ETV Bharat / state

অনন্ত মহাৰাজৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 1, 2022, 11:06 AM IST

চিৰাঙত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া (Kokrajhar MP Naba Kumar Sarania) । কোনোপধ্যেই সম্ভৱ নহয় কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য । বিজেপিয়ে ব্যৱহাৰ কৰিছে অনন্ত মহাৰাজক (MP Naba Kumar Sarania reaction on Ananta Maharaja) । কি হ'ব সাংসদ নৱ কুমাৰ শৰণীয়াৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ ৰণকৌশল ।

Naba Sarania
Naba Sarania

চিৰাং, ১ ছেপ্টেম্বৰ : বুধবাৰে চিৰাঙত উপস্থিত হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া (Kokrajhar MP Naba Kumar Sarania at Chirang) । সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত সাংসদজনে দেশৰ মুদ্ৰাস্ফীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ ৰাজনৈতিক সমীকৰণ কি হ'ব সেই সন্দৰ্ভত মন্তব্য আগবঢ়ায় (Naba Kumar Sarania comments on Lok Sabha election) । সাংসদজনে লগতে কোচবিহাৰ কেন্দ্ৰীয়শাসিত অঞ্চল কেতিয়াও নহয় বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

এই সন্দৰ্ভত তেওঁ কয়, বিজেপিয়ে অনন্ত মহাৰাজক ব্যৱহাৰ কৰিছে ৰাজনৈতিক স্বাৰ্থত (MP Naba Kumar Sarania reaction on Ananta Maharaja) । কাৰণ এইটো অঞ্চলত আক্ৰাছু অতিকে দুৰ্বল হৈ পৰিছে (BJP accused used Ananta Maharaja) । আক্ৰাছু কেইবাটাও ভাগত বিভক্ত হৈ পৰাত সাংগঠনিক শক্তি দুৰ্বল হৈছে সংগঠনটোৰ ।

গতিকে নতুন ৰাজনৈতিক নেতা লাগে বিজেপিক । আনহাতে, কোনো ৰাজ্যৰ সৈতে আলোচনা নকৰাকৈ কিদৰে কেন্দ্ৰীয়শাসিত অঞ্চল (Koch Bihar Union Territories) সৃষ্টি সম্ভৱ বুলিও প্ৰশ্ন কৰে সাংসদজনে (Ananta Maharaja controversial comments)।

উল্লেখ্য, পশ্চিম অসমৰ এক বৃহৎ আৰু পশ্চিমবংগৰ পূব অংশৰ সাতখনকৈ ৰাজ্য লগ‌লগাই এক নতুন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰতিষ্ঠা কৰা‌ হ'ব বুলি (koch Bihar will become union territory) শেহতীয়াকৈ চলা ব্যাপক চৰ্চাই আলোচনালৈ আনিছে এজন বিশেষ ব্যাক্তিৰ নাম ।‌‌ এই বিশেষ মানুহজনেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিশ্ৰুতিৰ দোহাই দি‌ শেহতীয়াকৈ ঘোষণা কৰিছে‌ যে অসম আৰু পশ্চিমবংগ ভংগ কৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব কোচবিহাৰ ৰাজ্য বা এক কেন্দ্ৰীয়শাসিত অঞ্চল ।‌‌

সময়টো ধৰি দি তেওঁ কৈছে যে অহা লোকসভা নিৰ্বাচনৰ আগতেই কেন্দ্ৰীয় চৰকাৰে এই পৰিকল্পনা বাস্তৱায়িত কৰিব । নিজৰ ৰাজনৈতিক আধিপত্য আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ (Home Minister Amit Shah) লগত থকা সম্পৰ্কৰ দোহাই দি এই বিশেষ ঘোষণা কৰা ব্যাক্তিগৰাকী হৈছে অনন্ত ৰায় মহাৰাজ ।

লগতে পঢ়ক :বিটিআৰত ইউপিপিএলে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ চিৰাং বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.