ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 11, 2022, 1:03 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Journalist killed in Jenin : ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত

জেনিনত ইজৰাইলী সেনাই চলোৱা এক অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে মৃত্যু ঘটে পেলেষ্টাইনৰ এগৰাকী সাংবাদিকৰ(Palestinian reporter killed during Israeli raid) । এই ঘটনাত জেৰুজালেমৰ আল-কুদছ নামৰ বাতৰি কাকতখনৰ আন এগৰাকী সাংবাদিকো আহত হয় ৷ পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, ইজৰাইলৰ পক্ষৰ পৰা চলোৱা গুলীত আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক কেইগৰাকী ।

National Technology Day : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছাবাণী

১৯৯৮ চনত পোখৰাণত ভাৰতে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল । যাৰ বাবে এই দিনটো দেশজুৰি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (National Technology Day) হিচাপে পালন কৰা হয় । এই দিৱসত প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে ।

গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

বুধবাৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav 2022) ৷ গুণোৎসৱৰ বাবে সম্পূৰ্ণৰূপে সাজু নগাঁও জিলা প্ৰশাসন ৷ যাৰ বাবে বৰ্তমান মুঠ ১৩,৮২২ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

ন্যায্য প্ৰাপ্তিৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদত উত্তাল হ’ল ৰঙাপৰা (Heated situation at Rangapara) ৷ চাহ শ্ৰমিকৰ প্ৰাপ্য বকেয়া তথা সমস্যা সমাধানৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘই ৰূপায়ণ কৰে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী (Tea workers protest at Rangapara) ৷ কেৱল প্ৰতিবাদ কৰাই নহয়, চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ সমস্যা শীঘ্ৰে সমাধান নকৰিলে বাগিচা বন্ধৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

সন্তান-পত্নীক ঘৰত এৰি আলফাত যোগদান কণ্ঠশিল্পীৰ

অসমৰ বহু যুৱক-যুৱতীয়ে এতিয়া যোগদান(Numbers of Assamese youth joined ULFA Independent) কৰা দেখা গৈছে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন) ত ৷ পুনৰ মৰাণৰ এজন যুৱকে সংগঠনটোত যোগদান কৰাৰ খবৰ পোৱা গৈছে ৷ যুৱকজন মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ বাসিন্দা তথা উদীয়মান কণ্ঠশিল্পী(Singer abhilesh bora joins ulfa independentent) ।

ঘগ্ৰাপাৰৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ মঙলবাৰে নিশা নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered in Nalbari) । নিশাৰ ভাগতে ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

Loudspeaker banned in Karnataka : নিশা 10 বজাৰ পৰা নিষিদ্ধ লাউড স্পীকাৰ

চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব (Loudspeaker shall not be used at night) লাউড স্পীকাৰ। শব্দ প্ৰদূষণ ৰোধৰ বাবে জাৰি এই বিশেষ নিৰ্দেশনা ।

ক'ভিডত আক্ৰান্ত বিল গেটছ

পৃথিৱীৰ অন্যতম প্ৰভাৱশালী ব্যক্তি বিল গেটছ ক'ভিডত আক্ৰান্ত হৈছে (Bill Gates tests Covid 19 positive) । সুস্থ নোহোৱালৈ আইচ'লেশ্যনত থাকিব বুলি টুইটযোগে জনাইছে গেটছে । ক'ভিড মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ সময়ত বিশ্বৰ বহু দেশলৈ বিল গেটছে বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াইছিল ।

ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ?

মঙলবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে (Assam Government led by Himanta Biswa Sarma completes one year) । ধুমধামেৰে পালন কৰা হ’ল ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কিন্তু চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ছাত্ৰ সমাজ ? চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই বিষয়ত কি কয়(Reaction of Dibrugarh university's students in One year completion of Assam government) ?

ফুলাম গামোচা আৰু জাপিৰে সজোৱা এখন ব্যতিক্ৰমি বিবাহথলী

নলবাৰী জিলাৰ মুকালমুৱা চতেমাৰীত এখন ব্যতিক্ৰমী বিবাহ (Unique marriage in Nalbari)। বিয়াৰ ৰভাথলীৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গোটেই ৰভাথলীৰ ভিতৰলৈকে সজোৱা হৈছে ফুলাম গামোচা আৰু ফুলাম জাপিৰে ৷ এনে ব্যতিক্ৰমি ৰূপত সজাই তোলা ৰভাথলীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.