ETV Bharat / state

Uncle of Amritpal moved to Dibrugarh jail: ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিং

author img

By

Published : Mar 21, 2023, 11:25 AM IST

Updated : Mar 21, 2023, 3:39 PM IST

Another one leader of Waris Punjab De  taking to Dibrugarh
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আন এজন খালিস্তানী সমৰ্থক

আজিৰে পৰা ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰৰ অতিথি হ'ব অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিং (Uncle of Amritpal moved to Dibrugarh jail) ৷ ইফালে বৰ্তমানলৈ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৱাৰিছ পঞ্জাৱ দেৰ নেতা অমিতপাল সিঙৰ (Amritpal Singhs uncle brought to Dibrugarh Central jail ) ৷

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আন এজন খালিস্তানী সমৰ্থক

ডিব্ৰুগড়, 21 মাৰ্চ : ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ অনা হৈছে এজনৰ পাচত আনজন খালিস্তানী সমৰ্থকক । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ মংগলবাৰৰ দিনা পুনৰ এজন খালিস্তানী সমৰ্থকক হস্তান্তৰ কৰা হৈছে । ৱাৰিছ পঞ্জাৱ দেৰ নেতা অমিতপাল সিঙৰ খুড়াক হৰজিৎ সিঙক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱাই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয় । ইয়াৰ উপৰিও অমিতপাল সিঙৰ আন কেইবাজনো সহযোগীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ সম্ভাৱনা আছে বুলি সূত্ৰ যোগে জানিবলৈ পৰা গৈছে (Waris Punjab De chief Amritpal Singh) ।

ইয়াৰ পূৰ্বে যোৱা দেওবাৰে অমিতপাল সিঙৰ সহযোগী দলজিৎ সিং কালচি, ভগৱন্ত সিং, বচন সিং, গুৰমিত সিং আৰু ভোচন ৱালাক অনা হৈছিল কেন্দ্ৰীয় কাৰাগাৰলৈ । সেনা কামাণ্ডোৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে অমিতপাল সিঙৰ চাৰি সহযোগীক । ডিব্ৰুগড়লৈ অমৃতপাল সিঙৰ সহযোগীক অনাৰ পাচতে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে বিষয়টোৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে (Amritpal Singhs uncle brought to Dibrugarh Central jail )।

সমান্তৰালভাৱে, পঞ্জাৱৰ পৰা এই খালিস্তানী নেতাকেইজনক কি কাৰণত ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হ'ল সেই বিষয়টোৱেও বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে দেশজুৰি । বিষয়টোৱে দেশজুৰি বিশেষ চৰ্চা লাভ কৰি থকাৰ সময়তে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিঙৰ কেইবাজনো সহযোগীক কাৰাবন্দী কৰা হ’ব বুলি জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী খালিস্তানী নেতাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে বিশেষ ছেল । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰা হৈছে । কটকটীয়া নিৰপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ চাৰিওদিশে । পূৰ্বৰ দৰে সাধাৰণ লোক অনুমতি অবিহনে কাৰাগাৰত প্ৰৱেশ কৰিব নোৱাৰে ।

লগতে পঢ়ক : Punjab police operation against Amritpal : মটৰ চাইকেলেৰে পলায়ন কৰিছিল অমৃতপালে

ইয়াৰোপৰি, পূৰ্বতকৈ অধিক শক্তিশালী চি চি কেমেৰা স্থাপন কৰা হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ চৌহদত ।

Last Updated :Mar 21, 2023, 3:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.