অন্তিম শয়নত ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাতা ৰামোজী ৰাও: শোকসন্তপ্ত তেলেংগানা - Ramoji Rao passes away in hyderabad
Media baron Ramoji Rao no more : দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত শনিবাৰে ইহসংসাৰৰ পৰা মেলানি মাগিলে ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা দাক্ষিণাত্যৰ এগৰাকী সফল উদ্যোগী ৰামোজী ৰাৱে ৷ শোকসন্তপ্ত তেলেংগানাবাসী ৷ বহু বিশিষ্ট ব্যক্তিৰ শোকপ্ৰকাশ ৷

Published : June 8, 2024 at 7:37 AM IST
নেশ্যনেল ডেস্ক, 8 জুন : দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱাই দেহাৱসান ঘটে । চলিত মাহৰ 5 তাৰিখে ৰাওৱে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় 4:50 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেলুগু সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি অহা ৰামোজী ৰাও-এ ।
ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটি, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী । মিডিয়া বেৰনগৰাকী ঈনাডু বাতৰি কাকত, ই টিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল।
দাক্ষিণাত্যৰ বিশিষ্ট উদ্যোগীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত নৰেন্দ্ৰ মোদী, জি কিষাণ ৰেড্ডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেলুগু সংবাদ মাধ্যম তথা সাংবাদিকতা ক্ষেত্ৰৰ সমান্তৰালভাবে ছবি আৰু মনোৰঞ্জন জগতখনৈও থকা ৰাওৰ অৱদানক বিশিষ্ট ৰাজনৈতিক নেতাসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সামাজিক মাধ্যমযোগে ।
X যোগে মোদীয়ে কয়, "শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যু অত্যন্ত দুখজনক । ভাৰতীয় সংবাদ মাধ্যমত বিপ্লৱৰ সৃষ্টি কৰা এজন দূৰদৰ্শী ব্যক্তি ৰামোজী । তেওঁৰ চহকী অৱদানে সাংবাদিকতা আৰু চলচ্চিত্ৰ জগতত এক অবিস্মৰণীয় চিন ৰাখি থৈ গৈছে ।"
তেওঁ লগতে কয় যে তেওঁৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ জ্ঞানৰ পৰা উপকৃত হোৱাৰ কেইবাটাও সুযোগ পাইছো।এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিছো।
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয়, "শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যুত দুখী । তেলুগু সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ গভীৰ সমবেদনা । ওঁম শান্তি।"
টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱেও ৰাওৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি তেওঁক তেলুগু সংস্কৃতিৰ চেম্পিয়ন আৰু সমাজ কল্যাণৰ অক্লান্ত পোষক ৰূপে স্বীকৃতি দিয়ে । তেওঁ কয়, "আজি কোম্পানী গোটৰ অধ্যক্ষ ৰামোজী ৰাও ডাঙৰীয়াৰ মৃত্যুৱে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে । তেওঁৰ মৃত্যু কেৱল তেলুগু জনসাধাৰণৰ বাবেই নহয় ৷ দেশৰ বাবেও এক বৃহৎ ক্ষতি ।"
ৰামোজী ৰাওৰ মৃত্যুত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷
শাৰীৰিকভাৱে চিৰবিদায় মাগিলেও ৰাওৰ তেলুগু সমাজ জীৱনলৈ থকা অৱদানসমূহ চিৰদিন খোদিত হৈ থাকিব তেলুগু সংস্কৃতিৰ প্ৰাণস্পন্দনত ৷
লগতে পঢ়ক: ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক সশ্ৰদ্ধ স্মৰণ - TRIBUTE TO THANESWAR BORO

