Lurinjyoti Gogoi criticized CM: বসুন্ধৰাৰ জৰিয়তে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Nov 17, 2022, 6:34 PM IST

AJP

চৰাঞ্চলৰ মানুহক ভূমি পট্টা দিয়া নহ'ব বুলি কৰা মুখ্যমন্ত্ৰীৰ ঘোষণাক উভতি ধৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচৰাৰ অভিযোগ (Lurinjyoti Gogoi criticized CM Himanta Biswa Sarma) । মুছলমানক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰো অভিযোগ । নলবাৰী ৰাস মহোৎসৱত উপস্থিত হৈ এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ।

নলবাৰী, ১৭ নৱেম্বৰ : ভূমিপট্টা প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জনোৱা মুকলি আহ্বানৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই । ৰাজনৈতিক মহলত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Himanta Biswa Sarma Land Patta issue) । উল্লেখ্য, 'বসুন্ধৰা ২.০'-ৰ আনুষ্ঠানিক (Assam Govt Basundhara 2) উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) চৰ অঞ্চলৰ লোকক ভূমি পট্টা প্ৰদান কৰা নহ'ব বুলি ঘোষণা কৰিছিল ।

তাৰ পিছতেই সৃষ্টি হয় তুমুল বিতৰ্কৰ । আনহাতে, চৰ অঞ্চলৰ লোকে ভূমি পট্টা নাপাব বুলি কৰা ঘোষণাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অমস জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi criticized CM Himanta Biswa Sarma) । নলবাৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে লুৰিণজ্যোতি গগৈয়ে (Nalbari Raas Mahotsav) । তেওঁৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে দালালৰ পৰামৰ্শ লৈহে ভূমিনীতি তৈয়াৰ কৰিবলগা হোৱাটো দুৰ্ভাগ্যজনক ।

বসুন্ধৰাৰ জৰিয়তে সাম্প্ৰদায়িকতাৰ ৰহণ সানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

অসমৰ মানুহৰ ভূমি অধিকাৰ নিশ্চিত কৰি চৰকাৰক হৰিশংকৰ ব্ৰহ্ম সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় লুৰীণজ্য়োতি গগৈয়ে । লগতে মুখ্যমন্ত্ৰীয়ে চৰ অঞ্চলৰ লোকক ভূমি পট্টা প্ৰদান কৰা নহ'ব বুলি ঘোষণা কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে তেওঁ ।

আনহাতে, প্ৰতিজন বৈধ ভাৰতীয়ই মাটিৰ অধিকাৰ পাবই লাগিব বুলি দাবী উত্থাপন কৰি ভূমি অধিকাৰক সাম্প্ৰদায়িক ৰহণ নাসানিবলৈ অসম চৰকাৰক সকীয়াই দিয়ে । তেওঁ‌ চৰকাৰক কোনো বিদেশীকে মাটিৰ অধিকাৰ নিদিওঁ বুলি ঘোষণা কৰিবলৈও আহ্বান জনায় । উল্লেখ্য যে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলটোৰ কেইবাজনো নেতাই নলবাৰী ৰাস মহোৎসৱত অংশগ্ৰহণ কৰে ।

উল্লেখ্য, যে অসম জাতীয় পৰিষদে বুধবাৰে এক সংবাদমেলযোগে ভূমি পট্টা প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক তীব্ৰ সমালোচনা কৰে । দলটোৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সাধাৰণ সম্পাদক জগদীশ ভূঞাই মাটিৰ দালালৰ শ্ৰুতলিপিত চৰকাৰে ভূমি নীতি প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছিল । লগতে ভূমিনীতি সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে অসম জাতীয় পৰিষদে ।

লগতে পঢ়ক :Bharat Jodo Yatra: কংগ্ৰেছৰ পদযাত্ৰাই কঁপালে মহানগৰীৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.