনৰ বিকাশ কৰাৰ ক্ষেত্ৰত চীনৰ উদাহৰণ দাঙি ধৰে । ভাৰতৰ কথা উল্লেখ কৰি গাডকাৰীয়ে কয় যে অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে দেশক অধিক মূলধন বিনিয়োগৰ প্ৰয়োজন হ'ব(Need for a liberal economic policy) ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে সমগ্ৰ দেশত ২৬ টা এক্সপ্ৰেছৱে নিৰ্মাণৰ কথা উল্লেখ কৰি তেওঁ পথ নিৰ্মাণ ক্ষেত্ৰত কেতিয়াও পুঁজিৰ অভাৱৰ সন্মুখীন হোৱা নাই বুলি জানিবলৈ দিয়ে । তেওঁ কয় যে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও ঘাইপথ নিৰ্মাণৰ বাবে সাধাৰণ মানুহৰ পৰা ধন সংগ্ৰহ কৰি আছে । গাডকাৰীৰ মতে, ২০২৪ চনৰ শেষৰ ফালে এনএইচএআইৰ টোল ৰাজহ বৰ্তমানৰ ৪০,০০০ কোটি টকাৰ পৰা ১.৪০ লাখ কোটি টকালৈ বৃদ্ধি হ'ব ।

লগতে পঢ়ক : New CJI: দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে আজি শপত ল’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.