7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 17, 2022, 7:10 PM IST

top-10-at-7-pm

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Rangia fraud case : ৰঙিয়াত প্ৰৱঞ্চকৰ জালত বয়োজ্যেষ্ঠ

ৰাজ্যত প্ৰৱঞ্চনাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে (Fraud case in Rangia)। প্ৰৱঞ্চকৰ টাৰ্গেট যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোক ৷ বিশেষকৈ এটিএমৰ পৰা টকা উলিয়াবলৈ যোৱা যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোকক টাৰ্গেট কৰি লয় প্ৰৱঞ্চকৰ দলে । এইবাৰ ৰঙিয়াত তেনে এক প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী লোক (Rangia fraud case)। প্ৰৱঞ্চনাৰে অচিনাক্ত লোকে এটিএমৰ পৰা লুটি লৈ গ'ল ৪৩ হাজাৰ টকা । ভাৰতীয় জীৱন বিমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কামৰূপ জিলাৰ বাৰাংহাটীৰ সম্ভুৰাম কলিতাই বৃহস্পতিবাৰে ৰঙিয়ালৈ চিকিৎসাৰ বাবে গৈছিল ।

Aaftab Amin Poonawala: ফুড ব্ল'গাৰ আফতাব কেনেকৈ হ'ল হত্যাকাৰী..!

শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ এটাৰ পাছত আন এটা ৰহস্য পোহৰলৈ আহিছে (Shraddha Walker Murder Case)। আৰক্ষীক হত্যাকাণ্ডৰ কথা সকলো বিৱৰি কৈছে হত্যাকাৰী আফতাব আমিন পুনাৱালাই । পুনাৱালাৰ স্বীকাৰোক্তিয়ে আৰক্ষীক চিন্তিত কৰি তুলিছে ।

Lurinjyoti Gogoi criticized CM: বসুন্ধৰাৰ জৰিয়তে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

চৰাঞ্চলৰ মানুহক ভূমি পট্টা দিয়া নহ'ব বুলি কৰা মুখ্যমন্ত্ৰীৰ ঘোষণাক উভতি ধৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচৰাৰ অভিযোগ (Lurinjyoti Gogoi criticized CM Himanta Biswa Sarma) । মুছলমানক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰো অভিযোগ । নলবাৰী ৰাস মহোৎসৱত উপস্থিত হৈ এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ।

Tezpur is full of superstars: উষানগৰী তেজপুৰত উপস্থিত অনিল-দীপিকা

১৮ নৱেম্বৰ অৰ্থাৎ কাইলৈ পৰা আৰম্ভ হ’ব ‘ফাইটাৰ’ ছবিৰ চুটিং ৷ যাৰ বাবে উষানগৰী তেজপুৰত ভিৰ কৰিছেহিছে বলিউডৰ তাৰকাই(Tezpur is full of superstars) ৷ হৃত্বিক ৰোশনৰ পাচত এইবাৰ তেজপুৰত উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ, অভিনেত্ৰী দীপিকা পাডুকন (Deepika Padukone Anil Kapoor Arrive Tezpur for Fighter Shooting)৷

Bharat Jodo Yatra: নিৰ্বাচন আহিলে বিজেপিৰ লগ লাগে এআইইউডিএফ: জীতেন্দ্ৰ সিং

অসমৰ ৰাজনীতিত এআইইউডিএফে (AIUDF) সুবিধাবাদৰ ৰাজনীতি কৰাৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ (AICC General Secretary Jitendra Singh) ।

BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

আৰএছএছ-বিজেপিৰ নেতাৰ চৰণত ধৰি শৰণ বিচৰা হাগ্ৰামাৰ ফটোক লৈ ৰাজ্যজুৰি খলকনি(BPF leader Hagrama Mohilary) ৷ সলনি হ’ব নেকি বড়োভূমিৰ ৰাজনীতি ! পুনৰ বিটিএডিৰ শাসনৰ নেতৃত্বলৈ আহিব নেকি হাগ্ৰামা ? ইয়াকে লৈ সকলোৰে মাজত চলিছে সৰৱ চৰ্চা ৷

Nitin Gadkari falls sick: মঞ্চতে হঠাৎ অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

বৃহস্পতিবাৰে শিলিগুৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী হঠাতে মঞ্চত অসুস্থ হৈ পৰে (Nitin Gadkari falls sick) । তেওঁৰ তেজত চেনিৰ পেৰামিটাৰ হঠাতে কমি যোৱাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসুস্থ হৈ পৰে । চিকিৎসকে তেওঁক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰে ।

Burapahar Range in KNP: জীপ ছাফাৰীৰে এইবৰ্ষৰ বাবে মুকলি হ’ল বুঢ়াপাহাৰ বনাঞ্চল

পৰ্যটকৰ বাবে মুকলি হ’ল বুঢ়াপাহাৰ বনাঞ্চল (Burapahar Range in KNP) । আজিৰে পৰা বুঢ়াপাহাৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকে (Burapahar forest range opened for tourists)। মহাবাহুৰ নৈসৰ্গিক শোভা বৰ্ধন কৰা কাজিৰঙাৰ হৃৎপিণ্ডস্বৰূপ 'বিগ ফাইভ এনিমেল'ৰ বিচৰণস্থলী বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয় । প্ৰথম দিনটোতে বহিঃৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দলে জীপ ছাফাৰীৰে দৰ্শন কৰে বুঢ়াপাহাৰ বনাঞ্চল ।

Conspiracy to close homeopathic college : হোমিঅ'পেথিক মহাবিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

চৰকাৰে যোৰহাটৰ জে কে শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয় আৰু নগাঁৱৰ হোমিঅ'পেথিক মহাবিদ্যালয়ক গুৱাহাটীৰ হোমিঅ'পেথিক মহাবিদ্যালয়ৰ সৈতে একত্ৰিকৰণৰ সিদ্ধান্ত লৈছিল (Homeopathic college amalgamation)। এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী কৰিছে বিভিন্ন সংগঠনে । যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন সংগঠন, নাগৰিক সমাজ আৰু হোমিঅ'পেথিক চিকিৎসক সন্থাৰ প্ৰতিবাদ ।

Fighting over toll tax: টোলটেক্সক লৈ ৰহাত যাত্ৰী-কৰ্মচাৰীৰ প্ৰচণ্ড মাৰপিট

পুনৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত উত্তেজনাময় পৰিস্থিতি ৷ বুধবাৰে নিশা ৰহাৰ টোলগেটত টোলটেক্স দিয়াক লৈ সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ (Fighting over toll tax in Raha toll gate) । নগাঁও অভিমুখে বাহন লৈ গৈ থকা তিনি যুৱকৰ ফাষ্টটেগত‌‌ বেলেঞ্চ নথকাৰ আজুহাতত টেক্স পৰিশোধ নকৰাত টোলগেট কৰ্তৃপক্ষ‌ই গেট পাৰ হ'ব নিদিয়াত যুৱক তিনিজনে সেই স্থানত থকা থকা কৰ্মচাৰীক অশ্লীল গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰে ৷ ফলত টোলগেটৰ কৰ্মচাৰী আৰু যুৱককেইজনৰ মাজত বাক-বিতণ্ডাৰ লগতে হতাহতিৰ সৃষ্টি হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.