Aaftab Amin Poonawala: ফুড ব্ল'গাৰ আফতাব কেনেকৈ হ'ল হত্যাকাৰী..!

author img

By

Published : Nov 17, 2022, 5:11 PM IST

Delhi

শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ এটাৰ পাছত আন এটা ৰহস্য পোহৰলৈ আহিছে (Shraddha Walker Murder Case)। আৰক্ষীক হত্যাকাণ্ডৰ কথা সকলো বিৱৰি কৈছে হত্যাকাৰী আফতাব আমিন পুনাৱালাই । পুনাৱালাৰ স্বীকাৰোক্তিয়ে আৰক্ষীক চিন্তিত কৰি তুলিছে ।

নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ : দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সম্প্ৰতি দেশত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে (Shraddha Walker Murder Case)। হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ কঠোৰ শাস্তিৰ দাবী ইতিমধ্যে দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে । ইফালে প্ৰশিক্ষিত চেফ আৰু ফটোগ্ৰাফাৰ আফতাব আমিন পুনাৱালাক আমেৰিকাৰ কুখ্যাত চিৰিয়েল কিলাৰ জেফ্ৰি ডাহমাৰ আৰু টেড বাণ্ডিৰ সৈতে তুলনা কৰাও হৈছে । কিয়নো সম্পূৰ্ণ পৰিকল্পিতভাৱে ফুড ব্ল'গাৰ পুনাৱালাই প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰত হত্যা কৰিছিল ।

অপৰাধমূলক অনুষ্ঠানৰ দৰ্শক পুনাৱালাই এখন আমেৰিকান অপৰাধ টিভি শৃংখলা "ডেক্সটাৰ"ৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই হত্যাকাণ্ডতো সংঘটিত কৰিছিল আৰু বিয়াক লৈ হোৱা কাজিয়াৰ পৰিণতি স্বৰূপে প্ৰেমিকাক হত্যা কৰি শৰীৰটো ৩৫ টাকৈ টুকুৰা কৰিছিল । মুম্বাইত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা পুনাৱালাই তেওঁৰ সৰু ভাতৃ আহাদ, পিতৃ আমিন আৰু মাতৃ মুনিৰা বেনৰ সৈতে বচাই নগৰৰ ইউনিক পাৰ্ক হাউচিং চ'ছাইটিত বাস কৰিছিল ।

হত্যাকাৰী পুনাৱালাৰ চুবুৰীয়াই উল্লেখ কৰা মতে দুয়ো ভাতৃৰ মাজত প্ৰায়ে কাজিয়া হৈছিল; কিন্তু এইধৰণৰ নৃশংস হত্যাকাণ্ড যে তেওঁ সংঘটিত কৰিব বুলি চুবুৰীয়াসকলে কেতিয়াও ভবা নাছিল । মুম্বাইৰ এল এছ ৰহেজা মহাবিদ্যালয়ৰ স্নাতক পুনাৱালাই শ্ৰদ্ধা ৱাকাৰক লগ পোৱাৰ পিছতহে এই বছৰৰ আৰম্ভণিতে দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল । ২৯.১ হাজাৰ অনুসৰণকাৰী (followers) থকা 'HungryChokro' নামৰ ইনষ্টাগ্ৰামৰ এটা পেজ থকা পুনাৱালাই অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে ৱাকাৰক লগ পাইছিল ।

পাছত, তেওঁলোকে মুম্বাইৰ একেটা কল চেণ্টাৰত কাম কৰিছিল আৰু তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । কিন্তু তেওঁলোকৰ পৰিয়ালে এই সম্পৰ্কত আপত্তি কৰিছিল কিয়নো তেওঁলোকৰ ধৰ্ম বেলেগ আছিল । যাৰ বাবে দম্পতীটোৱে এই বছৰৰ আৰম্ভণিতে মেহৰৌলীলৈ স্থানান্তৰিত হৈছিল ।

১৮ মে'ত, বিবাহক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল । এই কাজিয়াই পাছত ভয়ংকৰ ৰূপ লয় আৰু পুনাৱালাই শ্ৰদ্ধাক হত্যা কৰে । হত্যা কৰাৰ পিছদিনাই, পুনাৱালাই এখন কটাৰী আৰু এটা ৩০০ লিটাৰৰ ৰেফ্ৰিজেৰেটৰ ক্ৰয় কৰে ।

