বিটিআৰত ইউপিপিএলে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ চিৰাং বিজেপিৰ

author img

By

Published : Sep 1, 2022, 10:19 AM IST

Chirang

চিৰাঙৰ ঢালিগাঁৱত বিজেপিৰ কাজলগাঁও মণ্ডল সমিতিৰ সংবাদমেল (Chirang BJP Press meet on Alliance)। ইউপিপিএলে মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰাৰ অভিযোগ বিজেপিৰ (BJP accuses UPPL to not protecting alliance) । চিৰাঙত ইউপিপিএলে বিভিন্ন পৰ্যায়ত দুৰ্নীতি কৰাৰ অভিযোগ লাভ কৰাৰ কথা স্বীকাৰ বিজেপিৰ সংবাদমেলত (BJP alleged UPPL on corruption in Chirang) ।

চিৰাং, ১ ছেপ্টেম্বৰ : বিজেপি-ইউপিপিএলৰ মিত্ৰজোঁটৰ চৰকাৰ অসমত (BJP alliance with UPPL in Assam) । একেদৰে বিটিআৰতো । কিন্ত বিটিআৰত মিত্ৰতাৰ সমান অধিকাৰ পাইছেনে বিজেপি বা গণ সুৰক্ষা পাৰ্টীয়ে ? এই লৈ শেহতীয়াকৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ (BJP accuses UPPL to not protecting alliance) । বুধবাৰে চিৰাঙৰ ঢালিগাঁৱত কাজলগাঁও মণ্ডল সমিতি বিজেপিৰ সংবাদমেলত উত্থাপন কৰে বহু প্ৰশ্নৰ ।

সংবাদমেলত বিজেপি-ইউপিপিএলৰ মিত্ৰতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে বিজেপি দলে । ইউপিপিলে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ কৰে বিজেপিৰ তৰফৰ পৰা (Chirang BJP Press meet on Allience) । কাজলগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক পুলক বসুমতাৰীয়ে সংবাদমেলত উত্থাপন কৰে এই অভিযোগ । বসুমতাৰীয়ে কয় যে চিৰাং জিলাত কোনো এটা ক্ষেত্ৰতে ইউপিপিএল দলে ৰক্ষা কৰা নাই মিত্ৰতাৰ ধৰ্ম । কেন্দ্ৰীয় পৰ্যায়ত বিজেপি-ইউপিপিএলৰ মিত্ৰতা চলি আছে ।

কাজলগাঁৱৰ পৰা বিজেপিৰ সহায়ত ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ হৈছে । কেন্দ্ৰীয় বা ৰাজ্যিক পৰ্যায়ত মিত্ৰতা ঠিকে চলি আছে যদিও তৃণমূল পৰ্যায়ত মিত্ৰতাৰ ধৰ্ম ৰক্ষা হোৱা নাই বুলি অভিযোগ কৰে মণ্ডল বিজেপিৰ সম্পাদকজনে । তেওঁ কয়, "আমি তৃণমূল পৰ্যায়ৰ বিজেপিকৰ্মী হৈ উপলব্ধি কৰিছোঁ যে আচলতে কোনো ক্ষেত্ৰতে মিত্ৰতাৰ ধৰ্ম ৰক্ষা হোৱা নাই ।" আনহাতে, মিত্ৰতাত থকা বাবে চৰকাৰ চলাওঁতে বিজেপিৰো এটা অংশীদাৰিত্ব থাকিব লাগিছিল যদিও বিটিআৰত তৃণমূল পৰ্যায়ত মিত্ৰতাৰ অংশীদাৰিত্ব নোহোৱা বুলি কয় তেওঁ (BJP alliance with UPPL in BTR) ।

বিজেপিয়ে সেই অংশীদাৰিত্বৰ দাবী জনায় । উল্লেখ্য, শেহতীয়াকৈ চিৰাঙত গঠন হোৱা টিচিএলচিচিত বিজেপিয়ে সভাপতি, উপ-সভাপতি বা সদস্যও নোপোৱা বুলি জনায় বিজেপিয়ে । একেদৰে ভিচিডিচি আৰু পৌৰসভাসমূহতো বিজেপিক উপেক্ষা কৰিছে ইউপিপিএলে । বাংগালডোবা ভিচিডিচিত এজন ভিচিডিচি সদস্য বিজেপিৰ পৰা দিছিল যদিও সেয়াও কৰ্তন কৰাৰ অভিযোগ কৰে সংবাদমেলত । কাজলগাঁও পৌৰসভাতো বিজেপিক উপেক্ষা কৰিছে ইউপিপিএলে । সভাপতি, উপ-সভাপতি দিয়া হোৱা নাই বিজেপিৰ পৰা । মাথোঁ এজন ৱাৰ্ড কমিছনাৰহে দিয়া বুলি জনায় (Chirang BJP Yuva Marcha alleged on BPPL) ।

বিজেপিয়ে নিজৰ অধিকাৰ বিচাৰি ইউপিপিএলৰ ব্লক, জিলা আৰু কেন্দ্ৰীয় সমিতিৰ সৈতে যোগাযোগ কৰিও কোনো গুৰুত্ব নোপোৱা বুলি জনায় সংবাদমেলত । এই সন্দৰ্ভত ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য প্ৰমোদ বড়ো (BTR Chief Pramod Boro), ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী, চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰী আদিৰ সৈতে বহুবাৰ যোগাযোগ কৰা বুলিও জনায় সংবাদমেলত । আনকি মিত্ৰ দুই দলৰ মাজত সমন্বয়ক সমিতি গঠনৰ প্ৰস্তাৱ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে ।

বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে জিলা বিজেপিক নিৰ্দেশ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যকৰী নকৰা বুলিও অভিযোগ কৰে । সংবাদমেলত লগতে এইবোৰ কাৰণতে বৰ্তমান বিজেপিৰ কাজলগাঁও মণ্ডলৰ কৰ্মকৰ্তাসকল মিত্ৰতা সন্দৰ্ভত ক্ষোভিত হৈ পৰা বুলি জনায় । বিজেপিৰ জিলা সভাপতিক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে পৌৰসভাৰ সভাপতি ইউপিপিএলৰ পৰা হোৱা হেতুকে টিচিএলচিচিৰ সভাপতি বিজেপিৰ পৰা হ'ব (BJP allegations on UPPL corruption) । কিন্ত তাৰ পৰিৱৰ্তে গোপনে ইউপিপিএলে টিচিএলচিচি গঠন কৰা বুলি অভিযোগ কৰে ।

কাজলগাঁও মণ্ডল বিজেপিৰ তৰফৰ পৰা সংবাদমেলযোগে দাবী জনায় যে চৰকাৰী যিসমূহ বোৰ্ড বা কমিটী আছে সেইসমূহত বিজেপি দলে অংশীদাৰিত্ব বা সদস্য দাবী কৰে যাতে চৰকাৰৰ আঁচনিসমূহ ভালদৰে ৰূপায়ণ হৈছেনে নাই সেয়া জানিব পৰা যায় আৰু দুৰ্নীতিমুক্ত দেশ গঢ়াত চৰকাৰক সহায় কৰিব পাৰে । সংবাদমেলত চিৰাং জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি টিচুংশ্ৰাং ব্ৰহ্মই কয় যে প্ৰকৃতাৰ্থত ইউপিপিএলৰে মিত্ৰতা যিদৰে থাকিব লাগিছিল সেইদৰে হোৱা দেখা নাই । বিজেপিক নজনোৱাকৈয়ে পৌৰসভা, ভিচিডিচি, টিচিএলচি আদিৰ কমিটীসমূহ গঠন কৰাৰ অভিযোগ কৰে ।

গাঁওসভাসমূহ কেতিয়া হয় সেয়াও বিজেপি দলক জনোৱা নহয় বুলি অভিযোগ কৰে সংবাদমেলত । যাৰ বাবে চিৰাং জিলাৰ বিভিন্ন স্তৰত বিভিন্ন দুৰ্নীতি সন্দৰ্ভত ৰাইজে বিজেপি নেতৃত্বক প্ৰশ্ন কৰা বুলি সংবাদমেলত বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিজনে জনায় (BJP alleged UPPL on corruption in Chirang)। তেওঁ লগতে কয় যে বিজেপিৰ কৰ্মকৰ্তা কোনো কমিটীত জড়িত নথকাৰ বাবেই বিজেপিয়ে এইসমূহ দুৰ্নীতিৰ ক্ষেত্ৰত অজ্ঞ । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহ, ভিচিডিচিৰ বিভিন্ন আঁচনিত দুৰ্নীতি, এমজি এনৰেগা আঁচনিত দুৰ্নীতি হোৱা বুলি স্বীকাৰ কৰে বিজেপিৰ চিৰাং জিলা যুৱ মৰ্চাৰ সভাপতিজনে ।

তেওঁ উক্ত সংবাদমেলযোগে ৰাইজক অৱগত কৰে যে যিহেতু বিজেপি কৰ্মকৰ্তা কোনো কমিটীত জড়িত নাই গতিকে উক্ত দুৰ্নীতিসমূহতো কোনো ধৰণে জড়িত নহয় । আনহাতে, বিজেপিৰ শীৰ্ষ নেতৃত্বক এই বিষয়সমূহ অৱগত কৰোৱা হৈছিল যদিও বিজেপি শীৰ্ষ নেতাক ইউপিপিএলৰ শীৰ্ষ নেতাই ইয়াৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু বাস্তৱত সেয়া কাৰ্যকৰী নকৰিলে । অসম চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈ আছে যদিও বিজেপিক উপেক্ষা কৰি চলিলে কেনেদৰে দুৰ্নীতিমুক্ত হৈ চলিব পৰা যাব বুলি চিৰাং জিলা বিজেপিয়ে প্ৰশ্ন কৰে ।

গতিকে বিজেপিৰ তৰফৰ পৰা নিজাববীয়াকৈ গাঁৱে গাঁৱে সোমাই ৰাইজৰ পৰা সকলো দুৰ্নীতিৰ তথ্য সংগ্ৰহ কৰি চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ সন্দৰ্ভত তদন্ত কৰাৰ কথা ঘোষণা কৰে চিৰাং জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিজনে । তেওঁ লগতে কয় যে এই যাৱতীয় তথ্য সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীক অৱগত কৰাব । সংবাদমেলত চিৰাং জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি টিচুংশ্ৰাং ব্ৰহ্ম, সাধাৰণ সম্পাদক বিকাশ দে, কাজলগাঁও মণ্ডল সভাপতি পুলক বসুমতাৰীসহ বিভিন্ন মৰ্চাৰ লগতে কেইবাজনো বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তৎপৰ মন্ত্ৰী বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.