Conspiracy to close homeopathic college : হোমিঅ'পেথিক মহাবিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Nov 17, 2022, 5:07 PM IST

homeopathic

চৰকাৰে যোৰহাটৰ জে কে শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয় আৰু নগাঁৱৰ হোমিঅ'পেথিক মহাবিদ্যালয়ক গুৱাহাটীৰ হোমিঅ'পেথিক মহাবিদ্যালয়ৰ সৈতে একত্ৰিকৰণৰ সিদ্ধান্ত লৈছিল (Homeopathic college amalgamation)। এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী কৰিছে বিভিন্ন সংগঠনে । যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন সংগঠন, নাগৰিক সমাজ আৰু হোমিঅ'পেথিক চিকিৎসক সন্থাৰ প্ৰতিবাদ ।

যোৰহাট,১৭ নৱেম্বৰ : আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক চিকিৎসাৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে । কিন্তু তেনে সময়তে অসমৰ দুখনকৈ ঐতিহ্যপূৰ্ণ হোমিঅ'পেথিক মহাবিদ্যালয়ক বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে অসম চৰকাৰে (Govt decision on Homeopathic college amalgamation) ! এই অভিযোগ বিভিন্ন সংগঠনৰ ।

শেহতীয়াকৈ যোৰহাটৰ জে কে শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয় আৰু নগাঁৱৰ হোমিঅ'পেথিক মহাবিদ্যালয়ক গুৱাহাটীলৈ স্থানান্তৰ কৰি একত্ৰিকৰণৰ যি সিদ্ধান্ত লৈছে । তাক বিৰোধিতা কৰিছে অসমৰ একাংশ দল-সংগঠনে ।

ৰাজ্য চৰকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে যোৰহাটৰ নাগৰিক সমাজ, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, বীৰ লাচিত সেনাকে ধৰি বিভিন্ন দল সংগঠন । যোৰহাট হোমিঅ'পেথিক মহাবিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে জিলাখনত প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰলভাৱে বৃহস্পতিবাৰে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট নাগৰিক সমাজ আৰু বিভিন্ন দল-সংগঠনে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে (Protest at Jorhat)। প্ৰতিবাদৰ জৰিয়তে চৰকাৰৰ এনে সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে শীঘ্ৰে সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় ।

হোমিঅ'পেথিক মহাবিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে দাবী কৰা মতে গুৱাহাটী আৰু নগাঁৱৰ হোমিঅ'পেথিক মহাবিদ্যালয় দুখনৰ আন্ত:গাঁথনিতকৈ যোৰহাট হোমিঅ'পেথিক মহাবিদ্যালয়ৰ আন্ত:গাঁথনি অধিক উন্নত । উত্তৰ পূৰ্ৱাঞ্চলৰ ভিতৰতে যোৰহাট হোমিঅ'পেথিক মহাবিদ্যালয়তহে একমাত্ৰ হোমিঅ'ঔষধি উদ্যান আছে । ইমানবোৰ সা-সুবিধা থকা স্বত্বেও কিয় ৰাজ্য চৰকাৰে যোৰহাটৰ হোমিঅ'পেথিক মহাবিদ্যালয়খন বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে তাৰ আঁৰত কি ৰহস্য আছে সেয়া অতি গুৰুত্বপূৰ্ণ বুলি দাবী কৰে সংগঠনসমূহে (Protest against homeopathic college merger decision)।

আনহাতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই যোৰহাট নাগৰিক সমাজ আৰু বিভিন্ন দল-সংগঠনে কয় যে ৰাজ্য চৰকাৰে যোৰহাট আৰু নগাঁৱৰ হোমিঅ'পেথিক কলেজ বন্ধৰ সিদ্ধান্ত পৰিহাৰ কৰবিলৈ দাবী জনায় । অন্যথা ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে ।

লক্ষণীয়ভাৱে শেহতীয়াকৈ যোৰহাটৰ জে কে শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আয়ুষ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উক্ত কলেজখনৰ সমস্যা সমাধানৰ আশ্বাস দিছিল । কিন্তু মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছতো অসম চৰকাৰে লোৱা সিদ্ধান্তই এতিয়া সকলোকে আচৰিত কৰি তুলিছে ।

লগতে পঢ়ক :Asomiya yuva manch protest: আমগুৰিত অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.