Shraddha Walker Murder Case: শ্ৰদ্ধাৰ হত্যাকাৰীৰ সন্দৰ্ভত চিকিৎসকৰ বিস্ফোৰক মন্তব্য

author img

By

Published : Nov 16, 2022, 9:11 PM IST

doctor-revealed-information-about-murderer-in-shraddha-walker-murder-case

শ্ৰদ্ধা হত্যাকাণ্ডৰ নতুন মোৰ (Shraddha Walker Murder Case)৷ শ্ৰদ্ধাক হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰাৰ পিছতেই সোঁহাতত আঘাতপ্ৰাপ্ত হোৱা আফতাবে কাষ চাপিছিল চিকিৎসকৰ (Accused came to the hospital for treatment)৷

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ: দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ নতুন মোৰ (Shraddha Walker Murder Case)৷ শ্ৰদ্ধাক হত্যা কৰি কাটি টুকুৰা টুকুৰ কৰাৰ পিছতেই সোঁহাতত আঘাতপ্ৰাপ্ত হোৱা আফতাবে চিকিৎসকৰ কাষ চাপিছিল (Accused came to the hospital for treatment)৷৷ দিল্লীৰ ছত্ৰপুৰ অঞ্চলৰ এপেক্স হাস্পতালৰ এজন চিকিৎসকে ইটিভি ভাৰতক জনাই এই কথা (Delhi crime news)৷

চিকিৎসক অনিল কুমাৰে কোৱা অনুসৰি আফতাবে মে’ মাহত হাতত গুৰুতৰ আঘাত লৈ তেওঁৰ ওচৰলৈ আহিছিল ৷ আঘাত ইমান গভীৰ নাছিল যদিও হাঁতৰ তলুৱাত সামান্য কটা চিন পৰিলক্ষিত হৈছিল ৷ যেতিয়া মই তেওঁক হাতত কেনেকৈ আঘাত পালে সুধিলো, তেতিয়া তেওঁ মোক ফল কাটি থাকোঁতে হাতত ছুৰীৰে কাটিলে বুলি উল্লেখ কৰে(Girl murdered in Delhi)৷ তেওঁৰ হাতৰ জখমটো দেখি আৰু তেওঁৰ লগত হোৱা মোৰ কথা-বতৰাত মই কোনো সন্দেহ কৰিবলগীয়া কাৰণ বিচাৰি পোৱা নাছিলো ৷

অৱশ্যে তেওঁৰ মুখত সামান্য অস্থিৰতা দেখা পোৱা গৈছিল ৷ মোৰ লগত তেওঁ ইংৰাজীতে সলসলীয়াকৈ কথা পাতিছিল ৷ তেওঁৰ কথাত কোনো ধৰণৰ খোকোজা লগা নাছিল ৷ তেওঁ মুম্বাইৰ পৰা আহি দিল্লীৰ এটা তথ্য প্ৰযুক্তি খণ্ডত চাকৰি লাভ কৰাৰ বাবে দিল্লীলৈ অহা বুলি মোৰ আগত উল্লেখ কৰিছিল ৷

উল্লেখ্য যে যোৱা 18 মে’ত শ্ৰদ্ধা ৱাকাৰ নামৰ এগৰাকী যুৱতীক প্ৰেমিকে হত্যা কৰাৰ পিছত মৃতদেহটো 35 টুকুৰা কৰি কাটি ফ্ৰীজত সোমোৱাই ৰখাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছিল ৷ বিয়াৰ বাবে প্ৰেমিকক হেঁচা প্ৰয়োগ কৰাৰ কাৰণে প্ৰেমিকা শ্ৰদ্ধাক প্ৰেমিক আফতাবে টুকুৰা টুকুৰকৈ কাটি পেলাইছিল ৷ প্ৰেমিকাক কাটি সেই টুকুৰাবোৰ থবলৈ আফতাবে এটা নতুন 300 লিটাৰৰ এটা ফ্ৰীজ ক্ৰয় কৰিছিল বুলিও জানিব পৰা গৈছিল ৷ প্ৰতিদিনে নিশা 2 বজাত অলপ অলপ পৰিমানকৈ সেই টুকুৰাসমূহ পেলাবলৈ গৈছিল আফতাবে ৷

ইফালে শ্ৰদ্ধাৰ পিতৃয়ে মহৰৌলী থানাত কন্যা নিখোজ হোৱাৰ এক গোচৰ তৰিছিল ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে শ্ৰদ্ধাক বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰি দিছিল ৷ অৱশেষত দিল্লী আৰক্ষীয়ে চহৰখনৰ বিভিন্ন ঠাইত মানৱ শৰীৰৰ কটা অংশ উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে দিল্লীৰ কেইবাখনো জংঘলত শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে আৰক্ষীয়ে এতিয়াও শ্ৰদ্ধাৰ কটা মূৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

এই ঘটনা সংঘটিত হোৱাৰ 5 মাহৰ পিছত দিল্লী আৰক্ষীয়ে প্ৰেমিক আফতাবক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জেৰাত শ্ৰদ্ধাক নৃশংসভাৱে হত্যা কৰাৰ কথা স্বীকাৰ কৰে পশুৰূপী আফতাবে ৷

শেহতীয়াকৈ হত্যাকাৰী আফতাবে কাৰাগাৰত শান্তিৰে শুই থকাৰ এক ভিডিঅ’ পোহৰলৈ আহিছে ৷ ভিডিঅ’টোত আফতাবৰ মুখত কোনো ধৰণৰ অনুতপ্তৰ চিন প্ৰত্যক্ষ হোৱা নাই ৷

লগতে পঢ়ক : Murder case in Delhi: প্ৰেমিকে 35 টুকুৰা কৰি হত্যা কৰিলে প্ৰেমিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.