ETV Bharat / state

ধান ক্ৰয়ত ৰাজ্য় চৰকাৰৰ ৭৫ বছৰীয়া ইতিহাস ভংগ

author img

By

Published : Sep 1, 2022, 12:30 PM IST

ৰাজ্য চৰকাৰৰ বিভিন্ন প্রতিষ্ঠানে কৃষকৰ পৰা ক্ৰয় কৰিলে ৫ লাখ মেট্রিক টন ধান(Record of paddy procurement in Assam)। ৰাজ্যৰ ৪৩ হাজাৰ কৃষক পৰিয়ালে কুইণ্টলে প্রতি ১৯৪০ টকা দামত লাভ কৰিলে মুঠ ৯৭২ কোটি টকা । লক্ষ্যত উপনীত নহ'লেও ৰাজ্য চৰকাৰে ধান ক্ৰয়ৰ ক্ষেত্রত সৃষ্টি কৰিলে অভিলেখ ।

Record of paddy procurement in Assam
ধান ক্ৰয়ত ৰাজ্য় চৰকাৰৰ ৭৫ বছৰীয়া ইতিহাস ভংগ

গুৱাহাটী, ১ ছেপ্তেম্বৰ: নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও ধান ক্ৰয়ৰ ক্ষেত্রত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে ৰাজ্য চৰকাৰে(Records paddy procurement of Assam govt)। স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসৰ অভিলেখ ভংগ কৰি চলিত বছৰত ন্যূনতম সমর্থিত মূল্যত(Minimum Support Value of paddy)৫ লাখ মেট্রিক টন ধান কৃষকৰ পৰা ৰাজ্য চৰকাৰে বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ক্রয় কৰিবলৈ সক্ষম হ'ল । ইয়াৰ ফলত ৰাজ্যৰ মুঠ ৪৩,০০০ কৃষক পৰিয়ালে কুইণ্টলে প্রতি ১৯৪০ টকা দৰত মুঠ ৯৭২ কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ল ।

Record of paddy procurement in Assam
ধান ক্ৰয়ত ৰাজ্য় চৰকাৰৰ ৭৫ বছৰীয়া ইতিহাস ভংগ

অভিলেখ পৰিমাণৰ ধান কৃষকে প্রাপ্য দামত বিক্ৰী কৰিব পৰাটো অসমৰ দৰে কৃষি প্রধান ৰাজ্য এখনৰ কৃষকসকলৰ বাবে ইতিবাচক আৰু আনন্দৰ বতৰা বুলি অভিহিত কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই (Minister Atul Bora revealed on MSV)। তেওঁ কয় যে মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই(CM Dr Himanta Biswa Sarma)ৰাজ্যৰ কৃষকসকলক তেওঁলোকৰ উৎপাদিত ফচলৰ প্ৰাপ্য দাম কুইণ্টলে প্রতি ১৯৪০ টকা লাভ কৰাৰ ক্ষেত্ৰত সবল পদক্ষেপ গ্ৰহণ কৰিছিল । মধ্যভোগী ব্যৱসায়ীক আঁতৰাই মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰাৰ দূৰদৰ্শী পদক্ষেপৰ বাবেই আজি ৰাজ্যখনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল । এই পদক্ষেপৰ জৰিয়তে অনাগত সময়ত ৰাজ্যৰ কৃষি ক্ষেত্ৰখনত অধিক বৈপ্লৱিকপৰিৱৰ্তনৰ সূচনা হোৱাৰ লগতে অসমৰ কৃষকসকল অধিক উৎপাদনমুখী হৈ পৰিব বুলি কৃষি মন্ত্ৰী বৰাই সদৰি কৰে ।

Record of paddy procurement in Assam
ধান ক্ৰয়ত ৰাজ্য় চৰকাৰৰ ৭৫ বছৰীয়া ইতিহাস ভংগ

উল্লেখ যে ৰাজ্য চৰকাৰে মুঠ ছটা প্রতিষ্ঠান ক্ৰমে ভাৰতীয় খাদ্য নিগম(Food Corporation of India),অসম কৃষি সামগ্রী বিপণন পৰিষদ(Assam Agricultural Produce Marketing Board), ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন(NAFED),ভাৰতৰ কৃষক ক্ৰয়,প্ৰক্ৰিয়াকৰণ আৰু খুচুৰা ব্যৱসায়িক সমবায়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন(NACOF),খাদ্য আৰু অসামৰিক যোগান নিগম(Food and Civil Supplies Corporation),এন চি চি এফক(NCCF)কৃষকৰ উৎপাদিত ১০ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ দায়িত্ব দিছিল । নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহ'লেও পূৰ্বৰ বছৰসমূহৰ তুলনাত এইবছৰ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ত ৰাজ্য চৰকাৰ অভিলেখ গঢ়িবলৈ সক্ষম হ'ল ।

উল্লেখ্য় যে চলিত বছৰৰ তুলনাত পূৰ্বৰ বছৰসমূহতো ৰাজ্য চৰকাৰে ন্যূনতম সমর্থিত দামত ধান ক্রয় কৰিবলৈ বিভিন্ন প্রতিষ্ঠানক দায়িত্ব দিছিল যদিও ধান ক্ৰয়ৰ পৰিমাণ অতি সামান্য আছিল । চৰকাৰে দায়িত্ব দিয়া প্রতিষ্ঠানসমূহে অতি সামান্য পৰিমাণৰ ধান ক্রয় কৰিয়েই দায়িত্ব সামৰিছিল । ২০১৮-১৯ বৰ্ষত অসমৰ কৃষকৰ পৰা ন্যূনতম সমর্থিত দামত মাত্র ১.৫৩ লাখ মেট্ৰিক টন, ২০১৯-২০ বৰ্ষত ৩.১৫ মেট্ৰিক টন আৰু ২০২০-২১ বৰ্ষত ২.১১ লাখ মেট্ৰিক টন ধানহে ক্ৰয় কৰিছিল ।

মুখ্যমন্ত্ৰী ড৹শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত চলিত বছৰত কৃষকৰ পৰা সৰ্বকালৰ অভিলেখ ভংগ কৰি ৫ লাখ মেট্ৰিক টন ধান ন্যূনতম সমর্থিত দামত প্রতিষ্ঠানসমূহে ক্ৰয় কৰাত কৃষক পৰিয়ালে বেংক একাউণ্টত মুঠ ৯৭২ কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ল । উল্লেখ্য় যে শালি ধান ক্ৰয় কৰিবলৈ ৰাজ্যৰ বিভিন্ন জিলাত ১৮৫টা ধান ক্রয় কেন্দ্ৰ স্থাপন কৰা হৈছিল । আনহাতে,ছেপ্টেম্বৰত বৰোধান ক্রয় কৰিবলৈ মুঠ ৯৬ টা ক্রয় কেন্দ্র স্থাপন কৰা হৈছে।

লগতে পঢ়ক:বিটিআৰত ইউপিপিএলে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ চিৰাং বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.