ETV Bharat / bharat

New CJI: দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে আজি শপত ল’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

author img

By

Published : Nov 9, 2022, 8:38 AM IST

Updated : Nov 9, 2022, 9:16 AM IST

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আজি শপত ল’ব ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপতবাক্য পাঠ কৰাব ডি ৱাই চন্দ্ৰচূড়ক(New CJI) ৷ ন্যায়াধীশ চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড় উচ্চতম ন্যায়ালয়ৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্য ন্যায়াধীশ আছিল ৷

The 50th Chief Justice of India
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

নিউজ ডেস্ক, ৯ অক্টোবৰ: ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে আজি অৰ্থাৎ বুধবাৰে শপত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে(Justice DY Chandrachud) । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত দেশৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে আজি শপতবাক্য পাঠ কৰাব(President Droupadi Murmu) । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ কাৰ্যকাল সমাপ্ত হোৱা তেওঁ ১১ অক্টোবৰত ডি ৱাই চন্দ্ৰচূড়ক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল ।

ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ১৭ অক্টোবৰত তেওঁক পৰৱৰ্তী চিজেআই হিচাপে নিযুক্তি দিয়ে(The 50th Chief Justice of India) । ন্যায়াধীশ চন্দ্ৰচূড়ৰ জন্ম ১৯৫৯ চনৰ ১১ নৱেম্বৰত হৈছিল আৰু ২০১৬ চনৰ ১৩ মে’ত তেওঁ শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হৈছিল । ন্যায়াধীশ চন্দ্ৰচূড়ৰ পিতৃ ৱাই ভি চন্দ্ৰচূড়ো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল(Chief Justice of India Y V Chandrachud) ৷ তেওঁ পিতৃ শীৰ্ষ ন্যায়ালয়ৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্য ন্যায়াধীশ আছিল ।

ৱাই ভি চন্দ্ৰচূড়ে ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈ প্ৰায় ৭ বছৰ ৪মাহ ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল । ডি ৱাই চন্দ্ৰচূড়ে ৰাজধানী চহৰ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি সম্পূৰ্ণ কৰে ৷ ইয়াৰ পাছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এলএলএম আৰু ন্যায়িক বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ বয়সত অৱসৰ লয় । সেই অনুসৰি ন্যায়াধীশ চন্দ্ৰচূড়ে ২০২৪ চনৰ ১০ নৱেম্বৰলৈকে দুবছৰৰ বাবে এই পদত থাকিব । ন্যায়াধীশ চন্দ্ৰচূড় কেইবাখনো সংবিধান বিচাৰপীঠ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অংশ আছিল যিয়ে যুগান্তকাৰী ৰায়দান কৰিছিল ।

তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল । ন্যায়াধীশ চন্দ্ৰচূড়ক ১৯৯৮ চনৰ জুন মাহত বোম্বাই উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল আৰু একে বছৰতে তেওঁ অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে নিযুক্ত হৈছিল । ইয়াৰ ভিতৰত আছে অযোধ্যা ভূমি বিবাদ, ভাৰতীয় দণ্ডবিধি ধাৰা ৩৭৭ ৰ অধীনত সমকামিতাক বৈধ ঘোষণা কৰা, আধাৰ আঁচনিৰ বৈধতা সম্পৰ্কীয় বিষয়, সবৰীমালা প্ৰসংগ, সেনাত মহিলা বিষয়াসকলক স্থায়ী কমিছন প্ৰদান, ভাৰতীয় নৌসেনাৰ মহিলা বিষয়াসকলক স্থায়ী আয়োগ ।

লগতে পঢ়ক : Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু

Last Updated :Nov 9, 2022, 9:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.