Rangia fraud case : ৰঙিয়াত প্ৰৱঞ্চকৰ জালত বয়োজ্যেষ্ঠ

By

Published : Nov 17, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাজ্যত প্ৰৱঞ্চনাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে (Fraud case in Rangia)। প্ৰৱঞ্চকৰ টাৰ্গেট যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোক ৷ বিশেষকৈ এটিএমৰ পৰা টকা উলিয়াবলৈ যোৱা যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোকক টাৰ্গেট কৰি লয় প্ৰৱঞ্চকৰ দলে । এইবাৰ ৰঙিয়াত তেনে এক প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী লোক (Rangia fraud case)। প্ৰৱঞ্চনাৰে অচিনাক্ত লোকে এটিএমৰ পৰা লুটি লৈ গ'ল ৪৩ হাজাৰ টকা । ভাৰতীয় জীৱন বিমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কামৰূপ জিলাৰ বাৰাংহাটীৰ সম্ভুৰাম কলিতাই বৃহস্পতিবাৰে ৰঙিয়ালৈ চিকিৎসাৰ বাবে গৈছিল । চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন উলিওৱাৰ বাবে সম্ভুৰাম কলিতাই ষ্টেচন ৰোডত থকা এটা এটিএমত প্ৰৱেশ কৰিছিল । লোকেজনে ধন উলিওৱাৰ পাছতে এজনে তেওঁৰ এটিএমখন কৌশলেৰে সলনি কৰি লৈ যায় । পৰৱৰ্তী সময়ত সম্ভুৰামৰ একাউণ্টাৰ পৰা প্ৰৱঞ্চকে ৪৩ হাজাৰ টকা উলিয়ায় (ATM fraud target old man in Rangia)। একাউণ্টৰ পৰা ধন উলিওৱা গম পোৱাৰ লগে লগে লোকজন হতভম্ব হৈ পৰে । ৰঙিয়া মহকুমা আৰক্ষী বিষয়াক অৱগত কৰাৰ লগতে ৰঙিয়া থানাৰ কাষ চাপিছে ভুক্তভোগী লোকজন ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.