Bharat Jodo Yatra: নিৰ্বাচন আহিলে বিজেপিৰ লগ লাগে এআইইউডিএফ: জীতেন্দ্ৰ সিং

author img

By

Published : Nov 17, 2022, 5:29 PM IST

Updated : Nov 17, 2022, 6:20 PM IST

Congress

অসমৰ ৰাজনীতিত এআইইউডিএফে (AIUDF) সুবিধাবাদৰ ৰাজনীতি কৰাৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ (AICC General Secretary Jitendra Singh) ।

গুৱাহাটী, ১৭ নৱেম্বৰ : অসমৰ ৰাজনীতিত এআইইউডিএফে (AIUDF) সুবিধাবাদৰ ৰাজনীতি কৰাৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ (AICC General Secretary Jitendra Singh) । গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে এই অভিযোগ কৰি কয় যে অসমত এতিয়া মহাজোঁটৰ চৰকাৰ চলি আছে (Jitendra Singh slammed AIUDF) ।

বিজেপি (BJP), অগপ (AGP) আৰু এআইইউডিএফৰ এই মহাজোঁট । তেওঁ কয়, "ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত এআইইউডিএফে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দি সহায় কৰি আহিছে । অসমৰ ৰাইজে এই তিনিটা দলক অসমৰ পৰা উৎখাত কৰাৰ সময় আহি পৰিছে ।" তেওঁ বিজেপি চৰকাৰৰ শাসনত অসমৰ কোনো উন্নয়ন সাধন হোৱা‌ নাই বুলি অভিযোগ কৰে । তেওঁ কয় যে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Union Transport Minister Nitin Gadkari) গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দুয়োকাষে এক্সপ্ৰেছ হাইৱে' (Express highway in bank of Brahmaputra) নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ।

Bharat Jodo Yatra : নিৰ্বাচন আহিলে বিজেপিৰ লগ লাগে এআইইউডিএফ: জীতেন্দ্ৰ সিং

কিন্তু আজিলৈকে এই হাইৱে'ৰ কোনো চিনমোকাম নাই । উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra) অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত উলিওৱা ভাৰত জোড়ো যাত্ৰা, অসমৰ পদযাত্ৰা বৃহস্পতিবাৰে গুৱাহাটীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হয় (congress Bharat Jodo Yatra Assam) । এই উপলক্ষে পদযাত্ৰাৰ আৰম্ভণিতে এখন ৰাজহুৱা সভা সোণাৰাম খেলপথাৰত অনুষ্ঠিত হয় ।

সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী, ছিকিম কংগ্ৰেছৰ সভাপতি গোপাল ছেত্ৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ৰকিবুল হুছেইন আদিয়ে‌‌ ভাষণ দিয়ে । সভাত ৰাইজৰ দলৰ হৈ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ভাষণ দিয়ে । উক্ত সভাত সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, আৰু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আদিও উপস্থিত থাকে (APCC meeting at sonaram play ground) ।

মন কৰিবলগীয়া যে ৰাইজৰ দলেও এই পদযাত্ৰাত সমৰ্থন জনায় । সভাৰ পিছত সোণাৰাম খেলপথাৰৰ পৰা মহানগৰীৰ মাজমজিয়াৰে চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰলৈ উলিওৱা হয় এই পদযাত্ৰা । শুকুৰবাৰে পুনৰ এই পদযাত্ৰা গুৱাহাটীৰ বোন্দা হৈ উজনি অসমলৈ যাত্ৰা কৰিব । উল্লেখযোগ্য যে ১৪ নৱেম্বৰ তাৰিখে বিয়লি কামৰূপ জিলাত পদযাত্ৰাৰ কাৰ্যসূচী সমাপ্ত হৈছিল আৰু ছয় জনগোষ্ঠীৰ ‘অসম বন্ধ’ৰ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ১৫ নৱেম্বৰত পদযাত্ৰা কাৰ্যসূচী স্থগিত ৰখা হৈছিল ।

১৬ নৱেম্বৰত কামৰূপৰ শিঙিমাৰীৰ পৰা পদযাত্ৰা আৰম্ভ কৰা হয় । সেয়া আহি আমিনগাঁৱৰ ৰাজীৱ ভৱনত সম্পন্ন হয় । উল্লেখ্য যে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা ১ নৱেম্বৰত ধুবুৰীৰ গোলকগঞ্জত আৰম্ভ কৰা পদযাত্রাই ইতিমধ্যে ধুবুৰী, বঙাইগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ জিলা অতিক্ৰম কৰিছে আৰু বিগত ১৫ দিনত প্ৰায় ১৬০ কিলোমিটাৰ বাট পদব্রজে অতিক্ৰম কৰিছে ।

এই “ভাৰত জোড়ো যাত্ৰা, অসম”-এ পর্যায়ক্রমে মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় হৈ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিব আৰু শদিয়াত এই যাত্ৰাৰ সামৰণি পৰিব ।

লগতে পঢ়ক :Nitin Gadkari falls sick: মঞ্চতে হঠাৎ অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

Last Updated :Nov 17, 2022, 6:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.