ETV Bharat / city

ONGC ৰ অৱশিষ্ট তেলে ধ্বংস কৰিছে বিঘাই বিঘাই কৃষি ভূমি

author img

By

Published : Sep 1, 2022, 12:47 PM IST

তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাত অৱস্থিত ONGCৰ পৰা ওলাই অহা তেলৰ অৱশিষ্টই বিঘাই বিঘাই কৃষি ভূমি ধ্বংস (Oil Leakage From ONGC Damages Agricultural Land) কৰাৰ অভিযোগ কৰিছে স্থানীয় কৃষকসকলৰ লগতে বৰহোলা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

oil-leakage-from-ongc-damages-agricultural-land-at-titabor
ONGC ৰ অৱশিষ্ট তেলে ধ্বংস কৰিছে বিঘাই বিঘাই কৃষি ভূমি

তিতাবৰ, 1 চেপ্তেম্বৰ: এফালে খৰাং, আনফালে ONGC তৈল খাদৰ পৰা নিৰ্গত হোৱা তেলৰ অৱশিষ্টই বিপদত পেলাইছে তিতাবৰৰ শিলডুবিৰ কৃষকসকলক ৷ শিলডুবিৰ BR50 নামৰ খাদটোৰ পৰা নিৰ্গত হোৱা তেলৰ অৱশিষ্টই অনিষ্ট কৰিছে বিঘাই বিঘাই কৃষিভূমি (Oil Leakage From ONGC Damages Agricultural Land) ৷

ONGC ৰ অৱশিষ্ট তেলে ধ্বংস কৰিছে বিঘাই বিঘাই কৃষি ভূমি

এই সন্দৰ্ভত গাঁৱৰ ৰাইজে ONGCক লিখিতভাৱে ঘটনাটো অৱগত কৰিছে যদিও কাণসাৰ নাই ONGC কৰ্তৃপক্ষৰ ৷ ফলত ক্ষোভিত হৈ ওলাই আহিল বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ আৰু গাঁওবাসী ৷ অনিষ্ট হোৱা কৃষিৰ মূল্য দিবলৈ ONGC ক বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ আৰু গাঁওবাসীয়ে পাঁচ দিনৰ সময় সীমা বান্ধী দিছে ৷

অন্যথা কৃষকৰ সহযোগত বৃহৎ কাৰ্যসূচী গঢ়ি তুলাৰ হুংকাৰ দিয়ে যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়ক: জোনাইৰ গণহত্যা কাণ্ড সন্দৰ্ভত ধেমাজি আৰক্ষী অধীক্ষকৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.