ধৃত জেহাদী আজমলক দুধনৈত মাৰাথন জেৰা

author img

By

Published : Sep 1, 2022, 10:47 AM IST

Updated : Sep 1, 2022, 11:21 AM IST

Jihadi

শেহতীয়াকৈ গোৱালপাৰাত গ্ৰেপ্তাৰ হৈছিল আব্দুছ ছোৱাহান নামৰ এটা জেহাদী । ছোৱাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে গুৱাহাটীত অভিযান চলাই আন এটা জেহাদীক আটক কৰিছিল আৰক্ষীয়ে (Jihadi arrested in Guwahati)। অৱশেষত আজমল হুছেইন নামৰ জেহাদীটোক গ্ৰেপ্তাৰ কৰি দুধনৈ থানাত মাৰাথন জেৰা চলোৱা হৈছে । বাংলাদেশত অল কায়দাত যোগদান কৰিছিল ধৃত আজমল হুছেইনে ।

গোৱালপাৰা,১ ছেপ্টেম্বৰ : জেহাদীৰ ঘাটিত পৰিণত হৈছে অসম (Jihadi activity in Assam)। শেহতীয়াকৈ আৰক্ষীয়ে নিজে স্পষ্ট কৰি দিছে যে ৰাজ্যখনত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । ফলস্বৰূপে কেইবাখনো জিলাত আৰক্ষীৰ জালক পৰিছে জেহাদী (Jihadi arrested in Assam)। এইবাৰ গুৱাহাটী মহানগৰীৰ ধীৰেণপাৰাৰ পৰা গ্ৰেপ্তাৰ এটা জেহাদী (Jihadi arrested in Guwahati)।

বুধবাৰে গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটীৰ ফটাশিল আৰক্ষীৰ সহযোগত অভিযান চলাই আটক কৰিছিল আজমল হুছেইন নামৰ জেহাদীটোক । লগে লগে গোৱালপাৰা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ গ্ৰেপ্তাৰ কৰে আৰু দুধনৈ থানাত সম্প্ৰতি জেহাদী আজমলক মাৰাথন জেৰা চলাই আছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ।

উল্লেখ্য যে শেহতীয়াকৈ গোৱালপাৰাত আব্দুছ ছোৱাহান নামৰ এটা জেহাদী গ্ৰেপ্তাৰ হৈছিল (Goalpara police arrests Jihadi)। ছোৱাহানৰ স্বীকাৰোক্তিৰ ভিত্তিতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হয় জেহাদী আজমল হুছেইন ।

ধৃত জেহাদী আজমলক দুধনৈত মাৰাথন জেৰা

জানিব পৰা মতে আব্দুছ ছোৱাহানেই আজমলক জেহাদী সংগঠনত যোগদান কৰাইছিল । বাংলাদেশত অল কায়দাত যোগদান কৰিছিল ধৃত আজমলে । ইফালে টকা-পইচাৰে সংগঠনটোক সহায় কৰি আহিছিল ধৃত আজমলে ।

এটাৰ পাছত আন এটা জেহাদী এনেদৰে গ্ৰেপ্তাৰ হোৱাৰ লগে লগে আৰক্ষী অধিক সষ্টম হৈ পৰিছে । জেহাদীৰ কাৰ্যকলাপ সম্পৰ্কে অধিক তথ্য উদঘাটনৰ বাবে দুধনৈ থানাত ইতিমধ্যে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই আজমলক জেৰা চলাই আছে ।

লগতে পঢ়ক :গুৱাহাটীৰ পৰা আটক হোৱা জেহাদী আব্দুছক গ্ৰেপ্তাৰৰ লগতে দুধনৈত মাৰাথন জেৰা

Last Updated :Sep 1, 2022, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.