Fighting over toll tax: টোলটেক্সক লৈ ৰহাত যাত্ৰী-কৰ্মচাৰীৰ প্ৰচণ্ড মাৰপিট

By

Published : Nov 17, 2022, 5:30 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

পুনৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত উত্তেজনাময় পৰিস্থিতি ৷ বুধবাৰে নিশা ৰহাৰ টোলগেটত টোলটেক্স দিয়াক লৈ সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ (Fighting over toll tax in Raha toll gate) । নগাঁও অভিমুখে বাহন লৈ গৈ থকা তিনি যুৱকৰ ফাষ্টটেগত‌‌ বেলেঞ্চ নথকাৰ আজুহাতত টেক্স পৰিশোধ নকৰাত টোলগেট কৰ্তৃপক্ষ‌ই গেট পাৰ হ'ব নিদিয়াত যুৱক তিনিজনে সেই স্থানত থকা থকা কৰ্মচাৰীক অশ্লীল গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰে ৷ ফলত টোলগেটৰ কৰ্মচাৰী আৰু যুৱককেইজনৰ মাজত বাক-বিতণ্ডাৰ লগতে হতাহতিৰ সৃষ্টি হয় ৷ সেই মুহূৰ্তত যুৱক তিনিজন সুৰামত্ত অৱস্থাত আছিল বুলি টোলগেট কৰ্তৃপক্ষ‌ই অভিযোগ কৰিছে । পৰৱৰ্তী সময়ত টোলগেট কৰ্তৃপক্ষ‌ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত যুৱককেইজনক সেই স্থানৰ পৰা পঠিয়াই দিয়া হয় ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.