ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 1, 2022, 12:59 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

ধান ক্ৰয়ত ৰাজ্য় চৰকাৰৰ ৭৫ বছৰীয়া ইতিহাস ভংগ

ৰাজ্য চৰকাৰৰ বিভিন্ন প্রতিষ্ঠানে কৃষকৰ পৰা ক্ৰয় কৰিলে ৫ লাখ মেট্রিক টন ধান(Record of paddy procurement in Assam)। ৰাজ্যৰ ৪৩ হাজাৰ কৃষক পৰিয়ালে কুইণ্টলে প্রতি ১৯৪০ টকা দামত লাভ কৰিলে মুঠ ৯৭২ কোটি টকা । লক্ষ্যত উপনীত নহ'লেও ৰাজ্য চৰকাৰে ধান ক্ৰয়ৰ ক্ষেত্রত সৃষ্টি কৰিলে অভিলেখ ।

জোনাইৰ গণহত্যা কাণ্ড সন্দৰ্ভত ধেমাজি আৰক্ষী অধীক্ষকৰ মন্তব্য

জোনাইৰ গণহত্যা কাণ্ড (Mob lynching at Jonai) ৷ বুধবাৰে নিশা সোপাধৰাৰ সন্দেহত ৰাইজে খেদি খেদি প্ৰহাৰ কৰি হত্যা কৰিলে এজন লোকক ৷ সম্প্ৰতি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই ৷ ইতিমধ্যে চিনাক্ত হৈছে গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন (Man killed in Jonai mob lynching identified) মৃত লোকজন ধেমাজিৰ গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা (32) ৷ গোলাপ বৰুৱা আছিল মানসিকভাৱে বিকাৰগ্ৰস্ত (Dead in mob lynching at Jonai) ৷

ধৃত জেহাদী আজমলক দুধনৈত মাৰাথন জেৰা

শেহতীয়াকৈ গোৱালপাৰাত গ্ৰেপ্তাৰ হৈছিল আব্দুছ ছোৱাহান নামৰ এটা জেহাদী । ছোৱাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে গুৱাহাটীত অভিযান চলাই আন এটা জেহাদীক আটক কৰিছিল আৰক্ষীয়ে (Jihadi arrested in Guwahati)। অৱশেষত আজমল হুছেইন নামৰ জেহাদীটোক গ্ৰেপ্তাৰ কৰি দুধনৈ থানাত মাৰাথন জেৰা চলোৱা হৈছে । বাংলাদেশত অল কায়দাত যোগদান কৰিছিল ধৃত আজমল হুছেইনে ।

কৰ্ণাটকৰ মুৰুঘা মঠৰ মুখ্য ধৰ্মগুৰুৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ অনুৰোধ এনচিপিচিআৰৰ

এনচিপিচিআৰে অনুৰোধ কৰে যে ইয়াৰ এটা তদন্ত কৰা উচিত আৰু ই নিশ্চিত কৰিব লাগিব যে ভুক্তভোগীৰ পৰিচয় যাতে প্ৰকাশ কৰা নহয় (NCPCR requested an inquiry)।

অসমত জেহাদীৰ কাৰ্যকলাপ সম্পৰ্কে জয়ন্ত মল্ল বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য

তেজপুৰত জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা,'অসমত জেহাদীৰ কাৰ্যকলাপক লৈ চৰকাৰৰ হাতত সম্পূৰ্ণ তথ্য আছে ।' তথ্যৰ ভিত্তিত চৰকাৰে মাদ্ৰাছাসমূহ নিস্ক্ৰিয় কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে (Jayanta Malla Baruah on Jihadi activities)। সাম্প্ৰদায়িক ৰাজনীতি, অসমৰ যুৱক-যুৱতীৰ আলফালৈ গমন সম্পৰ্কেও প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ । পুৱাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দৰ্শন মন্ত্ৰী বৰুৱাৰ ।

অনন্ত মহাৰাজৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া

চিৰাঙত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া (Kokrajhar MP Naba Kumar Sarania) । কোনোপধ্যেই সম্ভৱ নহয় কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য । বিজেপিয়ে ব্যৱহাৰ কৰিছে অনন্ত মহাৰাজক (MP Naba Kumar Sarania reaction on Ananta Maharaja) । কি হ'ব সাংসদ নৱ কুমাৰ শৰণীয়াৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ ৰণকৌশল ।

ONGC ৰ অৱশিষ্ট তেলে ধ্বংস কৰিছে বিঘাই বিঘাই কৃষি ভূমি

তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাত অৱস্থিত ONGCৰ পৰা ওলাই অহা তেলৰ অৱশিষ্টই বিঘাই বিঘাই কৃষি ভূমি ধ্বংস (Oil Leakage From ONGC Damages Agricultural Land) কৰাৰ অভিযোগ কৰিছে স্থানীয় কৃষকসকলৰ লগতে বৰহোলা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড

গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড (Murder Case in Golaghat) ৷ আৰৱেল কেৰ্কেটা নামৰ এজন লোকক প্ৰথমে প্ৰহাৰ আৰু তাৰ পাছত ডিঙি চেপি হত্যা ৷ হত্যাৰ অভিযোগত আটক গৌতম বিশ্বাস নামৰ এজন লোকক ৷ আটকাধীন গৌতম বিশ্বাস মৃত লোকজনৰ সতীৰ্থ বুলি জানিব পৰা গৈছে ৷

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান চিকিৎসাধীন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত ভৰ্তি ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান (Journalist Parvezur Rahman admitted in GMCH)। জটিল ৰোগত আক্ৰান্ত সাংবাদিকগৰাকী । তেওঁৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন ।

বঙাইগাঁৱত ডাম্পাৰৰ দৌৰাত্ম্য

ৰাজ্যৰ ভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম প্ৰতিদিনে বৃদ্ধি পাইছে । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰে চলোৱা দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে পথচাৰী তথা সাধাৰণ নাগৰিক । শেহতীয়াকৈ বঙাইগাঁৱত চৰকাৰক ৰয়েল্টি নিদিয়াকৈ প্ৰতি নিশা শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Overload dumper running at high speed )। বন বিভাগৰ লগত গোপন বুজাবুজি কৰি চৰকাৰী ৰয়েল্টি নিদিয়াকৈ সৰভোগৰ জামাদাৰবড়ীৰ পৰা প্ৰতি নিশা শিল বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ পাৰাপাৰ হোৱাত বুধবাৰে ৰাইজে অতিষ্ঠ হৈ নিশা গোলাপাৰাত তিনিখন শিল বালি ভৰ্তি ডাম্পাৰ ৰখাই বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ লোক উপস্থিত নহ’ল (Over loading Dumper news) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.