বঙাইগাঁৱত ডাম্পাৰৰ দৌৰাত্ম্য

By

Published : Sep 1, 2022, 12:12 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম প্ৰতিদিনে বৃদ্ধি পাইছে । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰে চলোৱা দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে পথচাৰী তথা সাধাৰণ নাগৰিক । শেহতীয়াকৈ বঙাইগাঁৱত চৰকাৰক ৰয়েল্টি নিদিয়াকৈ প্ৰতি নিশা শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Overload dumper running at high speed )। বন বিভাগৰ লগত গোপন বুজাবুজি কৰি চৰকাৰী ৰয়েল্টি নিদিয়াকৈ সৰভোগৰ জামাদাৰবড়ীৰ পৰা প্ৰতি নিশা শিল বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ পাৰাপাৰ হোৱাত বুধবাৰে ৰাইজে অতিষ্ঠ হৈ নিশা গোলাপাৰাত তিনিখন শিল বালি ভৰ্তি ডাম্পাৰ ৰখাই বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ লোক উপস্থিত নহ’ল (Over loading Dumper news) । অৱশ্যে পিছলৈ বৰষুণৰ সুযোগ লৈ ডাম্পাৰকেইখন সেই স্থানৰ পৰা পলায়ন কৰে বুলি ৰাইজে জানিবলৈ দিয়ে ৷ বন বিভাগৰ লগত গোপন বুজাবুজি কৰি চৰকাৰী ৰয়েল্টি নিদিয়াকৈ সৰভোগৰ জামাদাৰবড়ীৰ পৰা প্ৰতি নিশা এনেদৰে শিল বালি ভৰ্তি অভাৰ লোডিং ডাম্পাৰ পাৰাপাৰ হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.