ETV Bharat / bharat

Punjab police operation against Amritpal : মটৰ চাইকেলেৰে পলায়ন কৰিছিল অমৃতপালে

author img

By

Published : Mar 20, 2023, 10:55 PM IST

Punjab police operation against Amritpal
মটৰ চাইকেলেৰে পলায়ন কৰিছিল অমৃতপালে

অমৃতপাল সিঙৰ পলায়নক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে (Waris Punjab De chief Amritpal Singh)। খালিস্তান সমৰ্থকজনে মটৰ চাইকেলেৰে পলায়ন কৰিছিল । এৰি থৈ যোৱা বাহনৰ পৰা পিষ্টল আৰু গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে । যিকোনো মুহূৰ্তত NIAৰ হাতলৈ যাব পাৰে এই গোচৰ ।

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : বলীউডৰ ছবিৰ দৰেই হৈছে খালিস্তান সমৰ্থক অমৃতপালৰ পলায়নৰ কাহিনী । সূত্ৰৰ মতে ৱাৰিছ পাঞ্জাৱ ডেৰ (Waris Punjab De) মুৰব্বীজনে মটৰ চাইকেলেৰে পলায়ন কৰিছিল (Amritpal fled on motorcycle)। প্ৰথমে কোৱা হৈছিল তেওঁ বাহনত মোবাইল এৰি থৈ গৈছিল । এতিয়া কোৱা হৈছে অমৃতপালে বাহনত পিষ্টল, গুলী আৰু চাব্ৰেও এৰি থৈ গৈছিল (Pistol recovered from Amritpals car)।

ইফালে তৃতীয় দিনাও অমৃতপালক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Operation against Amritpal)। দেওবাৰে অভিযানৰ দ্বিতীয় দিনা আৰক্ষীয়ে জলন্ধৰৰ মেহতপুৰ অঞ্চলত তেওঁৰ বাহনখন উদ্ধাৰ কৰে য'ত অমৃতপালক শেষবাৰৰ বাবে আত্মগোপন কৰাৰ কথা জনা গৈছিল । আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে অমৃতপাল সিঙে চাৰিচকীয়া বাহনখন এৰি মটৰ চাইকেলেৰে পলায়ন কৰিছিল ।

ইফালে সূত্ৰৰ মতে হাই প্ৰফাইল গোচৰটো এনআইএৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে । আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি অমৃতপালৰ বিলাসী বাহনখন তেওঁৰ ভাতৃৰ নামত পঞ্জীয়ন কৰা আছিল । অমৃতপালৰ ভাতৃ এজন ড্ৰাগছ ব্যৱসায়ী বুলি আৰক্ষীয়ে জনাইছে (Amritpal brother)। এনে ক্ষেত্ৰত গোচৰটোত NIAৰ প্ৰৱেশ যিকোনো মুহূৰ্তত হ'ব পাৰে ।

সমান্তৰালকৈ অমৃতপালৰ পক্ষত দাখিল কৰা হাবিয়াছ কৰ্পছ আৱেদনৰ পাছত চণ্ডিগড় উচ্চ ন্যায়ালয়ে পঞ্জাৱ চৰকাৰক ২১ মাৰ্চৰ ভিতৰত সঁহাৰি দিবলৈ নিৰ্দেশ দিছে । ইফালে, পঞ্জাৱ আৰক্ষীয়ে আজনালা আৰক্ষী থানা আক্ৰমণৰ উপৰিও অমৃতপাল সিঙৰ বিৰুদ্ধে অন্য তিনিটা গোচৰ ৰুজু কৰিছে (Case registered against Amritpal)।

অমৃতপালৰ বিৰুদ্ধে ঘৃণা বিয়পাব পৰা ভাষণ দিয়াৰ অভিযোগ আছে । খালিস্তান সমৰ্থকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ মাজতে কিছুমান উৰা বাতৰি বিয়পি পৰিছে । সেই বাতৰি অনুসৰি অমৃতপাল সিঙক মেহতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাৰ পাছত নিশালৈ তেওঁক পলাতক ঘোষণা কৰা হৈছে । অমৃতপাল সিঙৰ সন্ধান চলাই থকা পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চহৰত ফ্লেগ মাৰ্চ কৰাও দেখা গৈছে ।

লগতে পঢ়ক :London Indian High Commission attack: খালিস্তানীৰ প্ৰতিবাদৰ পাচতে লণ্ডনৰ উচ্চায়ুক্তালয়ত উৰিল বিশাল ত্ৰিৰংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.