ETV Bharat / state

Manhunt for Amritpal Singh: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী 7 গৰাকী খালিস্তানী সমৰ্থক

author img

By

Published : Mar 21, 2023, 4:38 PM IST

pro Khalistani organisation waris punjab de
Manhunt for Amritpal Singh

খালিস্তানপন্থী নেতা অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ বিতৰ্কৰ মাজতে আৰু তিনিগৰাকী অমৃতপালৰ সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে । উল্লেখ্য, ইতিমধ্যে চাৰি খালিস্তানী সমৰ্থকক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৭ খালিস্তানী সমৰ্থকক বন্দী কৰি ৰখা হৈছে (7 khalistani supporter at Dibrugarh central jail)

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী 7 গৰাকী খালিস্তানী সমৰ্থক

ডিব্ৰুগড়, ২১ মাৰ্চ : পুনৰ আন দুজন খালিস্তানপন্থী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে (khalistani supporter in Dibrugarh central jail) । মঙলবাৰে পুৱাৰ ভাগত 'ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ (Waris Punjab De chief Amritpal Singh) খুড়াক হৰিজিৎ সিঙৰ পাচতেই বিশেষ বিমানযোগে অমৃতপাল সিঙৰ গাড়ীচালক অৰ্পিত সিঙক অনা হয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ । ফলত বৰ্তমানলৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থী নেতাৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে ।

ইয়াৰ পূৰ্বে যোৱা দেওবাৰে অমৃতপাল সিঙৰ সহযোগী দলজিৎ সিং কালচি, ভগৱন্ত সিং, বচন সিং, গুৰমিত সিং আৰু ভোচন ৱালাক অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ (Pro Khalistani organisation waris Punjab de) । সেনা কমাণ্ডোৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাত ৰখা হৈছে অমৃতপাল সিঙৰ সাত সহযোগীক ।

উল্লেখ্য, ডিব্ৰুগড়লৈ অমৃতপাল সিঙৰ সহযোগীক অনাৰ পাছতে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে । কিয় হঠাৎ পঞ্জাবৰ পৰা এই খালিস্তানী নেতাসকলক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হৈছে সেই কথা আজিলৈকে স্পষ্ট নহয় ।

আনহাতে, বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আৰু কেইবাজনো অমৃতপাল সিঙৰ সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ বাবে যো-জা চলিছে । উক্ত খালিস্তানী নেতাসকলৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেল প্ৰস্তুত কৰা হৈছে । ইফালে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কমাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰিছে । কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে কাৰাগাৰৰ চাৰিওদিশে ।

উল্লেখ্য় যে, সম্প্ৰতি ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী অমৃতপাল সিঙৰ আত্মগোপনৰ বিষয়টোৱে দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে ৷ আনহাতে, এফালে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং এতিয়াও পলাতক হৈ আছে আৰু তেওঁক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কোৱাৰ বিপৰীতে ৱাৰিছ পঞ্জাৱ দেৰ আইনী উপদেষ্টা ইমান সিং খাৰাই খালিস্তানী নেতাজনক শ্বাহকোট থানাত গ্ৰেপ্তাৰ কৰা হৈছে বুলি দাবী কৰিছে ।

লগতে তেওঁ অমৃতপাল সিঙক আৰক্ষীয়ে 'ভুৱা এনকাউণ্টাৰ'ত হত্যা কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে (Amritpal Singh absconded) । যাৰ ফলত এতিয়া সমগ্ৰ বিষয়টোৱে ৰহস্যৰ মাজত সোমাই পৰিছে ।

লগতে পঢ়ক : Uncle of Amritpal moved to Dibrugarh jail: ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.