পুনাৱালাই হোটেল মেনেজমেণ্ট অধ্যয়ন কৰিছিল আৰু চোকা চুৰি ব্যৱহাৰৰ প্ৰশিক্ষণ লৈছিল । তেওঁ মাংস কেনেদৰে কাটিব লাগে তাৰ ওপৰতো দুসপ্তাহৰ প্ৰশিক্ষণ লৈছিল । সেই প্ৰশিক্ষণেৰে পুনাৱালাই ৱাকাৰৰ শৰীৰটো ৩৫ টাকৈ টুকুৰা কৰিছিল । ইয়াৰ পাছত তেওঁ দুদিন ধৰি শ্ৰদ্ধাৰ শৰীৰটো কাটিছিল ।

পুনাৱালাই ৰেফ্ৰিজেৰেটৰত শৰীৰৰ টুকুৰাবোৰ পেক কৰি ৰাখিছিল । কিছু সময়ৰ পাছত, তেওঁ বৰফত পৰিণত হোৱা টুকুৰাবোৰ ট্ৰেত থৈ গভীৰভাৱে ফ্ৰীজ কৰিবলৈ লৈ যায় । সেই সময়ত প্ৰচণ্ড দুৰ্গন্ধ ওলোৱাৰ বাবে পুনাৱালাই ধূপ কাঠি আৰু ৰূম ফ্ৰেচনাৰ ব্যৱহাৰ কৰিছিল । আৰক্ষীয়ে জনোৱা মতে পুনাৱালাই ফ্ৰীজত ৰখা শৰীৰৰ টুকুৰাবোৰ উলিয়াই সেইবোৰ পলিথিনেৰে বান্ধি জংঘললৈ লৈ যায় । হত্যাকাৰী পুনাৱালাই পুৱতি নিশা প্ৰায় ২ মান বজাতে জংঘললৈ যায় আৰু কেই ঘণ্টামান পিছত পুনৰ ঘূৰি আহে । প্ৰায় ২০ দিন ধৰি এনেদৰেই একেটা কামকে কৰিলে পুনাৱালাই ।

আৰক্ষীয়ে জনোৱা মতে তীক্ষ্ণ বুদ্ধিৰ পুনাৱালাই ইংৰাজীতে আৰক্ষীৰ প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ ভাল পাইছিল যদিও তেওঁ হিন্দীও জানে । শ্ৰদ্ধা ৱাকাৰৰ ছচিয়েল মিডিয়া একাউণ্টটো সক্ৰিয় কৰি থোৱাৰ বাবেই হত্যাকাণ্ডটো লুকুৱাই ৰখাত সফল হৈছিল পুনাৱালা । কিন্তু পুনাৱালাৰ দিন বেয়া আছিল যাৰ বাবে অৱশেষত তেওঁ আৰক্ষীৰ জালত পৰে (Aaftab Amin Poonawala arrested)। যোৱা সপ্তাহত তেওঁক জেৰাৰ সময়ত হত্যা আৰু ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ বিৱৰণ পোহৰলৈ আহিছে ।

মুম্বাই আৰক্ষীয়ে কোৱা মতে এই মাহৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ মানিকপুৰ আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে মাতি অনাৰ সময়ত পুনাৱালাৰ মুখত কোনো অনুশোচনা দেখা পোৱা যোৱা নাছিল । তেওঁৰ কিছুমান মন্তব্যই মুম্বাই আৰক্ষীৰ সন্দেহ বৃদ্ধি কৰে, যাৰ ফলত দিল্লী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

যেতিয়া মে' মাহত পুনাৱালা চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিল, পুনাৱালাৰ আক্ৰমণাত্মক ৰূপটো দিল্লীৰ সেইগৰাকী চিকিৎসকে প্ৰত্যক্ষ কৰিছিল । ডাঃ অনিল কুমাৰে উল্লেখ কৰা মতে পুনাৱালাই হাতত পোৱা আঘাতৰ চিকিৎসাৰ বাবে তেওঁৰ ওচৰলৈ অহাৰ সময়ত অতি আক্ৰমণাত্মক আৰু অস্থিৰ হৈ আছিল । ডাঃ অনিল কুমাৰে তেওঁৰ আঘাতৰ বিষয়ে সোধাত তেওঁ ফল কাটি থাকোতে আঘাত পোৱা বুলি কৈছিল ।

ইফালে হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ কেইদিনমান পূৰ্বে পুনাৱালাই তেওঁৰ পৰিয়ালক বচাইৰ পৰা মুম্বাইলৈ যোৱাত সহায় কৰিছিল । দিল্লী আৰক্ষীয়ে পুনাৱালাৰ নাৰ্কো পৰীক্ষা বিচাৰিছে লগতে ৱাকাৰৰ শৰীৰৰ অংশ বোৰৰ সন্ধানো অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Shraddha Walker Murder Case: শ্ৰদ্ধাৰ হত্যাকাৰীৰ সন্দৰ্ভত চিকিৎসকৰ বিস্ফোৰক মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.