ETV Bharat / state

Amritpal Singh news Update: মঙলবাৰ পৰ্যন্ত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী পঞ্জাৱৰ 8 খালিস্তানপন্থী নেতা

author img

By

Published : Mar 21, 2023, 10:15 PM IST

এজনৰ পাচত আন এজনকৈ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে পঞ্জাৱৰ খালিস্তানপন্থী নেতাক ৷ মঙলবাৰে বাতৰি যুগুত কৰা পৰ্যন্ত ডিব্ৰুগড় জিলা কাৰাগাৰত বন্দী হৈ আছে পঞ্জাৱৰ 8 খালিস্তানপন্থী নেতা (8 khalistani supporter at Dibrugarh central jail) ৷

Amritpal Singh news Update
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে পাঞ্জাৱৰ কেবাজনো খালিস্তানপন্থী নেতা

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে পাঞ্জাৱৰ কেবাজনো খালিস্তানপন্থী নেতা

ডিব্ৰুগড়, 21 মাৰ্চ : দেশত এতিয়া আটাইতকৈ চৰ্চিত কাৰাগাৰ হিচাবে বিবেচিত হৈ পৰিছে ডিব্ৰুগড় জিলা কাৰাগাৰ । কিয়নো এজনৰ পাচত আন এজন পঞ্জাৱৰ খালিস্তানপন্থী নেতাই ভৰি পৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ । এই পৰ্যন্ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে পঞ্জাৱৰ 8 খালিস্তানপন্থী নেতা (8 khalistani supporter at Dibrugarh central jail)।

আজি অৰ্থাৎ মঙলবাৰে পুৱাৰ ভাগত ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিৎ সিং (Uncle of Amritpal brought to Dibrugarh jail), গাড়ীচালক অৰ্পিত সিং, দুই ঘনিষ্ঠ ক্ৰমে কুলৱান্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙক ডিব্ৰুগড় কাৰাগাৰলৈ অনা বুলি জানিব পৰা গৈছে । দেওবাৰৰ পৰা মুঠ 8 খালিস্তানপন্থী নেতাক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাখিছে ডিব্ৰুগড়ৰ জিলা প্ৰশাসনে (Pro Khalistani organisation waris Punjab de) ।

লগতে পঢ়ক : Uncle of Amritpal moved to Dibrugarh jail: ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিং

ডিব্ৰুগড়লৈ অমৃতপাল সিঙৰ এইসকল সহযোগীক অনাৰ পাচতে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে এই বিষয়টোৱে চৰ্চা লাভ কৰিছে । কিয় হঠাৎ পঞ্জাৱৰ পৰা এই খালিস্তানি নেতাক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হ’ল সেই কথা আজিও স্পষ্ট নহয় । বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ’ব আৰু কেইবাজনো অমৃতপাল সিঙৰ সহযোগীক ।

ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত সেইসকল খালিস্তানি নেতাৰ বাবে বিশেষ ছেল প্ৰস্তুত কৰা হৈছে । আনকি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থাও কৰা হৈছে । দিনে-নিশাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কাৰাগাৰৰ চাৰিওদিশে (Manhunt for Amritpal Singh) ।

তথ্য অনুসৰি, পূৰ্বৰ দৰে সাধাৰণ লোকে কাৰাগাৰলৈ অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰে এতিয়া ডিব্ৰুগড় কাৰাগাৰত । কিয়নো ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে পঞ্জাৱৰ কেবাজনো খালিস্তানপন্থী নেতা ৷

লগতে পঢ়ক : Manhunt for Amritpal Singh: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী 7 গৰাকী খালিস্তানী সমৰ্থক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.