Nitin Gadkari falls sick: মঞ্চতে হঠাৎ অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

author img

By

Published : Nov 17, 2022, 3:45 PM IST

Nitin Gadkari falls sick

বৃহস্পতিবাৰে শিলিগুৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী হঠাতে মঞ্চত অসুস্থ হৈ পৰে (Nitin Gadkari falls sick) । তেওঁৰ তেজত চেনিৰ পেৰামিটাৰ হঠাতে কমি যোৱাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসুস্থ হৈ পৰে । চিকিৎসকে তেওঁক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰে ।

নিউজ ডেস্ক, 17 নৱেম্বৰ: উত্তৰ বংগৰ শিলিগুৰিত বৃহস্পতিবাৰে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী হঠাতে মঞ্চত অসুস্থ হৈ পৰে (Nitin Gadkari falls sick) । ততাতৈয়াকৈ বিজেপিৰ জ্যেষ্ঠ নেতাজনক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰা হয় ৷ তেওঁ হয়তো বাকী কাৰ্যসূচী বাতিল কৰিব ।

গাডকাৰীয়ে শিলিগুৰিৰ উত্তৰ মূৰত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে প্ৰস্তাৱিত ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীৰ মাজতে অস্বস্তি অনুভৱ কৰা বুলি প্ৰকাশ কৰে আৰু লগে লগে তেওঁ জিৰণি ল’বলৈ গ্ৰীণ ৰুমলৈ যায় (Nitin Gadkari falls sick during a program) ।

"তেওঁৰ তেজত চেনিৰ পেৰামিটাৰ হঠাতে কমি যোৱাৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসুস্থ হৈ পৰে । চিকিৎসকে তেওঁক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰে । দিনটোৰ শেষত তেওঁৰ আন এটা কাৰ্যসূচী আছে যদিও তেওঁ সেই কাৰ্যসূচী বাতিল কৰি পুনৰ দিল্লীলৈ উভতি যাব বুলি সম্ভাৱনা প্ৰকাশ পাইছে । বিজেপিৰ এজন নেতাই এই কথা জানিবলৈ দিয়ে (Nitin Gadkari health updates) ।

মঞ্চতে হঠাৎ অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

দলীয় সূত্ৰ অনুসৰি, ডাক্তৰৰ পৰামৰ্শ অনুসৰি চেলাইন দিয়া হৈছে । মন্ত্ৰীগৰাকীয়ে গ্ৰীণ ৰুমত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰে । তাৰ পিছত শিলিগুৰিৰ এজন চিকিৎসকক গ্ৰীণ ক’ৰিডৰৰ মাজেৰে তেওঁৰ কাষলৈ লৈ যোৱা হয় ।

পিছত দাৰ্জিলিঙৰ পৰা বিজেপিৰ সাংসদ ৰাজু বিস্তা নিতিনৰ সৈতে এখন গাড়ীৰে ঘৰলৈ ৰাওনা হয় । সাংসদগৰাকীৰ মাটিগৰাৰ ঘৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় । চিকিৎসকসকলো তেওঁলোকৰ লগত আছে । গাডকাৰীৰ শিলিগুৰি ভ্ৰমণ বিজেপিৰ পৰিকল্পনাৰ অংশ বুলি কোৱা হৈছে ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গেৰুৱা শিবিৰে গভীৰ আগ্ৰাসন কৰা উত্তৰ বংগত বৃহৎ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে দলটোৱে আগ্ৰহী ।

উল্লেখ্য যে, উত্তৰ বংগৰ শিলিগুৰি অঞ্চলত বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ১,২০৬ কোটি টকাৰ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে (National Highway projects in Bengal)। অহা ডিচেম্বৰ মাহৰ পৰা এই প্ৰকল্পসমূহৰ কাম আৰম্ভ হ'ব । অঞ্চলটোত ৫.১২ কিলোমিটাৰ দীঘল ছয় লেনযুক্ত পথ, ৩.৬ কিলোমিটাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব ৷ এই প্ৰকল্পসমূহে সংযোগ উন্নত কৰাত সহায় কৰিব ৷ দাৰ্জিলিং, ছিকিম আৰু ভূটানলৈ অহা-যোৱা কৰা যাত্ৰীসকলৰ সময় ৰাহি কৰিব । শীঘ্ৰে তিস্তা নদীৰ ওপৰত ১১০০ কোটি টকা ব্যয় সাপেক্ষে এখন দলং নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

পশ্চিমবংগ ভ্ৰমণলৈ যোৱা গাডকাৰীয়ে কয় যে, উত্তৰ বংগৰ আন্তঃগাঁথনিৰ উন্নয়ন অঞ্চলটোৰ পৰ্যটন উদ্যোগক উন্নীত কৰাৰ মূল ছাবিকাঠি । আন কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে বুলিও তেওঁ লগতে কয় । গাডকাৰীয়ে দিনটোৰ শেষৰ ফালে উত্তৰ দিনাজপুৰৰ ৰায়গাঞ্জত আৰু দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা ৷ ইয়াৰ উপৰিও পশ্চিম মেদিনীপুৰ জিলাৰ খড়গপুৰত আন চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা । কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে হয়তো এই অনুষ্ঠান বাতিল হ’ব ৷

লগতে পঢ়ক: BSF BGB Meet : সীমান্ত সুৰক্ষাত বিএছএফ আৰু বিজিবিৰ যুটীয়া প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.